ETV Bharat / bharat

এসময়ত ৰামায়ণ-মহাভাৰত চাবলৈ হৈছিল ভিৰ; আজিও সজীৱ হৈ আছে ৫০ বছৰীয়া টিভিৰ স্মৃতি

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 1:19 PM IST

Updated : Nov 21, 2023, 3:52 PM IST

World Television Day: আজি বিশ্ব টেলিভিছন দিৱস । ৮০ আৰু ৯০ দশকত টিভিৰ বহু সম্প্ৰসাৰণ ঘটিছিল । পাটনাৰ নিবাসী চলচ্চিত্ৰ সমালোচক বিনোদ অনুপমে আজিও সাঁচি ৰাখিছে নিজৰ ৫০ বছৰীয়া পুৰণি টেলিভিছন । সেই সময়ছোৱাৰ স্মৃতি সুঁৱৰি কি ক’লে চলচ্চিত্ৰ সমালোচক গৰাকীয়ে জানো আহক ।

World Television Day
বিশ্ব টেলিভিছন দিৱস

চলচ্চিত্ৰ সমালোচক বিনোদ অনুপম

নেশ্যনেল ডেস্ক, 21 নৱেম্বৰ: টিভি, আজিও বহুলোক আছে যাৰ টেলিভিছনৰ সৈতে বহুতো স্মৃতি জড়িত হৈ আছে ৷ পুৱা উঠিয়েই একাপ চাহৰ সৈতে দুৰদৰ্শনত মহাভাৰত, ৰামায়ণ চোৱা লগতে দেওবাৰে পুৰণি চিনেমাবোৰ পঢ়া-শুনা সাং কৰি শিশুসকলে বিভিন্ন শিশুকেন্দ্ৰিক অনুষ্ঠানসমূহ উপভোগ কৰা মুঠতে টিভিৰ সৈতে আজিও জড়িত হৈ আছে বহুতৰে আৱেগ ৷

বৰ্তমান সময়ত টেলিভিছন প্ৰযুক্তিৰ এই যুগত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে ৷ বৰ্তমান সময়ত 4K প্ৰযুক্তিৰ চৰ্চা চলিছে আৰু যিকোনো চেনেল টিউন কৰাটো এটা মুহূৰ্তৰ খেললৈ পৰিণত হৈছে ৷ এটা সময় আছিল যেতিয়া মানুহে টেলিভিছনৰ মালিক হ’বলৈ কৰ দিবলগীয়া হৈছিল ৷

World Television Day
বিশ্ব টেলিভিছন দিৱস

৮০ আৰু ৯০ দশকত টিভিৰ সম্প্ৰসাৰণ: প্ৰযুক্তিয়ে পৃথিৱীখন সলনি কৰি পেলাইছে ৷ প্ৰতিখন হাতত মোবাইল আছে আৰু 5G ৰ সহায়ত মানুহে সহজে ক্ষন্তেকতে যিকোনো বস্তু লাভ কৰিব পাৰে ৷ যদি আমি টেলিভিছনৰ কথা কওঁ, বৰ্তমানৰ টেলিভিছন এটা বেলেগ ৰূপত আহিছে ৷ 4K আৰু OLED প্ৰযুক্তিৰ সহায়ত টেলিভিছন নিৰ্মাণৰ কাম চলি আছে পূৰ্বে টেলিভিছন পূৰ্বৰ তুলনাত সৰু আছিল যদিও বৰ্তমান টেলিভিছনৰ আকাৰ ডাঙৰ হৈ পৰিছে ৷

দিবলগীয়া হৈছিল কৰ: ১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ভাৰতত ব্লেক এণ্ড হোৱাইট টিভি মুকলি কৰে এটা কোম্পানীয়ে ৷ ইয়াৰ পিছত পুনৰ আশীৰ দশকত মানুহে প্ৰথমবাৰৰ বাবে ৰঙীন টেলিভিছন উপভোগ কৰিছিল ৷ এই যুগটো আছিল যেতিয়া মানুহে টেলিভিছনৰ মালিক হ’বলৈ চৰকাৰক কৰ দিবলগীয়া হৈছিল ৷

World Television Day
বিশ্ব টেলিভিছন দিৱস

৫০ বছৰীয়া টিভিৰ স্মৃতি: আজিও ৫০ বছৰীয়া টিভি সংৰক্ষণ কৰা মানুহ আছে । চলচ্চিত্ৰ সমালোচক বিনোদ অনুপমে আজিও সেই আশীৰ দশকৰ পৰ্টেবল টিভি নিজৰ লগত সযতনে সাঁচি ৰাখিছে । মোবাইলৰ আকাৰৰ পৰ্টেবল টিভি মানুহৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু । বিশেষ কথাটো হ’ল যে এই টেলিভিছন এতিয়াও কাম কৰে আৰু বহু কষ্টৰ অন্তত আপুনি পৰ্টেবল টেলিভিছনত গীত আৰু সংগীত উপভোগ কৰিব পাৰে ।

বৰ্তমান সময়ত উন্মাদনা কম: বিনোদ অনুপমে কয় যে, ১৯৭৬ চনৰ আশে-পাশে তেওঁৰ পিতৃয়ে ঘৰলৈ পৰ্টেবল টেলিভিছন লৈ আহিছিল ৷ সেই সময়ত টেলিভিছনৰ দাম আছিল প্ৰায় ২০০০ টকা ৷ টেলিভিছন দিৱস উপলক্ষে টেলিভিছনৰ কথা মনত ৰখাটো স্বাভাৱিক ৷ বিনোদ অনুপমে কয় যে, বৰ্তমান টেলিভিছনক সেই পূৰ্বৰ দৰ উন্মাদনা দেখিবলৈ পোৱা নাযায় যি উন্মাদনা আমি ৮০ আৰু ৯০ দশকত দেখিবলৈ পাইছিলো ৷

"টিভিয়ে দৰ্শকৰ সৃষ্টি কৰিছিল ৷ ই সামাজিকতা বৃদ্ধিত অৰিহণা যোগাইছিল ৷ সমগ্ৰ স্থানীয় লোকে ৰামায়ণ চাবলৈ আমাৰ ঘৰত উপস্থিত হৈছিল ৷ ৰামায়ণ আৰু মহাভাৰত টিভিত দিয়াৰ লগতে ঘৰবোৰত বিপুল জনসমাগম হৈছিল ৷"- বিনোদ অনুপম , চলচ্চিত্ৰ সমালোচক

ঘৰত মানুহৰ ভিৰ: ১৯৮৪ চনত যেতিয়া ইন্দিৰা গান্ধীৰ মৃত্যুৰ হৈছিল তেতিয়া পোনপ্ৰথমবাৰৰ বাবে টিভিত মানুহে বাতৰি চাইছিল, সেই সময়ত বিনোদ অনুপমৰ ঘৰত বিপুল জনসমাগম হৈছিল ৷ বিনোদ অনুপমৰ মালিকানাধীন টিভিটোও আগতে বেটাৰীৰে চলিছিল ৷ ইয়াৰ উপৰিও ইয়াত ৰেডিঅ’ও আছে ৷ আজিও টিভিটোৱে চিগনেল লাভ কৰিলে কাম কৰে বুলি তেওঁ জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: OptRoute Mobile App : দেশৰ সামগ্ৰী পৰিবহণত বৈপ্লিৱক পৰিৱৰ্তন; আইআইটি মাদ্ৰাজৰ মোবাইল এপ মুকলি

Last Updated : Nov 21, 2023, 3:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.