ETV Bharat / bharat

Weekly horoscope for 21st Jan to 27th Jan: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল

author img

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 5:09 AM IST

WEEKLY HOROSCOPE FOR 21ST JAN TO 27TH JAN 2024
জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল

Weekly horoscope for 21st Jan to 27th Jan: কেনে যাব আপোনাৰ এই সপ্তাহটো ? জানিবলৈ পঢ়ক আপোনাৰ সপ্তাহটোৰ ৰাশিফল ৷ জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ সপ্তাহটোৰ ৰাশি...

মেষ ৰাশি: সপ্তাহৰ আৰম্ভণিতে বিশেষ একো নহ'ব, কিন্তু সপ্তাহৰ শেষলৈকে আপুনি কিবা নহয় কিবা খবৰ শুনি থাকিব ৷ ধন আগমনৰ লক্ষণ দেখা যায় ৷ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি হ’ব ৷ আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে প্ৰেমপূৰ্ণ সময় অতিবাহিত কৰা দেখা যাব ৷ চাকৰি কৰি থকা লোকসকলে এতিয়া নতুন চাকৰি পাব পাৰে ৷ ব্যৱসায়ত আৰ্থিক লাভ হ’ব ৷ শিক্ষাৰ্থীসকলে কঠিন পৰিশ্ৰম কৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব আৰু এই সময়খিনি শিক্ষাৰ বাবে শুভ ৷ আপুনি নিজৰ কিছু সময় ঘৰুৱা কামতো কটাব ৷ আপোনাৰ স্বাস্থ্য আগতকৈ ভাল হ’ব ৷ যদি আপুনি আপোনাৰ দৈনন্দিন জীৱনশৈলীলৈ কিছু পৰিৱৰ্তন আনে, তেন্তে সেয়া আপোনাৰ বাবে ভাল হ’ব ৷ শ্বেয়াৰ বজাৰত খুব ভাবি-চিন্তি বিনিয়োগ কৰক ৷ আয় বৃদ্ধি কম হ’ব ৷

বৃষ ৰাশি: আপুনি নিজৰ মনৰ অনুভৱ আপোনাৰ প্ৰিয়জনক ক’ব, যি তেওঁক অতি সুখী কৰি তুলিব ৷ বিবাহিত লোকসকলৰ দাম্পত্য জীৱনত উদ্বেগ আহিব যদিও পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদত সেয়া অতি সোনকালে আঁতৰি যাব ৷ এতিয়া আপুনি নিজৰ পৰিয়ালৰ সদস্যসকলৰ বাবে কিছু সময় উলিয়াব, য'ত আপুনি সকলোৰে সৈতে সুখ-দুখৰ ভাগ-বতৰা কৰা দেখা যাব ৷ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি হ’ব ৷ শিক্ষাৰ্থীসকলে নতুন প্ৰকল্পত কাম কৰাৰ সুযোগ পাব ৷ চাকৰিৰ ক্ষেত্ৰত দিয়া কামবোৰ সম্পূৰ্ণ কৰাত আপুনি সফল হ’ব ৷ ধন আগমনৰ লক্ষণ দেখা যায় ৷ আপোনাৰ বন্ধুসকলে আপোনাৰ ব্যৱসায় আগবঢ়াই নিয়াত সহায় কৰিব ৷ খুব ভাবি-চিন্তি নাইবা বিশেষজ্ঞৰ পৰা পৰামৰ্শ লোৱাৰ পাছত বিনিয়োগ কৰাটো আপোনাৰ বাবে ভাল হ’ব ৷ বিপজ্জনক বিনিয়োগ কৰাৰ পৰা বিৰত থাকক ৷

