ETV Bharat / bharat

Uzma Parveen controversial post : যোগী আদিত্যনাথক মাফিয়া, ধৰ্ষণকাৰী আখ্যা উজমা পাৰবীনৰ

author img

By

Published : Jul 31, 2023, 10:11 AM IST

প্ৰায়ে বিতৰ্কত থকা এআইএমআইএমৰ নেত্ৰী উজমা পাৰবীনৰ পুনৰ বিস্ফোৰণ । মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক মাফিয়া, ধৰ্ষণকাৰী বুলি সমালোচনা কৰিলে পাৰবীনে । চাইবাৰ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ ।

Uzma Parveen controversial post
যোগী আদিত্যনাথক মাফিয়া, ধৰ্ষণকাৰী আখ্যা উজমা পাৰবীনৰ

নেশ্যনেল ডেস্ক,৩১ জুলাই : পুনৰ বিতৰ্কত অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমিনৰ নেত্ৰী উজমা পাৰবীন । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক মাফিয়া, ধৰ্ষণকাৰী আৰু হিংসাৰ প্ৰৰোচক আখ্যা দি বিপদত বিতৰ্কিত নেত্ৰীগৰাকী । সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত উজমা পাৰবীনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । চাইবাৰ অপৰাধ আৰক্ষী থানাত ৰুজু হৈছে গোচৰটো । লক্ষ্ণৌ পশ্চিম বিধানসভা আসনৰ পৰা এআইএমআইএমৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল উজমা পাৰবীনে ।

  • जिस तरह के हादसे हो रहे हैं देश के अंदर और इंसाफ न्याय मिलने की उम्मीद नहीं तो अब हर महिला को शस्त्र उठाना होगा 🇮🇳💪💪💪 pic.twitter.com/DySwGvH20Y

    — Sayyad Uzma Parveen (@UzmaParveenLKO) July 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

চাইবাৰ অপৰাধ আৰক্ষী থানাত নিযুক্ত হেড কনিষ্টবল সুবোধ কুমাৰ পাণ্ডেয়ে এখন এজাহাৰ দাখিল কৰি কয় যে এই সন্দৰ্ভত আইজি আইন-শৃংখলাৰ দ্বাৰা এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল । পত্ৰখন অনুসৰি উজমা পাৰবীনে সামাজিক মাধ্যমৰ প্লেটফৰ্ম টুইটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছে । এজাহাৰত উল্লেখ কৰা মতে উজমা পাৰবীনে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী যোগীক মাফিয়া, ধৰ্ষণকাৰী আৰু হিংসাৰ প্ৰৰোচক বুলি বৰ্ণনা কৰিছে । কেৱল এয়াই নহয় তেওঁ বিৰুদ্ধে নিজে অস্ত্ৰ তুলি লোৱাৰে ভাবুকি প্ৰদান কৰে ।

উল্লেখ্য যে, লক্ষ্ণৌৰ বাসিন্দা উজমা পাৰবীন প্ৰায়ে তেওঁৰ বিতৰ্কিত মন্তব্য আৰু কামৰ বাবে চৰ্চাত থাকে । এআইএমআইএমৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা উজমা পাৰবীনে শেহতীয়াকৈ বিধান সভাৰ সন্মুখত ৰাস্তাত নামাজ পঢ়ি থকা এখন ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল । ৰাস্তাত নামাজ পঢ়াত বাধা প্ৰদান কৰিবলৈ তেওঁ আৰক্ষী আৰু চৰকাৰক প্ৰত্যাহ্বানো জনাইছিল । যাৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ।

আৰক্ষীয়ে তদন্তৰ সময়ত স্পষ্ট কৰিছিল যে সেই ফটোখন বিধানসভাৰ সন্মুখত নাছিল । ফটোখন এটা মেট্ৰ' ষ্টেচনৰ বাহিৰৰ হে আছিল । ইফালে কা' আৰু এন আৰ চিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সময়তো ঠাকুৰগঞ্জ আৰক্ষী থানাত উজমা পাৰবীনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল ।

লগতে পঢ়ক :Lalu slams Modi: সংবিধান উফৰাই পেলাবলৈ বিচৰা মোদীৰ পৰিকল্পনা বিফল কৰিবলৈ স্থিতপ্ৰজ্ঞ লালু প্ৰসাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.