ETV Bharat / bharat

Women’s quota bill: দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অকলেই যুঁজি থকাৰ দাবী AIMIM শীৰ্ষ আছাদুদ্দিন ওৱেইচিৰ

author img

By ANI

Published : Sep 25, 2023, 8:22 AM IST

হায়দৰাবাদত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি নাৰী শক্তি বন্দন অধিনিয়ম সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইচিৰ ৷ তেওঁৰ দলে বিধেয়কখনৰ বিৰোধিতা জনোৱা কথাই সদনক স্তম্ভিত কৰি তুলিছে বুলি কয় ওৱেইচিয়ে ৷

women’s quota bill
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অকলেই যুঁজি থকাৰ দাবী AIMIM শীৰ্ষ

নেশ্যনেল ডেস্ক, 25 ছেপ্টেম্বৰ: নাৰী শক্তি বন্দন অধিনিয়ম সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইচিয়ে ৷ লোকসভাত মহিলা সংৰক্ষণ বিধেয়কৰ বিৰুদ্ধে AIMIM দলৰ সাংসদে ভোটদান কৰাৰ কিছুদিন পিছতে দেওবাৰে দলটোৰ মুৰব্বী আছাদুদ্দিন ওৱেইচিয়ে কয় যে নাৰী শক্তি বন্দন অধিনিয়মৰ বিৰোধিতা কৰা ‘দুটা’ ভোটে “সদনক স্তম্ভিত কৰি তুলিছে” ।

নিজৰ সংসদীয় সমষ্টি হায়দৰাবাদত ৰাজহুৱা সভা এখনত ভাষণ দি সাংসদগৰাকীয়ে কয় যে, "বিজেপিৰ নেতাসকলে কৈয়েই থাকিল যে আমাৰ দুগৰাকী সাংসদে মহিলা সংৰক্ষণ বিধেয়কৰ বিৰুদ্ধে ভোটদান কৰিছে । কিন্তু, আমি সংসদক স্তম্ভিত কৰি তুলিলোঁ ।"

"মুঠ 450 জন সাংসদে বিধেয়কখনৰ সপক্ষত ভোট দিলে আৰু কেৱল মাত্ৰ 2 জন সাংসদে বিধেয়কখনৰ বিৰুদ্ধে ভোট দিলে । এই সন্দৰ্ভত অধ্যক্ষই কয় যে, ওৱেইছি চাহাব, আপোনাৰ লগত কোনো নাই, মই উত্তৰ দিলোঁ, আল্লাহ মোৰ লগত আছে" সাংসদগৰাকীয়ে কয় ৷

বিজেপি আৰু কংগ্ৰেছ যে, একেলগে আছে সেই কথা সমগ্ৰ দেশক দেখুৱাই দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কেৱল তেওঁহে যুঁজিছে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ।

তেওঁ লগতে কয়, "মই সমগ্ৰ দেশক জনায় দিলো যে কংগ্ৰেছ আৰু বিজেপি একেলগে আছে আৰু সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছো একেলগ হৈ আছে । কেৱল মইহে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে যুঁজিছো আৰু আপোনালোক সকলোৱে একেলগে আছে ।"

লোকসভাৰ লগতে ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে 33 % সংৰক্ষণৰ ব্যৱস্থা থকা মহিলা কোটা বিধেয়কখনে বৃহস্পতিবাৰে ৰাজ্যসভাত 214 জন সদস্যৰ সমৰ্থনত লাভ কৰে ৷ কোনোৱেই বিধেয়কখনৰ বিপক্ষে ভোটদান নকৰিলে ।

454 টা ভোটৰ বৃহৎ সংখ্যাগৰিষ্ঠতাৰে গৃহীত হোৱাৰ লগে লগে এই বিধেয়কখনে লোকসভালৈ গৃহীত হয় ৷ মাত্ৰ 2 গৰাকী সাংসদে ইয়াৰ বিৰুদ্ধে ভোটদান কৰে । এই খচৰা আইনখনৰ বিৰোধিতা জনায় AIMIM ৰ সাংসদগৰাকীয়ে কয় যে, ইয়াত মুছলমান আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ মহিলাসকলৰ বাবে উপ-কোটাৰ ব্যৱস্থা নাই ।

ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ দিনত 2010 চনত ৰাজ্যসভাই মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিছিল যদিও লোকসভাত এই বিধেয়ক গ্ৰহণ নকৰি পৰৱৰ্তী সময়ত নিম্ন সদনত ইয়াৰ ম্যাদ উকলি যায় ।

লগতে পঢ়ক: Owaisi challenges Rahul: লোকসভা নিৰ্বাচনত হায়দৰাবাদৰ পৰা অৱতীৰ্ণ হ’বলৈ ৰাহুল গান্ধীক প্ৰত্যাহ্বান ওৱেইছিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.