মিথুন ৰাশি: পাৰিবাৰিক জীৱনত সকলো ঠিকেই থাকিব, কিন্তু কোনোবা বাহিৰৰ লোকৰ বাবে মতানৈক্য হ’ব পাৰে ৷ বিবাহিত লোকসকলক গাৰ্হস্থ্য জীৱনত সুখী যেন লাগিব ৷ আপোনাৰ জীৱন সংগীৰ সৈতে প্ৰেমপূৰ্ণ সময় অতিবাহিত কৰিব ৷ আয়ৰ দিশলৈ চালে এই সপ্তাহটো উত্থান-পতনপূৰ্ণ হ’ব ৷ আপুনি কিছু বিনিয়োগ কৰিব ৷ যিয়ে আগন্তুক সময়ত আপোনাক যথেষ্ট লাভান্বিত কৰিব ৷ আপুনি নিজৰ স্বাচ্ছন্দ্যৰ বাবে বহুত ধন ব্যয় কৰিব ৷ পৰিয়ালৰ পৰিস্থিতি ভাল হ’ব ৷ স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন থাকিব ৷ আপুনি কোষ্ঠকাঠিন্যৰ অভিযোগ দেখা পাব ৷ এই সপ্তাহত শিক্ষাৰ্থীসকলে পঢ়া-শুনাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব, যাতে তেওঁলোকে ৰৈ যোৱা পঢ়া-শুনা সম্পূৰ্ণ কৰি পৰীক্ষাত ভাল নম্বৰ লাভ কৰিব পাৰে ৷ অংশীদাৰী ব্যৱসায় কৰা লোকসকলে এতিয়া ভাল লাভ অৰ্জন কৰিব ৷

কর্কট ৰাশি: প্ৰেম সম্পৰ্কত সুখ-শান্তি বিৰাজ কৰিব ৷ পাৰিবাৰিক জীৱনত উত্থান-পতন থাকিব ৷ চাকৰিয়াল লোকসকলে নিজৰ কামত সাফল্য লাভ কৰিব ৷ ব্যৱসায়ত নতুন পদ্ধতি গ্ৰহণ কৰি ব্যৱসায় আগবঢ়াই নিয়াত সফল হ’ব ৷ বিপজ্জনক বিনিয়োগ নকৰিব ৷ আপুনি নিজৰ সন্তানৰ ভৱিষ্যতৰ বাবে কিছু ধন বিনিয়োগ কৰিব ৷ পূৰ্বৰ তুলনাত স্বাস্থ্যৰ উন্নতি হ’ব ৷ চৰকাৰী খণ্ডৰ ক্ষেত্ৰতো সাৱধানে হাত দিয়ক ৷ কাৰিকৰী অধ্যয়নত শিক্ষাৰ্থীসকলে সাফল্য লাভ কৰিব ৷ প্ৰতিযোগিতাত সাফল্য লাভ কৰিবলৈ কিছু অপেক্ষা কৰিব লাগিব ৷ স্বাস্থ্যৰ উন্নতি হোৱা দেখা যাব ৷ পৰিয়ালৰ সদস্যসকলৰ সহযোগিতা লাভ কৰিব ৷ এতিয়া আপোনাৰ চাকৰিৰ ক্ষেত্ৰত বদলি হোৱাৰ সম্ভাৱনা আছে ৷ বন্ধুৰ জৰিয়তে উপাৰ্জনৰ সুযোগ পাব ৷ আৰ্থিক লাভৰ লক্ষণ দেখা যায় ৷ ঘৰৰ সাজ-সজ্জা আৰু মেৰামতিৰ কামতো কিছু ধন ব্যয় কৰিব ৷

সিংহ ৰাশি: প্ৰেম সম্পৰ্কত মধৰুতা বাঢ়িব ৷ পৰস্পৰৰ প্ৰতি আকৰ্ষণৰ অনুভূতিৰ সৃষ্টি হ’ব ৷ বিবাহিত লোকসকলৰ জীৱনত কিছু সমস্যাৰ সৃষ্টি হ’ব, যিবোৰ দুয়োজনে মিলি সমাধান কৰিব ৷ যদি আপুনি কোনো বিনিয়োগৰ কথা ভাবিছে, তেন্তে বিশেষজ্ঞৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ’ব ৷ কৰ্মৰত লোকসকলে এতিয়া চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতিৰ সুযোগ পাব ৷ পূৰ্বৰ তুলনাত স্বাস্থ্যৰ উন্নতি হ’ব ৷ উপাৰ্জনৰ নতুন উৎস লাভ কৰিব ৷ আপুনি আপোনাৰ আবদ্ধ হৈ থকা ধন লাভ কৰিব ৷ ভাতৃৰ বিবাহৰ বাটত আহি থকা বাধা-বিঘিনিৰ অন্ত পৰিব ৷ পৰিয়ালৰ সহযোগিতা পাব ৷ এতিয়া আপুনি মাতৃৰ আগত নিজৰ অনুভৱ প্ৰকাশ কৰিব পাৰিব ৷ আপুনি সন্তানৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব ৷ ভ্ৰমণলৈ যোৱাৰ সংকেতো আছে, যিটো আপোনাৰ বাবে লাভজনক হ’ব ৷

