ETV Bharat / bharat

Crying baby: শিশুৱে কন্দাৰ আঁৰত থাকিব পাৰে যোগাত্নক দিশো

author img

By

Published : Nov 30, 2022, 6:18 PM IST

সকলো কেঁচুৱাই কান্দে ইয়াত ভাবিবলগীয়া একো নাই । পিছে লালন পালন কৰোতা সকলেহে বুজে নিজৰ কেঁচুৱাৰ কান্দোনে সময়ে সময়ে কিমান যাতনা দিয়ে । শিশুৱে অকাৰণত কেতিয়াও নাকান্দে, তেন্তে কি কি কাৰণতনো এটি শিশুৱে কান্দে ইয়াৰ আঁৰৰ কাৰণসমূহ জানো আহক-

What are the reasons behind baby cries
শিশুৱে কন্দাৰ আঁৰত থাকিব পাৰে যোগাত্নক দিশো

সকলো কেঁচুৱাই কান্দে ইয়াত ভাৱিবলগীয়া একো নাই । পিছে লালন পালন কৰোতা সকলেহে বুজে নিজৰ কেঁচুৱাৰ কান্দোনে সময়ে সময়ে কিমান যাতনা দিয়ে(What are the reasons behind baby cries)।

এটি হাঁহি মাতি কলমলাই থকা শিশুক দেখি কাৰনো বাৰু বেয়া লাগিব ? পিছে কন্দা শিশুৱে আনক আমনি দিয়াই নহয় অস্বাভাৱিকভাৱে কন্দা শিশুৱে কেতিয়াবা পিতৃ-মাতৃকো চিন্তাত পেলায় । কথা বা ভাষা নুবুজা এটি শিশুৰ অশান্তিকৰ যিকোনো অৱস্থাৰ প্ৰকাশ ভংগী হ'ল কান্দোন । অৱশ্যে শিশুৱে স্বাভাৱিকভাৱে কন্দাটো একধৰণৰ ব্যায়াম যদিও বহু ক্ষেত্ৰত শিশুৰ অস্বাভাৱিক কান্দোনৰ কাৰণ নুবুজি পিতৃ মাতৃ বিপাঙত পৰাও দেখা যায় ।

শিশুৱে অকাৰণত কেতিয়াও নাকান্দে তেন্তে কি কি কাৰণতনো এটি শিশুৱে কান্দে জানো আহক-

ভোক লগা

ভোক পিয়াঁহ লাগিলে কন্দাটো স্বাভাৱিক কথা(baby cries meaning) । সেয়ে মাতৃ গৰাকীয়ে স্তনপান বা আহাৰাদি নিৰ্দ্ধাৰিত সময় (feeding routine) মতে খুওৱাটো উচিত । মাকৰ গাখীৰ সকলো শিশুৰে প্ৰিয় আৰু জন্মৰে পৰা চিনাকি সুস্বাদু আহাৰ । অন্য আহাৰ খুৱাওতে কেতিয়াবা ভোক থাকিলেও খাব নুখুজা , থুৱাই দিয়া,ওকালি দিয়া বমি কৰা আদি লক্ষন দেখা যায় । সেয়ে অইন তৰল আহাৰ খুৱাওতে শিশুৰ ৰুচিবোধ অধ্যয়ন কৰি খুৱাব । লগতে আহাৰৰ গৰম/ঠাণ্ডা/সোৱাদ পৰীক্ষা কৰিব ।

ভয় লগা বা অস্বাভাৱিক শব্দ শুনা

আকস্মিক ভয়ৰ দৃশ্য দেখা,পৰি যোৱাৰ ভয় ,ডাঙৰ শব্দ , ধমকনি বা আনে ভেঙুচালি কৰা, অচিনাকী লোকৰ সম্পৰ্ক,অচিন পৰিৱেশ আদি নানা কাৰনত কান্দিব পাৰে(types of baby cries) ।

