ETV Bharat / bharat

WEEKLY HOROSCOPE FOR 19TH TO 25TH NOVEMBER 2023:জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 6:06 AM IST

WEEKLY HOROSCOPE FOR 19TH TO 25TH NOVEMBER 2023
জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল

কেনে যাব আপোনাৰ এই সপ্তাহটো ? জানিবলৈ পঢ়ক আপোনাৰ সপ্তাহটোৰ ৰাশিফল ৷ জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ সপ্তাহটোৰ ৰাশি...

মেষ ৰাশি: আপুনি নিজৰ প্ৰিয়জনক বিবাহৰ প্ৰস্তাৱ দিব পাৰে ৷ এই সপ্তাহত আপোনাৰ কামৰ দক্ষতা বৃদ্ধি পাব ৷ আপুনি নিজৰ কামৰ প্ৰতি অতি ইতিবাচক হ’ব আৰু উন্নত কাম কৰিব বিচাৰিব ৷ ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতা উন্নত হোৱাই নহয়, সহকৰ্মীসকলৰ সৈতে আপোনাৰ সম্পৰ্কও উন্নত হ’ব, যিয়ে ভৱিষ্যতে আপোনাক উপকৃত কৰিব ৷ দাম্পত্য জীৱনৰ মানসিক চাপ হ্ৰাস পাব ৷ অৱশ্যে, শহুৰ-শাহুৰ ঘৰৰ ফালৰ পৰা কিছু সমস্যা বাঢ়িব পাৰে ৷ আপোনাৰ বুদ্ধিমত্তা দেখুৱাই বিষয়টো চম্ভালাত সফল হ’ব পাৰে ৷ প্ৰতিপক্ষৰ পৰা অলপ সাৱধানে থাকক ৷ আদালতৰ সম্পৰ্কীয় বিষয়ৰ পৰা দূৰত্ব বজাই ৰাখক ৷ শিক্ষাৰ্থীসকলৰ কথা ক’বলৈ গ’লে, তেওঁলোকৰ পঢ়া-শুনাৰ ক্ষেত্ৰত উত্থান-পতন আহিব ৷ পঢ়া-শুনাত মনোনিৱেশ কৰিব নোৱাৰিব, যাৰ ফলত বাধাৰ সৃষ্টি হ’ব ৷ আপোনাৰ স্বাস্থ্য এতিয়া ভাল হৈ থাকিব ৷ সপ্তাহৰ প্ৰথম তিনিটা দিন ভ্ৰমণৰ বাবে শুভ হ’ব ৷

বৃষ ৰাশি: সপ্তাহৰ আৰম্ভণিতে আপুনি লং ড্ৰাইভ নাইবা দীৰ্ঘ ভ্ৰমণলৈ যাব পাৰে ৷ যি আপোনাক সুখী কৰিব আৰু নিজৰ মাজত নতুন উদ্যম অনুভৱ কৰিব ৷ গাৰ্হস্থ্য জীৱনত উদ্বেগ বৃদ্ধিয়ে বিবাহিত লোকসকলক অশান্তি দিয়া দেখা যাব ৷ তেওঁলোকক সময় দিয়ক আৰু সম্পৰ্কটো উন্নত কৰাৰ চেষ্টা কৰক ৷ এই সময়ছোৱা প্ৰেম সম্পৰ্কৰ বাবে শুভ হ'ব ৷ আপুনি আপোনালোকৰ সম্পৰ্ক আৰু ভাল কৰিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ প্ৰিয়জনেও আপোনাক সম্পূৰ্ণ মৰম দিব ৷ এই সময়খিনি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ভাল হ’ব ৷ আপোনাৰ পৰিকল্পনাবোৰে সঠিক সময়ত কাম কৰিব ৷ শাৰীৰিক স্বাস্থ্যৰ উন্নতি সাধন হ’ব ৷ শিক্ষাৰ্থীসকলৰ কথা ক’বলৈ গ’লে, তেওঁলোকৰ একাগ্ৰতা এতিয়া দুৰ্বল হ’ব পাৰে ৷ মনত ৰাখিব যে, কিছুমান বন্ধু আৰু লগ-সংগই আপোনাক পঢ়া-শুনাৰ পৰা বিচলিত কৰিব পাৰে ৷ স্বাস্থ্যৰ দিশৰ পৰা এতিয়া আপোনাৰ স্বাস্থ্যৰ উন্নতি হ’ব ৷ সপ্তাহৰ আৰম্ভণিটো ভ্ৰমণৰ বাবে শুভ হ’ব ৷