কন্যা ৰাশি: পাৰিবাৰিক জীৱনত সুখ-শান্তি বিৰাজ কৰিব ৷ আপুনি আপোনাৰ জীৱন সংগীৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব ৷ প্ৰেম সম্পৰ্কত থকা লোকসকলক তেওঁলোকৰ প্ৰেমাস্পদৰ সৈতে সুখী যেন দেখা যাব ৷ ক’ৰবালৈ ফুৰিবলৈও যাব পাৰে ৷ এতিয়া আপুনি চাকৰিৰ লগতে কিছু আন কামো কৰিব, যাৰ ফলত আপোনাৰ আয় বৃদ্ধি হ’ব ৷ পৈতৃক ব্যৱসায়লৈ কিছু পৰিৱৰ্তন আনিব, যাতে ই আগবাঢ়ি যাব পাৰে ৷ শিক্ষাৰ্থীসকলে সম্পূৰ্ণ একাগ্ৰতাৰে পঢ়া-শুনা কৰা দেখা যাব ৷ প্ৰতিযোগিতাত সাফল্য লাভ কৰিবলৈ কঠিন পৰিশ্ৰম কৰিব ৷ স্বাস্থ্যৰ উন্নতি হোৱা দেখা যাব ৷ আপুনি নিজৰ দৈনন্দিন জীৱনশৈলীলৈ কিছু পৰিৱৰ্তন আনিব ৷ মাতৃৰ আগত নিজৰ অনুভৱ প্ৰকাশ কৰিব পাৰে ৷ এতিয়া আপোনাৰ ধনৰ অধিকাংশ সন্তানৰ বাবে খৰচ হ'ব ৷ আপুনি কাৰোবাৰ বিয়াত উপস্থিত থাকিবলৈ উপহাৰৰ বাবে অধিক ব্যয় কৰিব পাৰে ৷

তুলা ৰাশি: প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব ৷ আপুনি আপোনাৰ প্ৰেমাস্পদৰ আগত নিজৰ অনুভৱ প্ৰকাশ কৰিব পাৰিব ৷ আপুনি আপোনাৰ জীৱন সংগীৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব ৷ আপোনাৰ জীৱন সংগীৰ স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন দেখাৰ পাছত আপোনাক অলপ চিন্তিত যেন লাগিব ৷ ব্যৱসায়ত নতুন কাম কৰাৰ সুযোগ আহিব ৷ ব্যৱসায়িক অংশীদাৰৰ পৰাও সুবিধা লাভ কৰিব ৷ চাকৰিৰ ক্ষেত্ৰত দিয়া কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব ৷ বিভাগীয় বিষয়াৰ সমৰ্থন লাভ কৰিব ৷ আপুনি যিকোনো ধন খুব ভাবি-চিন্তি বিনিয়োগ কৰা উচিত ৷ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি হ’ব ৷ শিক্ষাৰ্থীসকলে এখন চহৰৰ পৰা আন এখন চহৰলৈ গৈ শিক্ষা গ্ৰহণ কৰিব পাৰে ৷ আপুনি নিজৰ বাবে এখন নতুন বাহনো কিনিব ৷ পৈতৃক সম্পত্তি প্ৰাপ্ত হ’ব ৷ আত্মীয়ৰ পৰা আৰ্থিক লাভ হ’ব ৷ আপুনি নিজৰ চখৰ বস্তুবোৰত অধিক ধন ব্যয় কৰিব পাৰে ৷ আপুনি আপোনাৰ বাকী থকা ধন পাবলৈ কঠিন পৰিশ্ৰম কৰা দেখা যাব ৷

