ETV Bharat / bharat

WB Panchayat poll 2023 : বংগ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন শান্তিপূৰ্ণ; মমতা বেনাৰ্জী

author img

By

Published : Jun 16, 2023, 7:04 PM IST

অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়টো গুৰুত্বসহকাৰে লৈ সাতটা ক্ৰুড বোমা উদ্ধাৰৰ পিছদিনা ভাংগাৰ অঞ্চল পৰিদৰ্শন কৰা ৰাজ্যপাল বসুৱে ৰাজ্যখনত ৰাজনৈতিক হিংসাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

WB Panchayat poll 2023
WB Panchayat poll 2023

নিউজ ডেস্ক, ১৬ জুন : পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যপাল চি ভি আনন্দ বসুৰ মাজত এক প্ৰকাৰৰ বাকযুদ্ধ আৰম্ভ হৈছে । উল্লেখ্য, ৰাজনৈতিকভাৱে অস্থিৰ ৰাজ্যখনত ৮ জুলাইত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত হিংসাত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাজ্যপালগৰাকীয়ে ।

অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়টো গুৰুত্বসহকাৰে লৈ সাতটা ক্ৰুড বোমা উদ্ধাৰৰ পিছদিনা ভাংগাৰ অঞ্চল পৰিদৰ্শন কৰা বসুৱে ৰাজ্যখনত ৰাজনৈতিক হিংসাৰ বিৰুদ্ধে সৰৱ হৈ পৰে । এদিন পূৰ্বে ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ সময়ত পশ্চিমবংগত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বসুৱে কয় যে হিংসাত্মক কাৰ্যৰ বাবে দায়ীসকলৰ বিৰুদ্ধে 'কাৰ্যকৰী আৰু সংশোধনমূলক' ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

"কোনো কথা নহয়, কেৱল কাৰ্য । অপেক্ষা কৰক আৰু চাওক । আপোনালোকে কাৰ্যকৰী আৰু দৃঢ় পদক্ষেপ দেখিব । মই এতিয়া এয়াই ক'ব পাৰোঁ ।" ৰাজ্যপাল বসুৱে কয় । আনহাতে, শুকুৰবাৰে তেওঁ কয় যে পশ্চিমবংগৰ শান্তি আৰু গণতন্ত্ৰ বৰ্তমান 'সন্ত্ৰাসবাদ'ৰ বলি হৈছে ।

লক্ষণীয়ভাৱে ৰাজ্যপালৰ এই মন্তব্যৰ কেইঘণ্টামান পিছতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে বংগত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন প্ৰক্ৰিয়া শান্তিপূৰ্ণ আছিল । যাৰ ফলত বিজেপিৰ জ্বলন-পোৰণ আৰম্ভ হৈছে । আনহাতে, পঞ্চায়ত নিৰ্বাচন সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপৰ বিষয়ে ৰাজ্যপালে জনায় । উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিনটোত ভাংগাৰ পুনৰ হিংসাত্মক হৈ পৰে । উক্ত হিংসাত তিনিজন লোকৰ মৃত্যু হয় ।

আনহাতে, ভাংগাৰত ৰাজ্যপালৰ কনভয়ৰ সন্মুখতে সজীৱ বোমা উদ্ধাৰ কৰা হয় । বোমা প্ৰত্যক্ষ কৰি ৰাজ্যপলৰ নিৰাপত্তাৰক্ষীসকলে কনভয়টো ৰখাই দিয়ে । পিছত ৰাজ্যপালৰ নিৰাপত্তাৰ দায়িত্বত থকা এজন আৰক্ষীয়ে গাড়ীৰ পৰা নামি নিজেই বোমাটো আঁতৰাই পেলায় । লগতে পানীভৰ্তি মাটিৰ পাত্ৰ এটাৰ সহায়ত বোমাটো নিষ্ক্ৰিয় কৰা হয় । ইফালে শুকুৰবাৰে কলিকতা উচ্চ ন্যায়ালয়ে প্ৰাৰ্থীসকলক সুৰক্ষা দিয়াত চৰকাৰৰ ব্যৰ্থতাৰ বিষয়ে প্ৰতিবেদন বিচাৰিছে ।

লগতে পঢ়ক :Manipur violence : গৃহত অগ্নিসংযোগৰ পিছত মণিপুৰলৈ উভতিল কেন্দ্ৰীয় মন্ত্ৰী ৰাজকুমাৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.