মিথুন ৰাশি: আপোনাৰ জীৱন সংগীৰ স্বাস্থ্য আৰু স্বভাৱ আপোনাৰ বাবে চিন্তাৰ কাৰণ হ’ব ৷ প্ৰেম সম্পৰ্কলৈ সম্পূৰ্ণ পৰিৱৰ্তন আহিব আৰু পৰস্পৰৰ সৈতে সুখী অনুভৱ কৰিব ৷ আপোনালোকৰ সম্পৰ্কও সুদৃঢ় হৈ উঠিব ৷ এই সপ্তাহৰ আৰম্ভণিটো আপোনাৰ বাবে কিছু চিন্তাজনক তথা প্ৰত্যাহ্বানমূলক হ’ব ৷ আপুনি দীৰ্ঘ ভ্ৰমণলৈ যাব পাৰে, যাৰ ফলত আপোনাৰ ব্যৱসায় উন্নত অৱস্থালৈ আহিব ৷ বিনিয়োগৰ পৰাও লাভ হ’ব৷ অৱশ্যে, ব্যয় অধিক বৃদ্ধি পাব ৷ পিছে সিদ্ধান্ত আপোনাৰ পক্ষত আহিব পাৰে ৷ আপোনাৰ প্ৰতিপক্ষৰ পৰা অলপ সাৱধানে থাকক, কিয়নো তেওঁলোকে কিবা কৰক বা নকৰক, নিশ্চিতভাৱে আপোনাৰ মানসিক উদ্বেগ বৃদ্ধি কৰিব ৷ শিক্ষাৰ্থীসকলৰ কথা ক’বলৈ গ’লে, এই সময়ছোৱাত তেওঁলোকে পঢ়া-শুনাত অধিক মনোযোগ দিব লাগিব ৷ প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য লাভ কৰিব পাৰিব ৷ আপুনি এতিয়া নিজৰ স্বাস্থ্যৰ যত্ন ল’ব লাগিব ৷ সপ্তাহৰ মাজৰছোৱা ভ্ৰমণৰ বাবে শুভ ৷

কর্কট ৰাশি: পাৰিবাৰিক জীৱন আৰু উন্নত কৰিবলৈ বিবাহিত লোকসকলে সোমবাৰে ভগৱান শিৱক বাকলিসহ নাৰিকল অৰ্পণ কৰা উচিত ৷ প্ৰেম সম্পৰ্কত থকাসকলৰ বাবে এই সপ্তাহটো অতি গুৰুত্বপূৰ্ণ ৷ প্ৰিয়জনক আঘাত দিয়া কোনো কাম নকৰিব, ই আপোনালোকৰ সম্পৰ্কটো ভাঙি যোৱাৰ পথলৈ আনিব পাৰে ৷ সপ্তাহৰ আৰম্ভণিতে ব্যৱসায়ৰ বাবে যথেষ্ট সংগ্ৰাম কৰিব লাগিব ৷ কিছু বিদেশ ভ্ৰমণো হ’ব পাৰে, যিবোৰ আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব ৷ আপোনাৰ বৃত্তি বা কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি হ’ব ৷ এই সময়খিনি চাকৰিয়াল লোকসকলৰ বাবে বেছি ভাল হ’ব আৰু আপোনাৰ বাবে পদোন্নতিৰ সম্ভাৱনাও থাকিব পাৰে ৷ শিক্ষাৰ্থীসকলৰ কথা ক’বলৈ গ’লে, এই সময়খিনিত তেওঁলোক পঢ়া-শুনাৰ প্ৰতি আগ্ৰহী হ’ব ৷ ইয়াৰ ফলত তেওঁলোকে ভাল ফলাফলো লাভ কৰিব ৷ আপোনাৰ ডিঙি, পেট বা কঁকালৰ সৈতে সম্পৰ্কিত সমস্যা হ’ব পাৰে ৷ ভ্ৰমণৰ বাবে সপ্তাহটো শুভ হ’ব ৷

