RSSৰ দশেৰা উৎসৱলৈ প্ৰথমবাৰলৈ আমন্ত্ৰিত এগৰাকী মহিলা

author img

By

Published : Sep 18, 2022, 9:20 AM IST

Updated : Sep 18, 2022, 2:31 PM IST

woman invited to the Rashtriya Swayamsevak Sangh Dussehra festival

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বাৰা আয়োজিত 92 সংখ্যক দশেৰা উৎসৱত এইবাৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰিত হৈছে এগৰাকী মহিলা(Rashtriya Swayamsevak Sangh) ৷ মাউণ্ট এভাৰেষ্টত দুবাৰকৈ আৰোহণ কৰা বিশ্বৰ প্ৰথমগৰাকী মহিলা সন্তোষ যাদৱ এইবাৰ আমন্ত্ৰিত হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বাৰা আয়োজিত দশেৰা উৎসৱত (Indian mountaineer Santosh Yadav ) ৷

নেশ্যনেল ডেস্ক,18 ছেপ্টেম্বৰ: দশেৰা উপলক্ষে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই পোনপ্ৰথমবাৰৰ বাবে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ(Rashtriya Swayamsevak Sangh) ৷ সংঘই আয়োজন কৰা 92 সংখ্যক দশেৰা উৎসৱত এইবাৰ প্ৰথমবাৰলৈ মুখ্য অতিথি হিচাপে আমন্ত্ৰিত হৈছে এগৰাকী মহিলা(Dussehra2022) ৷

দুবাৰকৈ মাউন্ট এভাৰেষ্টত আৰোহণ কৰা ভাৰতীয় পৰ্বতাৰোহী সন্তোষ যাদৱ এইবাৰ আমন্ত্ৰিত হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বাৰা আয়োজিত দশেৰা উৎসৱত (Indian mountaineer Santosh Yadav ) ৷ 1993 আৰু 1994 বৰ্ষত একেৰাহে দুবাৰকৈ মাউণ্ট এভাৰেষ্টত আৰোহণ কৰা বিশ্বৰ প্ৰথমগৰাকী মহিলা সন্তোষ যাদৱ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দশেৰা উৎসৱত আমন্ত্ৰিত হোৱাৰ খবৰে স্বাভাৱিকতে লাভ কৰিবলৈ সক্ষম হৈছে বিশেষ চৰ্চা (RSS)৷

কঠোৰ অধ্যৱসায়, পৰিশ্ৰমৰ বলত দুবাৰকৈ মাউণ্ট এভাৰেষ্ট আৰোহণকাৰী বিশ্বৰ প্ৰথমগৰাকী মহিলা হিচাপে স্বীকৃত হোৱা যাদৱক ইতিমধ্যে ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান আগবঢ়াইছে (Padma Shri Award)৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বাৰা আয়োজিত দশেৰা উৎসৱৰ ৯২ বছৰীয়া ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে সংঘই গ্ৰহণ কৰা এনে ঐতিহাসিক পদক্ষেপে এইবাৰৰ দশেৰা উৎসৱক প্ৰদান কৰিছে সুকীয়া মৰ্যাদা ৷

লগতে পঢ়ক: উপভোক্তাক আন্ধাৰত ৰাখি মাচুল বৃদ্ধি কৰিলে এ পি ডি চি এলে

Last Updated :Sep 18, 2022, 2:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.