ETV Bharat / briefs

প্ৰশ্নকাকত কেলেংকাৰীঃ সাঙোৰ খাইছে অগপৰ যুৱ নেতাৰ নাম !

author img

By

Published : Sep 26, 2020, 4:04 PM IST

Assam police SI job Corruption
প্ৰশ্নকাকত কেলেংকাৰীঃ সাঙোৰ খাইছে অগপৰ যুৱ নেতাৰ নাম !

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ তদন্ত কৰিবলৈ গৈ চি আই ডিয়ে উদ্ঘাটন কৰিছে বহু নতুন নতুন তথ্য । প্ৰশ্নকাকত ফাদিলৰ পৰা আৰম্ভ কৰি চাকৰি দিয়াৰ নামত বিভিন্ন প্ৰাৰ্থীৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰালৈকে এই বৃহৎ চক্ৰটোত এনে একাংশ প্ৰভাৱশালী ৰাজনৈতিক লোক জড়িত হৈ থকাৰ তথ্য তদন্তকাৰী সংস্থাটোৱে লাভ কৰিছে, যিসমূহ ৰাজহুৱা কৰিবলৈ গৈও এখোজ আগুৱাই দুখোজ পিছুৱাব লগীয়া হৈছে চি আই ডি ।

গুৱাহাটী, ২৬ ছেপ্টেম্বৰঃ প্ৰাপ্ত তথ্য মতে, এই বৃহৎ চক্ৰটোৰ সৈতে সাঙোৰ খাই পৰিছে চৰকাৰৰ অংশীদাৰ দল অগপৰ এজন যুৱ নেতাৰ নামো । এইগৰাকী যুৱ নেতা আগন্তুক ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ সমষ্টিৰ দাবীদাৰ । দলটোৰ শীৰ্ষ নেতৃত্বৰ সৈতে অতি ওচৰ আৰু সুসম্পৰ্ক থকা এইগৰাকী যুৱনেতাৰ নাম ধৃত অভিযুক্তৰ কেইবাজনেও প্ৰকাশ কৰাত এতিয়া অগপৰ নেতৃত্ব যথেষ্ঠ অস্বস্তিত পৰিছে ।

Assam police SI job Corruption
প্ৰশ্নকাকত কেলেংকাৰীঃ সাঙোৰ খাইছে অগপৰ যুৱ নেতাৰ নাম !

অৱশ্যে দলটোৰ কোনো নেতাই এই প্ৰসংগত কৌশলগত কাৰণতে কোনো মন্তব্য কৰিব খোজা নাই । ইপিনে কেৱল অগপৰ যুৱ নেতাই নহয়, কেচু খান্দোতে সাপ ওলোৱাদি সাঙোৰ খাইছে আৰু বহুতৰে নাম ।

Assam police SI job Corruption
প্ৰশ্নকাকত কেলেংকাৰীঃ সাঙোৰ খাইছে অগপৰ যুৱ নেতাৰ নাম !

স্বয়ং মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰে এগৰাকী প্ৰভাৱশালী আৰু গুৰুত্বপূৰ্ণ বিষয়াৰ ভাতৃৰ নামো সাঙোৰ খোৱাত অস্বস্তিত পৰিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ো । এইগৰাকী বিষয়াৰ ভাতৃয়ে বিভিন্ন বিভাগত নিযুক্তি দিয়াৰ নামত ইয়াৰ পূৰ্বেও নামনি অসমৰ এখন জিলাত বিভিন্নজনৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উঠিছিল । এইবাৰ আৰক্ষীৰ চাকৰিৰ নামতো তেওঁ একে পন্থাকে গ্ৰহণ কৰিছিল বুলি তথ্য লাভ কৰিছে চি আই ডিয়ে ।

লগতে পঢ়ক: স্থান এৰি মান হেৰুৱালে যতীন বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.