সিংহ ৰাশি: এই সপ্তাহটো আপোনাৰ প্ৰেম সম্পৰ্কৰ বাবেও যথেষ্ট শুভ হ'ব ৷ আপুনি আপোনালোকৰ সম্পৰ্কত বহুত সুখী হ’ব আৰু লগতে তেওঁৰ সৈতে ফুৰিবলৈ যোৱাতো সফল হ’ব ৷ এই লগ কৰাৰ জৰিয়তে আপোনালোকৰ সামঞ্জস্য উন্নত হ’ব ৷ বিবাহিত লোকসকলেও জীৱন সংগীৰ সৈতে ক’ৰবালৈ যাব পাৰে ৷ সপ্তাহৰ আৰম্ভণিটো ভাল হ’ব আৰু আপোনাৰ কামত আপুনি বহুত সুখী হোৱা যেন লাগিব ৷ ব্যৱসায়ত কৰা কঠিন পৰিশ্ৰমৰ ফলাফলো লাভ কৰিব ৷ একাধিক ঠাইৰ পৰা ভাল সুবিধা লাভ কৰিব পাৰিব ৷ এই সময়ছোৱাত আপুনি বিনিয়োগৰ ওপৰত খুব গুৰুত্ব দিব ৷ চাকৰিয়াল লোকসকলে নিজৰ কামত যথেষ্ট দৃঢ়তা লাভ কৰিব আৰু ইয়াৰ পৰাও লাভান্বিতও হ’ব ৷ শিক্ষাৰ্থীসকলক তেওঁলোকৰ গুৰুসকলৰ মাজৰ কাৰোবাৰ নিৰ্দেশনাৰ প্ৰয়োজন হ’ব ৷ স্বাস্থ্যৰ দিশৰ পৰা, এতিয়া আপুনি নিজৰ স্বাস্থ্যৰ যত্ন ল’ব লাগিব ৷ সপ্তাহৰ শেষৰ 2টা দিন ভ্ৰমণৰ বাবে শুভ হ’ব ৷

কন্যা ৰাশি: দাম্পত্য জীৱনৰ বাবে সময় শুভ হ’ব ৷ জীৱন সংগীৰ সৈতে আপোনাৰ ঘনিষ্ঠতা বাঢ়িব ৷ আপোনাৰ জীৱন সংগীয়ে আপোনাক আগবাঢ়ি যাবলৈ কিছুমান গুৰুত্বপূৰ্ণ পৰামৰ্শ দিব পাৰে, যিবোৰৰ আপুনি বহুত প্ৰশংসা কৰিব ৷ আপুনি আপোনাৰ সহকৰ্মীসকলৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব আৰু তেওঁলোক নিজেই আপোনাৰ সমৰ্থনত থিয় হৈ থকা দেখা যাব ৷ আপুনি নিজে আত্মবিশ্বাসেৰে ভৰি পৰিব ৷ এই পৰিস্থিতিয়ে ব্যৱসায়ত আপোনাক বহুত উপকৃত কৰিব ৷ শিক্ষাৰ্থীসকলৰ কথা ক’বলৈ গ’লে, এতিয়া আপুনি কঠিন পৰিশ্ৰম কৰিব, কিন্তু কঠিন পৰিশ্ৰমৰ লগতে সময়ৰ প্ৰতিও গুৰুত্ব দিব ৷ এই সপ্তাহত আপুনি এটা কথা মনত ৰাখিব যে আপুনি যাতে অযথা মানসিক চাপত নাথাকে ৷ কাৰণ ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে ৷ খাদ্যত পুষ্টিকৰ উপাদান অন্তৰ্ভুক্ত কৰক ৷ এখন ভাল ৰাতিপুৱাৰ ৰুটিন বনাই লওক, য’ত নিশ্চিতভাৱে জগিং কৰা নাইবা জিমলৈ যোৱা অন্তৰ্ভুক্ত হ’ব লাগে ৷ সপ্তাহৰ প্ৰথম দিনটো ভ্ৰমণৰ বাবে শুভ ৷

