ETV Bharat / bharat

Younger brother kills elder: জ্যেষ্ঠ ভাতৃক শিৰচ্ছেদ কৰিলে কনিষ্ঠ ভাতৃয়ে

author img

By

Published : Aug 8, 2023, 10:33 PM IST

Younger brother kills elder
জ্যেষ্ঠ ভাতৃক শিৰচ্ছেদ কৰিলে কনিষ্ঠ ভাতৃয়ে

পশ্চিমবংগৰ দাৰ্জিলিঙত নৃশংস হত্যাকাণ্ড ৷ জ্যেষ্ঠ ভাতৃক কুঠাৰেৰে মূৰ কাটি হত্যা কৰিলে কনিষ্ঠ ভাতৃয়ে ৷ কনিষ্ঠ ভাতৃৰ ধন চুৰি কৰি সুৰা সেৱন কৰাৰ অভিযোগ জ্যেষ্ঠ ভাতৃৰ বিৰুদ্ধে ৷ সম্প্ৰতি আৰক্ষীৰ জিম্মাত কনিষ্ঠ ভাতৃ ৷

নিউজ ডেস্ক, ৮ আগষ্ট: পশ্চিমবংগৰ দাৰ্জিলিঙত সোমবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ জ্যেষ্ঠ ভাতৃক সুৰামত্ত অৱস্থাত শিৰচ্ছেদ কৰে তেওঁৰেই কনিষ্ঠ ভাতৃয়ে ৷ জ্যেষ্ঠ ভাতৃৰ মুণ্ডচ্ছেদতেই ক্ষান্ত নাথাকি তেওঁ শৰীৰতো নৃশংসভাৱে কুঠাৰাঘাত কৰে কনিষ্ঠ ভাতৃয়ে ৷ দাৰ্জিলিং জিলাৰ খাৰিবাৰী ব্লকৰ দেৱানভিটা গাঁৱত সংঘটিত হয় এই ভয়ংকৰ ঘটনা । এই ঘটনা সমগ্ৰ অঞ্চলটোত বিয়পি পৰাৰ পাচতেই অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ আতংকৰ ৷

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত লোকজন কৃষ্ণকান্ত মণ্ডল আৰু অভিযুক্ত কনিষ্ঠ ভাতৃৰ নাম ৰামানন্দ মণ্ডল । স্থানীয় সূত্ৰই জনোৱা মতে, দুয়ো ভাতৃয়ে শ্ৰমিক হিচাপে কৰ্মৰত । জ্যেষ্ঠ ভাতৃ কৃষ্ণকান্তই সোমবাৰে নিশা কাকো নোকোৱাকৈয়ে কনিষ্ঠ ভাতৃৰ ধন চুৰি কৰি সুৰা সেৱন কৰাৰ অভিযোগ উত্থাপন হৈছে । মাজনিশা মদ্যপান কৰি ঘৰলৈ উভতি অহাৰ পাচত দুয়ো ভাতৃৰ মাজত ধন চুৰি কৰাক লৈ কাজিয়াৰ সূত্ৰপাত হয় । অভিযোগ অনুসৰি, সেই সময়ত ৰামানন্দই চোতালৰ কাষৰ পৰা কাঠ কটা কুঠাৰ লৈ জ্যেষ্ঠ ভাতৃৰ মূৰটো কাটি পেলায় ৷

এই ঘটনাত থিতাতে মৃত্যু হয় জ্যেষ্ঠ ভাতৃৰ । এই ঘটনাৰ তথ্য লাভ কৰাৰ পাচতেই ঘটনাস্থলীত খৰিবাৰী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হয় । আৰক্ষীয়ে নিশাই মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে উত্তৰ বংগ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে । খৰিবাৰী আৰক্ষীয়ে লগতে অভিযুক্ত কনিষ্ঠ ভাতৃকো গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰে । মঙলবাৰে অভিযুক্ত কনিষ্ঠ ভাতৃৃক শিলিগুড়ি মহকুমা আদালতত হাজিৰ কৰোৱা হয় ৷ শিলিগুড়ি মহকুমা আদালতে অভিযুক্তক দুদিনীয়াকৈ আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: Father shots son: পিতৃৰ অসৎ অভিপ্ৰায় সিদ্ধি কৰিবলৈ বাধা দিয়াৰ বাবে গুলীয়ালে পুত্ৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.