বৃশ্চিক ৰাশি: পৰিয়ালৰ সকলো সদস্যক একেলগে প্ৰসন্ন যেন দেখা যাব ৷ প্ৰেম সম্পৰ্কত দৃঢ়তা থাকিব ৷ বিবাহিত লোকসকলৰ গাৰ্হস্থ্য জীৱন ভালে থাকিব ৷ শহুৰ-শাহুৰ পৰা কোনো সু-খবৰ শুনিব ৷ ধন আগমনৰ লক্ষণ দেখা যায় ৷ আপোনাৰ আয় বৃদ্ধি হ’ব ৷ মানসিক সন্তুষ্টিৰ অনুভৱ হ’ব ৷ খৰচ কৰিবলগীয়া হ’ব পাৰে ৷ ব্যৱসায়ত কোনো ধৰণৰ ডাঙৰ বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব লাগিব ৷ চাকৰি কৰা লোকসকলে নিজৰ কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব ৷ শিক্ষাৰ্থীসকলে সম্পূৰ্ণ একাগ্ৰতাৰে অধ্যয়ন কৰিব ৷ প্ৰতিযোগিতাতো সাফল্য লাভ কৰিব ৷ স্বাস্থ্য ভাল-বেয়াৰ মাজেৰে যাব ৷ বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক ৷ এই সপ্তাহত আপুনি আপোনাৰ ঘৰৰ সাজ-সজ্জাৰ বাবে কিছু বজাৰ কৰিব ৷ আত্মীয়-স্বজনৰ অহা-যোৱা চলি থাকিব ৷ সকলোৱে মিলি কাম কৰা দেখা যাব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷

ধনু ৰাশি: প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই থাকিব ৷ গাৰ্হস্থ্য জীৱনত আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে সুখপূৰ্ণ সময় কটোৱা দেখা যাব ৷ আয়ৰ ক্ষেত্ৰত উত্থান-পতন থাকিব ৷ এই সপ্তাহত চৰকাৰী আঁচনিত ধন বিনিয়োগ কৰাটো ভাল হ’ব৷ পূৰ্বৰ পৰিকল্পনাৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব ৷ ব্যৱসায়ত আপোনাৰ সংগীৰ পৰা ভাল লাভ অৰ্জন কৰিব ৷ চাকৰিয়াল লোকসকলে চাকৰিৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ’ব লাগিব ৷ প্ৰতিযোগিতাত সাফল্য লাভ কৰিবলৈ সময় অতি শুভ ৷ আপোনাৰ কঠিন পৰিশ্ৰম সফল হ’ব ৷ স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন থাকিব ৷ এগৰাকী ভাল চিকিৎসকৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ’ব ৷ ঘৰত শুভ কাৰ্য্য আয়োজন কৰা হ’ব ৷ সকলোৱে মিলি বজাৰ কৰিবলৈ যাব ৷ নতুন অতিথিৰ আগমনৰ বাবে পৰিয়ালত আনন্দৰ পৰিবেশ সৃষ্টি হ’ব ৷ ধন আগমনৰ লক্ষণ দেখা যায় ৷

মকৰ ৰাশি: আপুনি পাৰিবাৰিক জীৱনত সুখ-শান্তি দেখা পাব ৷ পৰিয়ালৰ সকলো সদস্য মিলি কাম কৰা দেখা যাব ৷ প্ৰেম সম্পৰ্কলৈ উত্থান-পতন আহিব ৷ আপুনি কোনো সম্পত্তি কিনিব পাৰে, যি আপোনাক ভৱিষ্যতে ভাল লাভ প্ৰদান কৰিব ৷ আপুনি আপোনাৰ পিতৃৰ পৰা আৰ্থিকভাৱে লাভান্বিত হ’ব পাৰে ৷ ভাই-ভনীয়েও আপোনাক আৰ্থিকভাৱে সহায় কৰিব ৷ চাকৰিৰ ক্ষেত্ৰত দিয়া কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব লাগিব ৷ আপুনি নিজৰ ব্যৱসায়ক আগবঢ়াই নিবৰ বাবে নতুন পৰিকল্পনা কাৰ্য্যকৰী কৰিব ৷ শিক্ষাৰ্থীসকলে নিজৰ পঢ়া-শুনাৰ বাবে এখন চহৰৰ পৰা আন এখন চহৰলৈ যাব পাৰে ৷ আপুনি আপোনাৰ শিক্ষাগুৰুৰ সমৰ্থন লাভ কৰিব ৷ ক্ৰমান্বয়ে স্বাস্থ্যৰ উন্নতি হ’ব ৷ বন্ধু-বান্ধৱীৰ পৰা সুখবৰ লাভ কৰিব, যি আপোনাৰ মনটোক সুখী কৰি তুলিব ৷ আপোনাৰ সন্তানে ভাল চাকৰি এটা পালে আপোনাক যথেষ্ট প্ৰসন্ন যেন দেখা যাব ৷