তুলা ৰাশি: আপোনাৰ পৰিয়ালৰ কিছুমান মানুহৰ আচৰণত আপুনি অশান্তি পাব পাৰে, ইয়াৰ ফলত আপুনি তেওঁলোকৰ বিষয়ে বেয়াকৈ ক’ব, যাৰ ফলত ঘৰত কাজিয়া হ’ব পাৰে ৷ গতিকে সম্পূৰ্ণৰূপে সাৱধানে থাকক ৷ প্ৰেম সম্পৰ্কৰ বাবে সময় শুভ হ’ব, কিন্তু আপোনাৰ প্ৰিয়জনক অকলশৰীয়া নকৰিব, তেওঁৰ সৈতে নিয়মীয়াকৈ যোগাযোগ বজাই ৰাখক ৷ পাৰিবাৰিক জীৱনৰ সকলো সূক্ষ্মতা বুজি বিবাহিত লোকসকলে নিজৰ জীৱন সংগীক সুখ দিব আৰু বিনিময়ত সুখ উপভোগ কৰিব ৷ চাকৰিয়াল লোকসকলৰ বাবেও সময় অনুকূল ৷ আপোনাৰ প্ৰয়াস ভাল হ’ব আৰু ইয়াৰ পৰা আপুনি লাভান্বিতও হ’ব ৷ আদালত সম্পৰ্কীয় বিষয়ত আপুনি সাফল্য লাভ কৰিব ৷ সপ্তাহৰ আৰম্ভণিটো ভ্ৰমণৰ বাবে শুভ ৷ শিক্ষাৰ্থীসকলে পঢ়া-শুনাত ভালদৰে মনোনিৱেশ কৰিব পাৰিব ৷ ইয়াৰ পৰা তেওঁলোক উপকৃতও হ’ব ৷ স্বাস্থ্যৰ দিশৰ পৰা, আপোনাৰ বাবে ডিঙিৰ সমস্যা হ’ব পাৰে ৷

বৃশ্চিক ৰাশি: সপ্তাহৰ আৰম্ভণিতে বন্ধু-বান্ধৱীক লগ কৰাৰ সুযোগ পাব, যাৰ ফলত আপোনাৰ মনটো ভাল লাগিব ৷ অৱশ্যে, এতিয়া আপোনাৰ আচৰণলৈ পৰিৱৰ্তন আহিব ৷ প্ৰেম সম্পৰ্কৰ বাবে সময় শুভ হ’ব, কিন্তু আপুনি নিজৰ আচৰণৰ ভাৰসাম্য ৰক্ষা কৰিব লাগিব ৷ আপোনাৰ এই আচৰণে আপোনাৰ কৰ্মক্ষেত্ৰতো প্ৰভাৱ পেলাব পাৰে ৷ সতৰ্কতাৰে কাম কৰক, ইয়াৰ ফলত চাকৰিৰ ক্ষেত্ৰত আপোনাৰ পদবী উন্নত হ’ব ৷ আপোনাৰ কাম আগবাঢ়ি যাব ৷ ব্যৱসায় কৰা লোকসকলে চৰকাৰৰ পৰা ডাঙৰ সুবিধা পোৱাৰ সম্ভাৱনা আছে ৷ চৰকাৰী প্ৰকল্পৰ সৈতে জড়িত হৈ আপুনি লাভৱান হ’ব পাৰে ৷ বহু কাম মৰমেৰে কথা পাতিয়েই কৰিব পাৰিব ৷ শিক্ষাৰ্থীসকলৰ কথা ক’বলৈ গ’লে, তেওঁলোকৰ অৱস্থা এতিয়া উন্নত হ’ব ৷ তেওঁলোক উদ্বেগৰ পৰা ওলাই আহিব, যাৰ ফলত তেওঁলোকৰ লাভো হ’ব ৷ আপুনি এতিয়া নিজৰ স্বাস্থ্যৰ যত্ন ল’ব লাগিব ৷ সপ্তাহৰ আৰম্ভণিৰ পৰা মাজভাগলৈকে সময়ছোৱা ভ্ৰমণৰ বাবে অনুকূল হ’ব ৷

