ETV Bharat / briefs

চীনত ধৰা পৰিছে ছেৱাইন ফ্লু সদৃশ আন এটা ভাইৰাছ

author img

By

Published : Jul 2, 2020, 4:57 PM IST

G4
New swine flu type 'relatively common': China

চীনত নতুনকৈ ধৰা পৰা 'G4' নামৰ ভাইৰাছবিধ মহামাৰীৰ ৰূপত সংক্ৰমণ হোৱাৰ বাবে সক্ষম। সম্প্ৰতি নতুনকৈ ধৰা পৰা এই ভাইৰাছবিধৰ নমুনা সংগ্ৰহ কৰি গৱেষণা চলাই থকা হৈছে।

নিউজ ডেস্ক, ২ জুলাইঃ সমগ্ৰ বিশ্বই কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দি থকা সময়তে চীনত ধৰা পৰিছে 'ছেৱাইন ফ্লু' সদৃশ আন এটা ভাইৰাছ। যিটো ভাইৰাছ মহামাৰীৰ ৰূপত সংক্ৰমণ হোৱাৰ বাবে সক্ষম বুলি জানিব পৰা গৈছে । 'PNAS' নামে আমেৰিকাৰ এখন বাতৰি কাকতত সোমবাৰে এটা অধ্যয়নত এই বাতৰি প্ৰকাশ পাইছে । এই ভাইৰাছ বিধক 'G4' নাম দিয়া হৈছে । ভাইৰাছ বিধ ২০০৯ বৰ্ষত একপ্ৰকাৰ মহামাৰীৰ ৰূপ ধাৰণ কৰা 'H1N1' ভাইৰাছৰ আনুবংশিক বুলি ধাৰণা কৰা হৈছে ।

বুধবাৰে চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰই উল্লেখ কৰা অনুসৰি ইতিমধ্যে গৱেষণাৰ বাবে এই ভাইৰাছৰ নমুণা সংগ্ৰহ কৰা হৈছে । সম্প্ৰতি বিভাগীয় কৰ্তৃপক্ষ তথা বিশেষজ্ঞই এই সন্দৰ্ভত পৰ্যবেক্ষণ অব্যাহত ৰখাৰ লগতে পৰিস্থিতি সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছে ।

চীনত ধৰা পৰিছে ছেৱাইন ফ্লু সদৃশ আন এটা ভাইৰাছ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.