ETV Bharat / bharat

municipal corporation polls in Tripura : শান্তিপূৰ্ণভাৱে অব্যাহত ভোটদান

author img

By

Published : Nov 25, 2021, 11:11 AM IST

ত্ৰিপুৰাৰ ৰাজ্যিক নিৰ্বাচন আয়োগে আগৰতলা পৌৰ নিগমকে ধৰি 20 খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল ৷ সেই অনুসৰি বৃহস্পতিবাৰৰ পুৱা 7 বজাৰ পৰা ৰাজ্যখনত আৰম্ভ হৈছে ভোটগ্ৰহণ(municipal corporation polls in Tripura) প্ৰক্ৰিয়া ৷

municipal corporation polls in Tripura
শান্তিপূৰ্ণভাৱে অব্যাহত ভোটদান

নেশ্যনেল ডেস্ক, 25 নৱেম্বৰ : ত্ৰিপুৰাৰ পৌৰ নিগমসমূহত ২০০ তকৈও অধিক আসনৰ বাবে অব্যাহত আছে নিৰ্বাচন ৷ বৃহস্পতিবাৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ(municipal corporation polls in Tripura) প্ৰক্ৰিয়া ৷ ত্ৰিপুৰা ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাজ্যখনৰ আঠখন জিলাৰ ভিতৰত আগৰতলা পৌৰ নিগমকে ধৰি 20 খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল ।

পৌৰ নিৰ্বাচনৰ বাবে ৰাজ্যজুৰি মুঠ ৭৭০ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে আগৰতলা পৌৰ নিগম আৰু ১৯ খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে মুঠ ৩৩৪ খন আসনৰ ১১২ খন দখল কৰিবলৈ সক্ষম হৈছে ৷

বৃহস্পতিবাৰে বাকী থকা ২২২ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু ভোটগণনা ২৮ নৱেম্বৰত অনুষ্ঠিত হ'ব । 20 খন নগৰীয়া স্থানীয় সংস্থাৰ সৈতে ৰাজ্যখনত মুঠ 334 খন আসন আছে ৷ য'ত ছয়খন নগৰ পঞ্চায়ত, 13 খন পৌৰ পৰিষদ আৰু এটা পৌৰ নিগম আছে । ভোটগ্ৰহণৰ সামৰণি পৰিব আবেলি 4 বজাত ৷

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হ’ব ৪ ডিচেম্বৰত ৷ ২০১৮ চনত ত্ৰিপুৰাত শাসনলৈ অহাৰ পিছত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া এয়া প্ৰথমটো পৌৰ নিৰ্বাচন ৷

লগতে চাওক: Tripura civic Poll : বৃহস্পতিবাৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.