কোন হ'ব গুজৰাটৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?

author img

By

Published : Sep 12, 2021, 1:53 PM IST

next Gujarat CM
গুজৰাটৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ()

গুজৰাটৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীকলৈ দলৰ ভিতৰচ'ৰাত বিভিন্ন ধৰণৰ জল্পনা-কল্পনা চলি আছে । ইয়াৰ মাজতে ইটিভি ভাৰতে প্ৰকাশ কৰিছে ৫ জনীয়া সম্ভাব্য মুখ্যমন্ত্ৰীৰ এখন তালিকা । কোন কোন আছে এই তালিকাত ?

নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ : গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ (Vijay Rupani) পদত্যাগৰ পাছতে এতিয়া পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব তাকলৈ গুণা-গঁথা চলি আছে । পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ বাছনিকলৈ বিজেপিৰ বিধায়কসকলৰ সৈতে আলোচনাৰ বাবে ইতিমধ্যে দেওবাৰে ৰাজ্যখনত উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী তথা পৰ্যবেক্ষক নৰেন্দ্ৰ সিং তোমৰ আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুগে । ইয়াৰ মাজতে ইটিভি ভাৰতে বাছনি কৰিছে সম্ভাৱ্য ৫ গৰাকী মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ।

গোৰ্ধন জাদাফিয়া (Gordhan Zadafia)

৬৭ বছৰীয়া জাদাফিয়াক বিজেপিৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ আৰু ৰাজ্যখনৰ প্ৰথম বিজেপি মুখ্যমন্ত্ৰী কেশুভাই পেটেলৰ (Keshubhai Patel) এগৰাকী নিকটতম বিশ্বাসী হিচাপে গণ্য কৰা হয় । নৰেন্দ্ৰ মোডী মুখ্যমন্ত্ৰী হৈ থকা সময়ত তেওঁ দল ত্যাগ কৰিছিল আৰু প্ৰথম মহা গুজৰাট জনতা পাৰ্টীৰ আৰম্ভ কৰিছিল আৰু কেশুভাই পেটেলৰ গুজৰাট পৰিৱৰ্তন পাৰ্টীত যোগদান কৰিছিল । পৰৱৰ্তী সময়ত জাদাফিয়া পুনৰ বিজেপিলৈ ঘূৰি আহে । তেওঁ বৰ্তমান গুজৰাট বিজেপিৰ উপ-সভাপতি । তেওঁ ভাৱনগৰ জিলাৰ থাচাগাঁৱৰ এগৰাকী লিউভা পাতিদাৰ (Leuva Patidar) সম্প্ৰদায়ৰ লোক । তেওঁ ২০০২ চনৰ গুজৰাট হিংসাৰ সময়ত গৃহ ৰাজ্যিক মন্ত্ৰী আছিল ।

নীতিন পেটেল (Nitin Patel)

৬৫ বছৰীয়া নীতিন পেটেল বিজেপিৰ এগৰাকী জ্যেষ্ঠ কদভা পাতিদাৰ নেতা (Kadva Patidar leader) । যাৰ যথেষ্ট প্ৰভাৱ আছে ৰাজ্যখনৰ মেহছানা জিলাত । বৰ্তমান তেওঁ ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী । তেওঁ ১৯৯৫ চনত কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল আৰু বিত্ত, স্বাস্থ্য আদি বিভাগকে ধৰি গুৰুত্বপূৰ্ণ দপ্তৰসমূহৰ দায়িত্ব লৈছিল । তেওঁ ২০১৬ চনত আনন্দীবেন পেটেলক পদৰ পৰা আঁতৰাই দিয়া সময়ত মুখ্যমন্ত্ৰী পদৰ তেওঁ অন্যতম দাবীদাৰ আছিল ।

মনসুখ মাণ্ডৱিয়া (Mansukh Mandaviya)

জনসংখ্যাৰ ফলৰ পৰা শক্তিশালী পাতিদাৰ সম্প্ৰদায়ৰ লিউভা পেটেল উপ-জাতি গোটৰ নেতা মনসুখ মাণ্ডৱিয়া । ৪৯ বছৰীয়া নেতাগৰাকী ২০১২ চনত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল । তেওঁক ২০১৬ চনত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদত ৰাজ্যিক মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল । যোৱা জুলাই মাহত তেওঁক কেবিনেট মন্ত্ৰী হিচাপে উন্নীত কৰা হয় আৰু স্বাস্থ্য বিভাগৰ দায়িত্ব দিয়া হয় । ভাৱনগৰ জিলাৰ হানোল গাঁৱত এগৰাকী কৃষকৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা মাণ্ডৱিয়াই ১৯৯২ চনত এবিভিপিত (ABVP) যোগদান কৰাৰ পাছত ৰাজনৈতিক ক্ষেত্ৰখনত দ্ৰুতগতিত আগবাঢ়িছে । তেওঁ ২০০২ চনত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত জয়ী হৈছিল ।

প্ৰফুল খোদাভাই পেটেল (Praful Khodabhai Patel)

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অতি ঘনিষ্ঠ বুলি গণ্য কৰা ৬৩ বছৰীয়া প্ৰফুল খোদাভাই পেটেল মোডী মুখ্যমন্ত্ৰী হৈ থকা সময়ত গৃহ ৰাজ্যিক মন্ত্ৰী আছিল ৷ প্ৰফুলৰ এতিয়ালৈকে নিৰ্বাচনী ৰাজনীতিত একমাত্ৰ সফল কাৰ্যকাল আছিল ২০০৭ চনত যেতিয়া তেওঁ হিম্মত নগৰৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল । মেহছানা জিলাৰ উমতা গাঁৱত জন্ম নেতাগৰাকীৰ ।

চি আৰ পাটিল (CR Paatil)

৬৬ বছৰীয়া পাতিল নৱসাৰীৰ পৰা তিনিবাৰৰ সাংসদ আৰু যোৱা জুলাইত গুজৰাট বিজেপিৰ সভাপতি হিচাপে নিযুক্তি দিয়া হয় নেতাগৰাকীক । ৰাজ্যিক দলৰ সভাপতি হিচাপে পাটিলে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত ১৮২ খন আসনত জয়ী হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ লগতে দলীয় কেইবাটাও পৰিৱৰ্তন আনিছে । মহাৰাষ্ট্ৰৰ জলগাঁৱৰ বাসিন্দা পাটিলে ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে গুজৰাট আৰক্ষীত সেৱা আগবঢ়াইছিল । তেওঁ মহাৰাষ্ট্ৰৰ জলগাঁৱৰ বাসিন্দা ।

লগতে পঢ়ক: তৃতীয় পৰ্যায়ৰ লোক আদালতত অভিলেখ সংখ্যক গোচৰৰ নিষ্পত্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.