ETV Bharat / bharat

উত্তৰ প্ৰদেশত ৬ মে' লৈ বৃদ্ধি লক ডাউন

author img

By

Published : May 3, 2021, 5:39 PM IST

কৰ’ণা ভাইৰাছ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশ চৰকাৰে ৬ মে' লৈ বৃদ্ধি কৰে আংশিক লক ডাউন । এই সময়ছোৱাত সকলো দোকান আৰু বজাৰ বন্ধ থাকিব ৷ কিন্তু পাচলি, গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰা বিপণীসমূহ খোলা থাকিব ৷

yogi-government-extended-corona-curfew-for-two-days
উত্তৰ প্ৰদেশত ৬ মে' লৈ বৃদ্ধি

নেচনেল ডেস্ক, 3 মে': কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশ চৰকাৰে জাৰি কৰিছিল আংশিক লক ডাউন ৷ মঙলবাৰে পুৱা নিষেধাজ্ঞাবোৰ উঠাই লোৱাৰ কথা আছিল যদিও চৰকাৰে ৬ মে' লৈ বৃদ্ধি কৰে এই আংশিক লক ডাউন । চৰকাৰী মুখপাত্ৰই প্ৰকাশ কৰা অনুসৰি এই সময়চোৱাত সকলো দোকান-বজাৰ বন্ধ থাকিব ৷ কিন্তু পাচলি, গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ বিপণীসমূহ খোলা ৰাখিব পাৰিব ৷ ৰাজহুৱা আৰু ব্যক্তিগত পৰিবহণৰ চলাচল নিষিদ্ধ হৈ থাকিব ।

লগতে ঔষধৰ দোকান, গেছ সংস্থা আৰু পেট্ৰ'ল পাম্প খোলা থাকিব । স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি দেওবাৰৰ দিনটোত ৰাজ্যখনত নতুনকৈ ক’ভিড-19 আক্ৰান্ত হৈছে 30,983 গৰাকী আৰু মৃত্যু হৈছে 290 গৰাকীকৈ ক’ভিড আক্ৰান্ত লোকৰ ৷ এক স্বাস্থ্য বুলেটিন অনুসৰি ৰাজ্যখনত বৰ্তমান 2.96 লাখ ক’ভিডৰ সক্ৰিয় ঘটনা আছে । মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ক্ষেত্ৰত ব্যৱসায়ীসকলৰ সৈতে হোৱা বাৰ্তালাপত দেশখন তচনচ কৰি পেলোৱা কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত তেওঁলোকে সক্ৰিয় অৱদান আগবঢ়োৱা উচিত মন্তব্য কৰে ।

লগতে পঢ়ক : নিৰ্বাচনৰ ফলাফলক লৈ সন্তুষ্ট প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.