ধনু ৰাশি: দুটা কথাত যথেষ্ট গুৰুত্ব দিব লাগিব, এটা হ’ল আপোনাৰ স্বাস্থ্য আৰু আনটো হ’ল আপোনাৰ ব্যয় ৷ এফালে ব্যয় বৃদ্ধি হ’ব আৰু আনফালে আপুনি অসুস্থ হ’ব পাৰে ৷ অসুস্থতাৰ বাবেও ব্যয় হ’ব পাৰে ৷ যদি আপুনি গুৰুত্ব নিদিয়ে, তেন্তে আপোনাৰ সমস্যা বাঢ়িব পাৰে, গতিকে সময়মতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো নিশ্চিত কৰক ৷ চাকৰিয়াল লোকসকলে নিজৰ কামত মনোনিৱেশ কৰাটো প্ৰয়োজন ৷ আপোনাৰ মন বিচলিত হ’ব পাৰে, এই কথা মনত ৰাখিব ৷ ব্যৱসায়ৰ বাবে এই সময়খিনি উত্থান-পতনপূৰ্ণ হ’ব ৷ কিছুমান প্ৰতিদ্বন্দ্বীও সবল হ’ব, যাৰ বাবে আপুনি কিছুমান অযথা ব্যয় বহন কৰিব লাগিব ৷ বন্ধু-বান্ধৱীৰ সহায় সহযোগিতা থাকিব ৷ অৱশ্যে, আপোনাৰ প্ৰিয়জনৰ স্বাস্থ্যৰ অৱনতিও ঘটিব পাৰে, গতিকে সাৱধান হওক ৷ শিক্ষাৰ্থীসকলে কঠিন পৰিশ্ৰম কৰিব, যাৰ ফলত তেওঁলোকৰ প্ৰদৰ্শনো ভাল হ’ব ৷ সপ্তাহৰ আৰম্ভণি আৰু মাজৰছোৱা ভ্ৰমণৰ বাবে শুভ হ’ব ৷

মকৰ ৰাশি: আপোনাৰ জীৱন সংগী আপোনাৰ প্ৰতি অনুগত হৈ থাকিব, যিয়ে আপোনালোকৰ পাৰিবাৰিক জীৱনলৈ সুখ কঢ়িয়াই আনিব ৷ আপোনালোকৰ সম্পৰ্কত যি ব্যস্ততা চলি আছিল, সেই ব্যস্ততা আঁতৰি যাব ৷ আপোনাৰ জীৱন সংগীৰ সৈতে ঘনিষ্ঠতা বাঢ়িব ৷ প্ৰেম সম্পৰ্কৰ বাবেও সময়খিনি উপভোগ্য হ’ব ৷ আপোনাৰ বৰ্তমানৰ সম্পৰ্কটো ভাঙিব পাৰে ৷ আপোনাৰ বদলি হোৱাৰ সম্ভাৱনা আছে ৷ ব্যৱসায় কৰাসকলে তেওঁলোকৰ কঠিন পৰিশ্ৰম অনুপাতে ফলাফল পাব আৰু আপুনি নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিব লাগিব ৷ শিক্ষাৰ্থীসকলৰ কথা ক’বলৈ গ’লে, ঘৰত ইতিবাচক পৰিৱেশ বজাই ৰাখিবলৈ চেষ্টা কৰক, তেতিয়াহে আপুনি পঢ়া-শুনাত ভালদৰে মনোনিৱেশ কৰিব পাৰিব ৷ স্বাস্থ্যৰ দিশৰ পৰা, আপোনাৰ স্বাস্থ্য এতিয়া ভাল হৈ থাকিব ৷ অৱশ্যে, স্বাস্থ্যৰ যত্ন লোৱাৰ প্ৰয়োজন আছে ৷ গোটেই সপ্তাহটো ভ্ৰমণৰ বাবে অনুকূল যেন লাগে ৷

