ETV Bharat / briefs

কৰিমগঞ্জত গ্ৰেপ্তাৰ ৩জন ডকাইত

author img

By

Published : May 3, 2019, 7:43 PM IST

কৰিমগঞ্জৰ নিলামবজাৰৰ বেডাজাল এলেকাত হাইলাকান্দি আৰক্ষীয়ে অভিযান চলায় গ্ৰেপ্তাৰ কৰে ৩জনকৈ ডকাইতক ৷ ১৬ জনীয়া ডকাইতৰ দলটোৱে আলগাপুৰৰ মোহনপুৰ এলাকাৰ কাইদূল আলম বৰভূঞাৰ ঘৰত ডকাইতি কৰিছিল ৷

কৰিমগঞ্জত গ্ৰেপ্তাৰ ৩জন ডকাইত

কৰিমগঞ্জ,৩মে' : শুকুৰবাৰে হাইলাকান্দি আৰক্ষীয়ে অভিযান চলায় গ্ৰেপ্তাৰ কৰে ৩জনকৈ ডকাইতক । কৰিমগঞ্জৰ নিলামবজাৰৰ বেডাজাল এলেকাত অভিযান চলায় গ্ৰেপ্তাৰ কৰে ডকাইতকেইজনক ।

কৰিমগঞ্জত গ্ৰেপ্তাৰ ৩জন ডকাইত

ঘটনা অনুসৰি,৬ এপ্ৰিলত হাইলাকান্দি জিলাৰ আলগাপুৰৰ মোহনপুৰ এলেকাৰ কাইদূল আলম বৰভূঞাৰ ঘৰত ডকাইতিৰ ঘটনা সংঘটিত হৈছিল । লোকজনৰ ঘৰৰ পৰা সোনৰ আ-অলংকাৰৰ লগতে প্ৰায় ৩০ লাখ টকা হৰলুটি কৰিছিল ডকাইতকেইজনে । ১৬ জনীয়া ডকাইতৰ দলটোৱে লোহাৰ চন্দুকৰ লগতে সোনৰ অলংকাৰৰ আৰু এটা মোবাইল ফোনো চুৰি কৰি লৈ গৈছিল । পাছত ডকাইত কেইজনে সেই মোবাইল ফোনটোত ছিম লগোৱাৰ লগে-লগে আলগাপুৰ আৰক্ষীয়ে নম্বৰ ট্ৰেক কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ডকাইতকেইজনক । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ডকাইতকেইজনক জেৰা কৰি জানিব পাৰে লোহাৰ চন্দুকটো কৰিমগঞ্জৰ বেডাজাল এলাকাত পেলাই থৈ যোৱাৰ কথা । সেই মৰ্মে শুকুৰবাৰে কৰিমগঞ্জ আৰক্ষীৰ লগতে আলগাপুৰ আৰক্ষী আৰু লালা আৰক্ষীয়ে পানী-মেটেকাৰ পৰা ক্ৰেন লগাই উদ্ধাৰ কৰে লোহাৰ চন্দুকটো ।

SLUG :: আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৩টা ডকাইত।


O/C :: কৰিমগঞ্জৰ নিলামবজাৰৰ বেডাজাল এলাকাত হাইলাকান্দি আৰক্ষীৰ বৃহৎ অভিযান । ঘাইপথৰ কাষত থকা নলাৰ পৰা ক্ৰেন দি উদ্ধাৰ লোহাৰ সিন্দুক । 


V/O :: ৬ এপ্ৰিল হাইলাকান্দি জিলাৰ আলগাপুৰৰ মোহনপুৰ এলাকাৰ কাইদূল আলম বৰভূঞাৰ ঘৰৰ পৰা সোনৰ আ অলংকাৰৰ লগতে প্ৰায় ৩০ লাখ টকা ডকাইতি কৰি লৈ যায় । ঘৰৰ গৰাকিৰ মূৰত বন্দুক টোৱাই তেখেতৰ ডিআই গাড়িদি সিন্দুক তুলি আনিছিল ডকাইতৰ দলে । গোট টোত ১৬ টাকৈ ডকাইত আছিল । লোহাৰ সিন্দুক , সোনৰ অলংকাৰৰ লগতে এটা মোবাইল ফোন চোৰ কৰি আনিছিল । সেই ফোনত ছিম সলনি কৰি লগোৱাৰ লগে লগে আলগাপুৰ আৰক্ষীয়ে লাভ কৰে টাৱাৰ লকেশন । সেই সূত্ৰধৰি যুৱা নিশা ৩টা কৈ ডকাইতক কৰায়ত্ব কৰে আলগাপুৰ আৰক্ষীয়ে । আৰক্ষীয়ে শোধাপোছাৰ অন্তত জানিব পাৰে লোহাৰ সিন্দুক কৰিমগঞ্জৰ বেডাজাল এলাকাত পেলাই থৈছিল । সেই মৰ্মে আজি বিয়লী কৰিমগঞ্জ আৰক্ষী আৰু আলগাপুৰ আৰক্ষী, লালা আৰক্ষীয়ে পানী মেটেকাৰ পৰা ক্ৰেন লগাই লোহাৰ সিন্দুক উদ্ধাৰ কৰে । অবশ্যে সিন্দুকটোৰ ভিতৰত নাছিল একৌ । 
         জানিবপৰা মতে কৰিমগঞ্জৰ কালীগঞ্জ আৰু নিলামবজাৰ এলাকাৰ কেইবাটাও ডকাইত আছে গোটটোত । গোটটোৰ আৰু অধিক ডকাইত এতিয়াও পলাতক থকাৰ বাবে ধৃত কেইজনৰ নাম আৰক্ষীয়ে সদৰি কৰা নাই 

byte :: SP Mahnees Misra
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.