ETV Bharat / bharat

World Lupus Day 2023: অটোইম্যুন ৰোগ লুপাছৰ এই লক্ষণসমূহক ভুলতো নকৰিব আওকাণ

author img

By

Published : May 10, 2023, 3:01 AM IST

World Lupus Day 2023: Make Lupus Visible
অটোইম্যুন ৰোগ লুপাছৰ এই লক্ষণসমূহক ভুলতো নকৰিব আওকাণ

আজি 'বিশ্ব লুপাছ দিৱস'। লুপাছ হৈছে প্ৰদাহজনিত তথা এক অটোইম্যুন ৰোগ । এই ৰোগ ইমানেই ভয়াৱহ যে ই মানুহৰ মগজু, ছাল, বৃক্কৰ লগতে আন বহুতো অংগকো ক্ষতিগ্ৰস্ত কৰে ।

আজি 'বিশ্ব লুপাছ দিৱস'। লুপাছ হৈছে প্ৰদাহজনিত আৰু অটোইম্যুন ৰোগ, যিটো অতি ভয়াৱহ ৰোগ । আজিও এই ৰোগৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে । প্ৰতি বছৰে এই দিনটোত (১০ মে’) লুপাছ ৰোগৰ বিষয়ে মানুহক সজাগ কৰিবলৈ, ইয়াৰ লক্ষণ, শৰীৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে অধিক তথ্য দিবলৈ বহু ধৰণৰ অভিযান, কাৰ্যসূচী আয়োজন কৰা হয় ।

এই ৰোগ ইমানেই ভয়াৱহ যে ই মানুহৰ মগজু, ছাল, বৃক্ক আদি বহুতো অংগক ক্ষতিগ্ৰস্ত কৰে । লুপাছ ৰোগৰ কাৰণ কি, সেয়া এতিয়াও সঠিকভাৱে জনা হোৱা নাই যদিও হৰম’ন, জিন, পৰিৱেশ আদি কিছুমান কাৰকে লুপাছ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে । লুপাছ ৰোগ কি, ইয়াৰ লক্ষণ, চিকিৎসাৰ বিষয়ে জানি লওক-

লুপাছ ৰোগ কি ?

এক প্ৰতিবেদন অনুসৰি লুপাছ হৈছে এক গুৰুতৰ মাৰাত্মক ৰোগ । ইয়াৰ বাবেই ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ, সঠিক চিকিৎসাৰ অতি প্ৰয়োজন । লুপাছ ৰোগ হৈছে প্ৰদাহজনিত আৰু অটোইম্যুন ৰোগ, যেতিয়া শৰীৰৰ ব্যৱস্থাই নিজৰ কলা আৰু অংগক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ ফলত প্ৰদাহ হয়, যাৰ ফলত শৰীৰৰ বহু অংশত প্ৰভাৱ পৰিব পাৰে । ছাল, বৃক্ক, মগজু, ৰক্তকণিকা, হাওঁফাওঁ, হৃদযন্ত্ৰ, গাঁঠিকে ধৰি শৰীৰৰ বিভিন্ন অংশ এই ৰোগত আক্ৰান্ত হয় ।

লুপাছৰ লক্ষণ

লুপাছ নিৰ্ণয় কৰাটো প্ৰায়ে কঠিন হয়, কিয়নো ইয়াৰ লক্ষণসমূহ আন সাধাৰণ ৰোগৰ দৰেই । কিন্তু মুখৰ ছালত দেখা পোৱা বিশেষ লক্ষণৰ দ্বাৰা এই ৰোগ চিনাক্ত কৰিব পাৰি । ইয়াত পখিলাৰ ডেউকাৰ দৰে ৰঙা ছালৰ ফোহা গাল আৰু নাকত গঠন হয় । ইয়াক বাটাৰফ্লাই ৰেচ বুলিও কোৱা হয় । ইয়াৰ বাহিৰেও আন লক্ষণসমূহ হ’ল-

লুপাছৰ নিদান আৰু চিকিৎসা

লুপাছ বা চিষ্টেমিক লুপাছ এৰিথেমেটাছাছৰ নিদানৰ বাবে প্ৰস্ৰাৱ বিশ্লেষণ, বৃক্কৰ বায়’প্সি, বুকুৰ এক্স-ৰে, এন্টিনিউক্লিয়াৰ এন্টিব’ডি, ক্ৰাইঅ’গ্ল’বিউলিন আদি পৰীক্ষা কৰা হয় । পৰীক্ষাটো কৰি দিয়াৰ পিছত যদি লুপাছ বুলি ধৰা পৰে, তেন্তে সেই অনুসৰি চিকিৎসা প্ৰক্ৰিয়া আৰম্ভ কৰা হয় । ইয়াৰ ভিতৰত লুপাছৰ লক্ষণ নিয়ন্ত্ৰণৰ বাবে ঔষধ আৰু প্ৰতিৰোধমূলক ব্যৱস্থাও অন্তৰ্ভুক্ত ।

  • ৰোগীয়ে যিমান পাৰে সূৰ্যৰ UV ৰশ্মিৰ সংস্পৰ্শলৈ অহাৰ পৰা আঁতৰি থাকিব লাগে ।
  • শাৰীৰিকভাৱে সক্ৰিয় হৈ থকাটো অতি প্ৰয়োজনীয় ।
  • ধূমপান, সুৰা সেৱন পৰিহাৰ কৰিব লাগে ।
  • ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক ।
  • প্ৰদাহ নিয়ন্ত্ৰণ কৰিব লাগে ।
  • স্বাস্থ্যসন্মত আৰু সুষম আহাৰ গ্ৰহণ কৰিব লাগে ।

লগতে পঢ়ক: What is HIV AIDS: HIV কি ? HIVৰ এই প্ৰাৰম্ভিক লক্ষণসমূহক কেতিয়াও আওকাণ নকৰিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.