ETV Bharat / bharat

ট্ৰাউজাৰৰ পকেটত মোবাইল বিস্ফোৰণ হৈ যুৱক আঘাতপ্ৰাপ্ত

author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 11:01 AM IST

Mobile phone exploded : কৰ্ণাটকৰ হোৱাইটফীল্ডত ট্ৰাউজাৰৰ পকেটত মোবাইল ফোন বিস্ফোৰণৰ ফলত এজন যুৱকে উৰুত আঘাতপ্ৰাপ্ত হয় ৷ যোৱা অক্টোবৰ মাহত লোকজনে মোবাইলটো ক্ৰয় কৰিছিল লোকজনে ৷

young man injured
ট্ৰাউজাৰৰ পকেটত মোবাইল বিস্ফোৰণ হৈ যুৱক আঘাতপ্ৰাপ্ত

নেশ্যনেল ডেস্ক, 4 জানুৱাৰী : মোবাইল ফোন ব্যৱহাৰ কৰোঁতে সাৱধান হওক ৷ বুধবাৰে ট্ৰাউজাৰৰ পকেটত মোবাইল ফোন বিস্ফোৰণৰ ফলত এজন যুৱকে উৰুত আঘাতপ্ৰাপ্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ আহত লোকজন কৰ্ণাটকৰ হোৱাইটফীল্ডৰ বাসিন্দা প্ৰসাদ বুলি জানিব পৰা গৈছে । জানিব পৰামতে, যোৱা অক্টোবৰ মাহত লোকজনে মোবাইলটো ক্ৰয় কৰিছিল ৷

লোকজনে বাইক চলাই থাকোঁতে তেওঁৰ পকেটত ৰখা মোবাইল ফোনটো হঠাতে বিস্ফোৰিত হয় । ফলত প্ৰসাদে উৰুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ লগে লগে আহত প্ৰসাদক চিকিৎসালয়ত চিকিৎসাধীন কৰা হয় ৷ তাৰ পিচতে চিকিৎসকে জনোৱা অনুসৰি, যুৱকজনৰ অস্ত্ৰোপচাৰৰ বাবে লাখ লাখ টকা ব্যয় হ'ব ৷ এই কথা প্ৰসাদৰ পৰিয়ালে বিমোৰত পৰে ৷

ইফালে মোবাইল ফোন বিস্ফোৰণৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে মোবাইল ফোনটো ক্ৰয় কৰা শ্ব’ৰুম কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হয় ৷ লগে লগে কৰ্তৃপক্ষই প্ৰসাদৰ চিকিৎসা ব্যয়ৰ সৈতে মোবাইলটোৰ টকা পৰিশোধ কৰিব বুলি পৰিয়ালটোক আশ্বস্ত কৰে । চিকিৎসকসকলে কোৱা অনুসৰি যুৱকজনৰ অস্ত্ৰোপচাৰত প্ৰায় 4 লাখ টকা ব্যয় হ'ব ।

ইতিমধ্যে যুৱকজনৰ পৰিয়ালৰ লোকে শ্ব’ৰুমৰ কৰ্তৃপক্ষক চিকিৎসাৰ সম্পূৰ্ণ বিল পৰিশোধ কৰিবলৈ জোৰ দিছে ৷ হোৱাইটফীল্ডৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল প্ৰসাদ নামৰ যুৱকজন ৷ প্ৰসাদ ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল ৷ প্ৰসাদৰ এই অৱস্থা দেখি পৰিয়ালৰ লোকে যথেষ্ট বিমোৰত পৰে ৷ প্ৰসাদে উপাৰ্জন নকৰিলে পৰিয়ালটোৱে আৰ্থিক নাটনিৰ সন্মুখীন হ’ব ৷ ফলত উপায়হীন হৈ পৰিয়ালটোৱে শ্ব’ৰুমৰ কৰ্তৃপক্ষক চিকিৎসাৰ সকলো ব্যয় বহন কৰিবলৈ দাবী কৰিছে ৷ পৰিয়ালটোৰ হাতত প্ৰসাদৰ চিকিৎসাৰ বাবে ব্যয় কৰিবলৈ ইমান পৰিমাণৰ ধন নাই ৷

লগতে পঢ়ক: ই ডিৰ চমন এৰাই চলাৰ বাবে বিপদত পৰিব নেকি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.