বিৰক্তিবোধ

খুৱাওতে ,পিন্ধাওতে,গা ধোৱাওতে, অকলে বহাই বা শুৱাই থওতে , শৌচ প্ৰস্ৰাৱ কৰা লেতেৰা অৱস্থাত, দুষিত পৰিবেশ, অচিনাকী লোকৰ কোলাত , অতি গৰম বা ঠান্ডা পোৱা, বেচিকৈ কাপোৰ উৰাই দিয়া,বিচৰা বস্তু নোপোৱা আদি বিভিন্ন কাৰনত সময়ে সময়ে শিশুৱে বিৰক্তিবোধ কৰিও কান্দিব পাৰে ।

ভাগৰ লগা

  • শিশুৱে একো অন্য কাম নকৰিলেও খেলা,হঁহা,কন্দা,ইফালে সিফালে যোৱা,মালিচকৰা, আদি কামত ভাগৰি পৰে । সাধাৰনতে ডাঙৰতকৈ শিশুৰ টোপনি বেচি । সেয়ে সময়মতে টোপনিয়াব নোপোৱাতো কান্দোনৰ এটা কাৰণ ।
  • ওখ ঠাইৰ পৰা পৰিলে, পোক পৰুৱা, মহ মাখিয়ে কামোৰা বা অন্য কিবা কাৰনত দেহৰ কৰবাত দুখ পালেও কান্দিব পাৰে ।
  • শিশুৰ দেহত হ'ব পৰা ৰোগৰ কাৰণতো কান্দিব পাৰে । চালৰ ৰোগ,জৰ ,কাহ, চৰ্দি, বমি,শৌচ আদি নানা ৰোগ হ'ব পাৰে । সেইবোৰৰ যথোচিত শুশ্ৰুষা কৰাব ।
  • শিশুৱে আমনি পোৱা কন্দা কেবাটাও ৰোগৰ ভিতৰত সঘনাই হোৱা ৰোগ হ'ল-

পেটত গেছ হোৱা । এই ৰোগে বহুতো মাতৃক চিন্তিত কৰায় । স্তনপান কৰোতে, বটলৰ গাখীৰ খাওতে নাইবা অন্য আহাৰৰ কাৰণত শিশুৰ পেটত গেছ (বায়ু) জমিব পাৰে, পেট ফুলা, বায়ু ত্যাগ কৰা, শৌচ কচা আদি কাৰণতো এটি শিশু কান্দিব পাৰে । সেয়ে নিৰ্দিষ্ট বয়সত Gripe water বা চিকিৎসকৰ পৰামৰ্শ মতে দৰৱ খুওৱাটো উপকাৰী ।

অধিক গেছৰ সমস্যাত অলপমান খোৱা হিং পানীত মিহলাই নাভিৰ চাৰিওফালে ঘহিলে উপসম পোৱা যায়(নাভীত নলগাব)। গা ধোৱাৰ আগতে লাহে লাহে কিছু ব্যায়াম কৰাই দিলেও শিশুটিলে আৰাম পাব । দেখা যায় শিশুৰ বয়স বাঢ়ি অহাৰ লগে লগে কান্দোনৰ কাৰণ সমূহো সলনি হ'বলৈ ধৰে । ৰাগ, খং, ভেম ,অভিমান, জেদ কৰা, নকৰিবলগীয়াতো কৰা, দুষ্টামী কৰা, ইটো সিটো বিচৰা আদি কাৰণতো আমনি কৰিব পাৰে ।

সকলো বোজা জন্মদাতা পিতৃ-মাতৃ বা পৰিয়ালৰ ওপৰতে পৰে(how to stop baby crying) । কেঁচুৱা বা শিশুৱে কান্দিবই । তথাপি অবুজ শিশুৱে পোৱা আমনি বা কান্দোনৰ ভাষা সমূহ সুক্ষ্মভাৱে অধ্যয়ন কৰি সন্তানক নিৰোগী আৰু হাস্যমুখৰ কৰি ৰাখিব পৰাটো দক্ষ পিতৃ-মাতৃৰ পৰিচয় ।

লগতে পঢ়ক: Elimination Disorder: কি হয় এলিমিনেচন ডিছঅৰ্ডাৰ? ইয়াৰ বিষয়ে সবিশেষ জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.