কুম্ভ ৰাশি: পাৰিবাৰিক পৰিৱেশ অলপ অশান্ত হ’ব পাৰে ৷ প্ৰেম সম্পৰ্কৰ বাবে সময় ঠিকেই আছে, মাত্ৰ আপোনালোকৰ সামঞ্জস্য অলপ বিঘ্নিত হ’ব পাৰে, যিটো পাৰস্পৰিক কথা-বতৰাৰ দ্বাৰা শুধৰণি কৰিব পাৰি ৷ আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি যথেষ্ট সাফল্য লাভ কৰিব ৷ পদ আৰু প্ৰতিপত্তিৰ সুবিধা লাভ কৰিব ৷ আয়ো বৃদ্ধি হ’ব পাৰে ৷ ব্যৱসায়িক দৃষ্টিকোণৰ পৰাও সময়খিনি শুভ ৷ আপুনি চৰকাৰী খণ্ডৰ পৰা সুবিধা ল’বলৈ চেষ্টা কৰা উচিত ৷ বন্ধু-বান্ধৱীৰ সহযোগিতা পাব আৰু পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে আপোনাক আশীৰ্বাদ কৰিব ৷ শিক্ষাৰ্থীসকলৰ কথা ক’বলৈ গ’লে, আপুনি কঠিন পৰিশ্ৰম কৰিব আৰু সেই কঠিন পৰিশ্ৰম আপোনাৰ পঢ়া-শুনা আৰু প্ৰদৰ্শনত দৃষ্টিগোচৰ হ’ব ৷ স্বাস্থ্যৰ দিশৰ পৰা, আপুনি এতিয়া নিজৰ স্বাস্থ্যৰ যত্ন ল’ব লাগিব, কিয়নো আপুনি অসাৱধান হ’ব পাৰে, যিটো আপোনাৰ বাবে ক্ষতিকাৰক হ’ব ৷ সপ্তাহৰ মাজৰছোৱা আৰু শেষৰ দিনকেইটা ভ্ৰমণৰ বাবে শুভ হ’ব ৷

মীন ৰাশি: শহুৰ-শাহুৰ ফালৰ হস্তক্ষেপৰ বাবে বিবাহিত লোকসকলে গাৰ্হস্থ্য জীৱনত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ প্ৰেম সম্পৰ্কত থকাসকলৰ বাবে এই সপ্তাহটো শুভ হ’ব ৷ আপোনালোকৰ সম্পৰ্ক ভাল হ’ব ৷ সপ্তাহৰ আৰম্ভণিতে আপুনি কিছুমান নতুন কথা জানিবলৈ সুযোগ পাব, যিবোৰ আপোনাৰ কামৰ সন্দৰ্ভত জনাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব ৷ ইয়াৰ জৰিয়তে আপুনি আপোনাৰ কাম আৰু ভালকৈ উন্নত কৰিব পাৰিব আৰু ইয়াৰ বাবেই আপোনাৰ আৰ্থিক স্থিতিৰ উন্নতি হ’ব ৷ এই সপ্তাহটো ব্যৱসায়ীসকলৰ বাবে কিছু মনোযোগ দিবলগীয়া, কাৰণ ভুল ঠাইত ধন বিনিয়োগ কৰিলে ধনহানি হ’ব পাৰে ৷ এই সময়ত বিনিয়োগ কৰাটো বিপদহীন নহয় ৷ শিক্ষাৰ্থীসকলৰ কথা ক’বলৈ গ’লে, তেওঁলোকে নিজৰ কষ্ট অনুসৰি পঢ়া-শুনাৰ সুফল পাব ৷ আপোনাৰ স্বাস্থ্য এতিয়া ভাল হৈ থাকিব ৷ সপ্তাহৰ শেষৰ দিনকেইটা ভ্ৰমণৰ বাবে শুভ হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.