Unemployment problem in Tripura: নিবনুৱা সমস্যা সমাধানৰ দাবীত আগৰতলাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Jul 19, 2022, 5:27 PM IST

Congress protest in Tripura

নিবনুৱা সমস্যা সমাধানৰ দাবীত ত্ৰিপুৰাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছে (Youth congress protest at Tripura)। প্ৰতিবাদত অংশগ্ৰহণ কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদিকা জাৰিতা লাইথফালাঙে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে । বিজেপি শাসিত ৰাজ্য চৰকাৰ সকলো ক্ষেত্ৰতে বিফল হৈছে বুলি অভিযোগ কৰে কংগ্ৰেছ নেতাসকলে ।

আগৰতলা,১৯ জুলাই : নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদিকা জাৰিতা লাইথফালাঙৰ বিস্ফোৰক মন্তব্য । এসময়ৰ 'চোনে কি চিড়িয়া' (সোণালী পক্ষী) হিচাপে পৰিচিত ভাৰত এতিয়া 'বেৰ'জগাৰী কি চিড়িয়া'(নিবনুৱা পক্ষী) বুলি জনা যায় । প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত আয়োজিত এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে ত্ৰিপুৰাৰ নিবনুৱা সমস্যা সমাধানৰ দাবীত আগৰতলাত যুৱ কংগ্ৰেছে এক গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে (Congress demands solution to unemployment problem in Tripura)। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি দেশৰ বৰ্তমানৰ নিবনুৱা সমস্যাক লৈ ক্ষোভিত হৈ পৰে নেত্ৰীগৰাকী (Szarita Laitphalng joins protest in Tripura)।

Congress protest in Tripura
নিবনুৱা সমস্যা সমাধানৰ দাবীত আগৰতলাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

কংগ্ৰেছ নেত্ৰীগৰাকীৰ মতে কেৱল ত্ৰিপুৰাতে নহয় সমগ্ৰ দেশতে বিজেপিয়ে যুৱক-যুৱতীসকলৰ ক্ষেত্ৰত প্ৰতাৰণ কৰিছে (Szarita Laitphalng criticized BJP)। কংগ্ৰেছ সদায় নিবনুৱা যুৱক-যুৱতীসকলৰ সৈতে আছে । আগন্তুক দিনতো কংগ্ৰেছ দেশ আৰু ত্ৰিপুৰাৰ যুৱক-যুৱতীসকলৰ সৈতে থাকিব বুলি প্ৰতিশ্ৰুতি দিয়ে নেত্ৰীগৰাকীয়ে ।

প্ৰতিবাদত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছ নেতা সমীৰ ৰঞ্জন বৰ্মনেও যোগদান কৰে আৰু বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি দাবী কৰে যে চৰকাৰ প্ৰতিটো দিশতে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । যুৱ কংগ্ৰেছৰ ৭২ ঘণ্টীয়া প্ৰতিবাদত অংশ গ্ৰহণ কৰি সমীৰ বৰ্মনে অভিযোগ কৰে যে ৰাজ্যখনত আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিছে, নিবনুৱা সমস্যা সমাধান হোৱা নাই, দৰিদ্ৰ লোকে খোৱাপানী, খাদ্য সংকটত আছে । পূৰ্বে কেতিয়াও ৰাজ্যখনত এনে পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল বুলি তেওঁ অভিযোগ কৰে ।

Congress protest in Tripura
নিবনুৱা সমস্যা সমাধানৰ দাবীত আগৰতলাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

আনহাতে বিজেপিৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা আশীষ কুমাৰ সাহাই দাবী কৰে যে সমগ্ৰ দেশতে শাসকীয় বিজেপিয়ে নিবনুৱা যুৱকসকলৰ জীৱনক লৈ হেতালি খেলিছে । যুৱক-যুৱতীসকল আজি লক্ষ্যহীন, দিশহাৰা আৰু ড্ৰাগছৰ আসক্ত হৈ পৰিছে যাৰ ফলত আইন-শৃংখলাৰ অৱনতি ঘটিছে বুলি নেতাগৰাকীয়ে বিজেপিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে । যোৱা চাৰি বছৰ ধৰি বিজেপিৰ জুমলা চৰকাৰে তেওঁলোকক মাত্ৰ ভুৱা আৰু মিছা প্ৰতিশ্ৰুতি দিছে বুলিও তেওঁ বিজেপিক সমালোচনা কৰে । যদি চৰকাৰে দাবী পূৰণ কৰাত ব্যৰ্থ হয় তেন্তে যুৱ কংগ্ৰেছে আগন্তুক দিনত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও তেওঁ হুংকাৰ দিয়ে ।

লগতে পঢ়ক :Sikkim Police Jawan Firing: আৰক্ষীৰ গুলীত নিহত হ’ল তিনিজন আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.