কুম্ভ ৰাশি: পৰিয়ালৰ পৰা সহযোগিতা লাভ কৰিব ৷ ভাইটিৰ বিবাহৰ প্ৰস্তাৱ অনুমোদিত হ'ব ৷ শুভ কাৰ্য্য আয়োজন কৰা হ’ব ৷ আপুনি আপোনাৰ জীৱন সংগীৰ সহযোগিতা লাভ কৰিব ৷ আপোনাৰ ব্যৱসায় আগবঢ়াই নিবলৈ ঋণ ল’ব পাৰে ৷ আয় ক্ৰমান্বয়ে বৃদ্ধি হ’ব ৷ চৰকাৰী আঁচনিৰ সুবিধা পাব ৷ এতিয়া আপুনি নতুন মানুহৰ সংযোগো পাব পাৰে ৷ কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মীসকলে আপোনাক অসুবিধা দিব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱাত আপোনাৰ পিতৃ-মাতৃয়ে আপোনাক সহায় কৰিব ৷ আজি আপুনি অনিচ্ছা সত্ত্বেও কিছু ধন ব্যয় কৰিব লাগিব ৷ বন্ধু-বান্ধৱীৰ সৈতে ক’ৰবালৈ ওলাই যোৱাৰ পৰিকল্পনা কৰিব ৷ আপুনি নিজৰ স্বাস্থ্যৰ উন্নতিৰ বাবে যোগাসন আৰু ধ্যান, মৰ্নিং ৱাক আদি অন্তৰ্ভুক্ত কৰিব ৷ শিক্ষাৰ্থীসকলে নিজৰ প্ৰিয় বিষয়বোৰ অধ্যয়ন কৰি অতি সুখী দেখা যেন যাব ৷ আজি আপুনি নিজৰ জীৱন সংগীৰ পৰা উপহাৰ লাভ কৰিব ৷

মীন ৰাশি: প্ৰেম সম্পৰ্ক আৰু অধিক ভাল হ’ব ৷ দাম্পত্য জীৱন সুখপূৰ্ণ হ’ব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ পৈতৃক সম্পত্তি লাভ কৰিব ৷ ধন আগমনৰ লক্ষণ দেখা যায় ৷ পূৰ্বৰ তুলনাত স্বাস্থ্যৰ উন্নতি হ’ব ৷ শিক্ষাৰ্থীসকলে সাফল্য লাভ কৰিব ৷ চাকৰি কৰি থাকোঁতে কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব ৷ স্থগিত ব্যৱসায়িক পৰিকল্পনাসমূহ পুনৰ আৰম্ভ কৰিব ৷ আপুনি আপোনাৰ জীৱন সংগীক কোনো নতুন কাম আৰম্ভ কৰাব পাৰে ৷ আপোনাৰ ইচ্ছা পূৰণ হ'ব ৷ নতুন বাহনৰ সুখ লাভ কৰিব ৷ বিপজ্জনক বিনিয়োগ কৰাৰ পৰা বিৰত থাকক ৷ চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব ৷ বন্ধু-বান্ধৱীৰ সহায় পাব ৷ প্ৰতিযোগিতাত সাফল্য লাভ কৰিবলৈ হ’লে অধিক কষ্ট কৰাৰ প্ৰয়োজন আছে ৷ পুৰণি সম্পৰ্কত পুনৰ নতুনত্ব দেখা যাব ৷ আপোনাৰ মাতৃৰ পৰিয়ালৰ ফালৰ পৰা সুখবৰ পাব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.