ETV Bharat / bharat

Kalesar National Park : ১১০ বছৰৰ অন্তত কালেশৰ ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ বিচৰণ

author img

By

Published : Apr 28, 2023, 8:58 PM IST

হাৰিয়ানাৰ কালেশৰ ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকী বাঘ প্ৰত্যক্ষ কৰা গৈছে (Bengal tiger seen in Kalesar National Park)। উদ্যানত সংস্থাপন কৰা কেমেৰাত বন্দী হৈছে বাঘৰ দৃশ্য । উদ্যানত শেষবাৰৰ বাবে ১৯১৩ চনত বাঘ দেখা গৈছে ।

Kalesar National Park
১১০ বছৰৰ অন্তত বাঘৰ বিচৰণ

নেশ্যনেল ডেস্ক,২৮ এপ্ৰিল : সুদীৰ্ঘ ১১০ বছৰৰ অন্তত হাৰিয়ানাৰ উত্তৰ প্ৰান্তত অৱস্থিত যমুনানগৰৰ কালেশৰ ৰাষ্ট্ৰীয় উদ্যানত বাঘ প্ৰত্যক্ষ কৰা হয় (Bengal Tiger seen after 110 years)। ইয়াৰ পূৰ্বে ১৯১৩ চনত শেষবাৰৰ বাবে কালেশৰ পাৰ্কত বাঘ দেখা পোৱা গৈছিল (Bengal Tiger seen after 1913)।

১৮ এপ্ৰিলৰ নিশা প্ৰায় ১১.৪৫ বজাত আৰু ১৯ এপ্ৰিলৰ পুৱা ২.৪৬ বজাত বনাঞ্চলত স্থাপন কৰা ফ্লেছ আৰু ক্লিক কেমেৰাত বাঘৰ দৃশ্য বন্দী হৈছে । কেমেৰাৰ ফুটেজত বাঘটো প্ৰত্যক্ষ কৰাৰ লগে লগে বনকৰ্মীসকলে শীৰ্ষ কৰ্তৃপক্ষক অৱগত কৰিছে । তাৰ পাচতে বাঘটোৰ দুখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে (Bengal Tiger photo viral)।

অৱশ্যে সামাজিক মাধ্যমত একাংশ লোকে বাঘটোৰ ফটোখনক উৰাবাতৰি বুলি অভিহিত কৰিছে (Kalesar National Park tiger photo)। কিন্তু বৃহস্পতিবাৰে সন্ধিয়া হাৰিয়ানাৰ বনমন্ত্ৰী কানৱাৰ পাল গুৰ্জাৰে তেওঁৰ সামাজিক মাধ্যমত এই ফটোবোৰ শ্বেয়াৰ কৰে । বন মন্ত্ৰী কানৱাৰ পালে আনন্দ প্ৰকাশ কৰি কয় যে বন্য জন্তুবোৰক প্ৰাকৃতিকভাৱে সুৰক্ষা প্ৰদান কৰা সকলোৰে দায়িত্ব ।

বনমন্ত্ৰীগৰাকীয়ে কয় যে, ১১০ বছৰৰ পাছত হাৰিয়ানাৰ এই ৰাষ্ট্ৰীয় উদ্যানখনত বাঘৰ বিচৰণ প্ৰত্যক্ষ কৰাটো অতি গৌৰৱৰ বিষয় । মন্ত্ৰী কানৱাৰপাল গুৰ্জাৰে লগতে কয় যে ই পৰ্যটনৰ বাবেও আশাৰ ৰেঙনি (Haryana forest minister tweet)। তেওঁ উল্লেখ কৰা মতে পৰ্যটনৰ উন্নয়নৰ বাবে হাথিনিকুণ্ডত এখন উদ্যানও নিৰ্মাণ কৰা হৈছে ।

উল্লেখ্য যে, যমুনানগৰ কালেশৰ ৰাষ্ট্ৰীয় উদ্যান উত্তৰাখণ্ডৰ জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংযুক্ত । ইফালে ১১০ বছৰৰ অন্তত কালেশৰ ৰাষ্ট্ৰীয় উদ্যানত বাঘ প্ৰত্যক্ষ কৰাৰ লগে লগে ৰাজ্যৰ চৌদিশে উৎসাহ দেখিবলৈ পোৱা গৈছে । অৱশ্যে ইয়াৰ ওচৰত থকা জনবসতিপূৰ্ণ অঞ্চলতোৰ ৰাইজ কিছু পৰিমাণে শংকিত হৈছে । সন্দেহ কৰা হৈছে যে, এই বাঘটো উত্তৰাখণ্ডৰ কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানৰ পৰাও ওলাই আহিব পাৰে । লক্ষণীয়ভাৱে ক'ভিডৰ পাছৰে পৰা কালেশৰ ৰাষ্ট্ৰীয় উদ্যানৰ জংঘল চাফাৰী বন্ধ হৈ আছে ।

লগতে পঢ়ক :Section 144 imposed in Manipur : মণিপুৰত সান্ধ্য আইন জাৰি, ইণ্টাৰনেট কৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.