ETV Bharat / bharat

Domestic Violence : তৃতীয় লিংগৰ সৈতে বিয়াত বহি বিপদত পাটনাৰ যুৱক !

author img

By

Published : Jul 25, 2023, 6:11 PM IST

Domestic Violence
তৃতীয় লিংগৰ সৈতে বিয়াত বহি বিপদত পাটনাৰ যুৱক

প্ৰথমে ইনষ্টাগ্ৰামত চিনাকী আৰু পাছত প্ৰেম । বিবাহ পাশত আৱদ্ধ হ'ল এজন যুৱক আৰু তৃতীয় লিংগৰ ব্যক্তি । পিছে বিয়া পাতি সুখী হ'ব পৰা নাই তেওঁলোক । পৰিয়ালৰ অত্যাচাৰৰ সন্মুখীন দম্পতীটো । অৱশেষত ন্যায় বিচাৰি কাষ চাপিল আৰক্ষীৰ ।

নেশ্যনেল ডেস্ক,২৫ জুলাই : বিহাৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । তৃতীয় লিংগৰ ব্যক্তিৰ সৈতে বিয়া পাতি বিপদত পৰিছে এজন যুৱক । বিবাহৰ পাছতে তৃতীয় লিংগৰ ব্যক্তি আৰু যুৱকজনক হত্যাৰ ভাবুকি দিছে পৰিয়ালে । আনহাতে তৃতীয় লিংগৰ বোৱাৰীৰ পৰা ৬০ লাখ টকাৰ যৌতুকো বিচাৰিছে যুৱকজনৰ পৰিয়ালৰ লোকে ।

ৰাজধানী চহৰ পাটনাত সংঘটিত হৈছে এই ঘটনা । তৃতীয় লিংগৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাটোৱে ভুল হ'ল যুৱকজনৰ । বিয়াৰ পাছতে পৰিয়ালৰ লোকসকলে তেওঁক প্ৰহাৰ কৰিছে আৰু তেওঁক ঘৰৰ পৰা বাহিৰ কৰি দিছে । একে সময়তে, যুৱকজনক হত্যা কৰাৰ ভাবুকিও দিছে পৰিয়ালৰ লোকে । ভুক্তভোগী ৰবি কুমাৰ নামৰ যুৱকজনে তেওঁৰ পিতৃ-মাতৃ আৰু জ্যেষ্ঠ ভাতৃৰ বিৰুদ্ধে স্থানীয় আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিছে আৰু ন্যায় বিচাৰিছে ।

জানিব পৰা মতে দানাপুৰৰ আৰ্য সমাজ ৰোডৰ এছ কে পুৰম লেন নং ৯ৰ লাল মুনি এনক্লেভৰ বাসিন্দা ৰবি কুমাৰে তেওঁৰ পিতৃ-মাতৃ আৰু জ্যেষ্ঠ ভাতৃৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিছে । ৰবিয়ে লিখিত আবেদনত কৈছে যে দুবছৰ পূৰ্বে ইনষ্টাগ্ৰামত কথা পাতি থাকোতে তেওঁ দৰভাঙ্গাৰ তৃতীয় লিংগৰ অধিকা চৌধুৰী সিঙৰ প্ৰেমত পৰিছিল আৰু তাৰ পাছত দুয়োজনে ফোনত কথা পাতিবলৈ আৰম্ভ কৰে । পাছত তেওঁলোকৰ মাজত এই সম্পৰ্ক আৰু বেছি গভীৰ হৈ পৰে ।

ভুক্তভোগীয়ে আবেদনত লিখিছে যে দুয়ো পাটনাৰ এখন হোটেলত লগ হৈছিল আৰু তৃতীয় লিংগৰ অধিকাই ঘৰলৈও আহিছিল । অধিকা চৌধুৰীৰ প্ৰেমত পৰি তেওঁলোকে ২০২৩ চনৰ ২৫ জুনত এটা মন্দিৰত বিবাহ পাশত আৱদ্ধ হয় । বিবাহৰ পাছত ৰবি কুমাৰে পত্নী অধিকাক লৈ ঘৰলৈ যায় । কিন্তু তেতিয়া পিতৃ, মাতৃ আৰু জ্যেষ্ঠ ভাতৃয়ে যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ কৰিছে । লগতে তেওঁলোকক ঘৰৰ পৰা বাহিৰ কৰি দিয়া বুলিও যুৱকজনে অভিযোগ উত্থাপন কৰে । একে সময়তে, ভুক্তভোগী অধিকাই কয় যে তেওঁৰ শহুৰেকে তেওঁৰ পৰা ৬০ লাখ টকাৰ যৌতুক দাবী কৰিছে আৰু তেওঁক মৃত্যুৰো ভাবুকি দিছে ।

ৰবি কুমাৰে অভিযোগ কৰা মতে তেওঁক মিছা গোচৰত জড়িত কৰাৰ ভাবুকি দিছে । লগতে তেওঁক আৰু পত্নীক হত্যাৰ ভাবুকি দিছে । পৰিয়ালে পত্নী আৰু তেওঁক অপহৰণ কৰি হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি ৰবিয়ে অভিযোগ কৰিছে । ভুক্তভোগী ৰবি কুমাৰৰ মতে তেওঁৰ পৰিয়ালে এই বিবাহ গ্ৰহণ কৰা নাই ।

ভুক্তভোগী দম্পতীয়ে অভিযোগ কৰা মতে যোৱা ১৩ জুলাইত বাইকত অহা দুৰ্বৃত্তই তেওঁলোকক হত্যাৰ চেষ্টা কৰিছিল । অৱশ্যে কোনোমতে তেওঁলোকে প্ৰাণ ৰক্ষা কৰি পলায়ন কৰিছে । যুৱকজনে অভিযোগ কৰা মতে তেওঁ পৰিয়ালৰ লোকসকলে পত্নীক কিন্নৰ বুলি কৈও বাৰে বাৰে অপমানিত কৰিছে । দানাপুৰ আৰক্ষীয়ে জনোৱা মতে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছে ।

লগতে পঢ়ক :Golaghat tripple Murder: হত্যাকাৰীৰ ফাঁচীৰ দাবীত উত্তপ্ত গোলাঘাট; CID ৰ দল উপস্থিত গোলাঘাটত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.