ETV Bharat / briefs

অসম আৰক্ষী দিৱসৰ প্ৰাকক্ষণত বিশ্বনাথ আৰক্ষীৰ সফলতা

author img

By

Published : Sep 30, 2020, 10:40 PM IST

Heroine smuggler arrested
অসম আৰক্ষী দিৱসৰ প্ৰাকক্ষণত বিশ্বনাথ আৰক্ষীৰ সফলতা

অসম আৰক্ষী দিৱসৰ প্ৰাকক্ষণত বিশ্বনাথ আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক মুজাফৰ হুছেইনে চতিয়া আৰক্ষীৰ সহযোগত হেৰ’ইনসহ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি বিশ্বনাথ আৰক্ষীয়ে অধিক তথ্যৰ বাবে হেৰ’ইন সৰবৰাহকাৰী ফাৰুকক জেৰা অব্যাহত ৰাখিছে ৷

চতিয়া, ৩০ ছেপ্টেম্বৰ : বিশ্বনাথ আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা ৷ অসম আৰক্ষী দিৱসৰ প্ৰাকক্ষণত বিশ্বনাথ আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক মুজাফৰ হুছেইনে চতিয়া আৰক্ষীৰ সহযোগত হেৰ’ইনসহ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ এক গোপন সূত্ৰৰ পম খেদি বুধবাৰে বিশ্বনাথ জিলাৰ পশ্চিম সীমা দিকৰাই নদীৰ সমীপত আৰক্ষীয়ে তালাচী চলায় ৷ তালাচী অভিযানৰ সময়তে গুৱাহাটীৰ পৰা লক্ষীমপুৰ অভিমুখী কৰিস্মা নামৰ এখন যাত্ৰীবাহী বাছত এজন যুৱকৰ বেগত উদ্ধাৰ হয় হেৰ’ইনখিনি ৷

Heroine smuggler arrested
অসম আৰক্ষী দিৱসৰ প্ৰাকক্ষণত বিশ্বনাথ আৰক্ষীৰ সফলতা

নগাঁৱৰ চলচলিৰ ফাৰুক আহমেদে নগাঁৱৰ পৰা অৰুণাচলৰ বান্দৰদোৱালৈ সৰবৰাহ কৰি আনিছিল হিৰ’ইনখিনি ৷ যুৱকজনে এটা বেগৰ ভিতৰত দহটাকৈ প্লাষ্টিকৰ বক্সৰ ভিতৰত আনিছিল হেৰ’ইনখিনি ৷ ১২৬ গ্ৰাম হেৰ’ইনখিনি বজাৰ মূল্য প্ৰায় ৭-৮ লাখ টকাৰ হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে ৷ সম্প্ৰতি বিশ্বনাথ আৰক্ষীয়ে অধিক তথ্যৰ বাবে হেৰ’ইন সৰবৰাহকাৰী ফাৰুকক জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: SI কাণ্ডই জোকাৰিছে নলবাৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.