ETV Bharat / bharat

Tharoor allegation on cong counting: মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে নিৰ্বাচনৰ নিয়ম উলংঘনৰ অভিযোগ থাৰুৰ শিবিৰৰ

author img

By

Published : Oct 19, 2022, 2:32 PM IST

Updated : Oct 19, 2022, 10:18 PM IST

ভোটগণনা প্ৰক্ৰিয়াৰ মাজতে কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে উত্থাপিত হৈছে ভোটদানৰ নিয়ম উলংঘনৰ অভিযোগ ৷ কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে এই অভিযোগ কৰিছে তেওঁৰেই প্ৰতিদ্বন্দী তথা কংগ্ৰেছ নেতা শশী থাৰুৰৰ শিবিৰে(Shashi Tharoor allegation on cong counting) ৷

Violation of polling norms, alleges Tharoor camp
মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে নিৰ্বাচনৰ নিয়ম উলংঘনৰ অভিযোগ থাৰুৰ শিবিৰৰ

নিউজ ডেস্ক, 19 অক্টোবৰ: সুদীৰ্ঘ ২৪ বছৰৰ পাছত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতিৰ বাবে অনুষ্ঠিত হৈছে ভোটদান (Congress new president) । বুধবাৰে ঘোষণা হ'ব এআইচিচিৰ সভাপতিৰ নাম । পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে সভাপতি পদৰ নিৰ্বাচনৰ ভোটগণনা(Congress presidential election vote counting) ৷

Violation of polling norms, alleges Tharoor camp
মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে নিৰ্বাচনৰ নিয়ম উলংঘনৰ অভিযোগ থাৰুৰ শিবিৰৰ

কিন্তু ভোটগণনা প্ৰক্ৰিয়াৰ মাজতে কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে উত্থাপিত হৈছে ভোটদানৰ নিয়ম উলংঘনৰ অভিযোগ ৷ কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে এই অভিযোগ কৰিছে তেওঁৰেই প্ৰতিদ্বন্দী তথা কংগ্ৰেছ নেতা শশী থাৰুৰৰ শিবিৰে(Shashi Tharoor allegation on cong counting) ৷

শশী থাৰুৰৰ নিৰ্বাচনী এজেণ্ট ছলমান ছোজেয়ে মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে ভোটদানৰ নিয়ম উলংঘন কৰাৰ অভিযোগ কৰে । ছলমান ছোজেয়ে কয়, "আমি কেন্দ্ৰীয় নিৰ্বাচন কৰ্তৃপক্ষলৈ প্ৰেম পত্ৰ লিখা নাই ৷ আমি বিষয়টোৰ একেবাৰেই ভিতৰতো সোমাব নিবিচাৰো, কিয়নো ই এটা আভ্যন্তৰীণ বিষয় আৰু সেয়া অনুচিত হ'ব ৷ কিন্তু আমি আমাৰ উদ্বেগ প্ৰকাশ কৰাৰ বাবে দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন কৰ্তৃপক্ষৰ (চিইএ) সৈতে নিৰন্তৰ যোগাযোগ কৰি আছো ।"

সূত্ৰ অনুসৰি, শশী থাৰুৰে দুয়োজন প্ৰাৰ্থীকে সম সুবিধা নিদিয়াৰ অভিযোগ কৰিছে । কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয়ে বিষয়াসকলক যিকোনো প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ বাধা দিছিল । কিন্তু কিছুমান স্থানত, কাৰ্যালয়ৰ বিষয়াসকলে মুকলিকৈ খাৰ্গেক সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ কৰিছিল যিটোক লৈ থাৰুৰে আপত্তি কৰিছিল ।

উল্লেখ্য যে, কংগ্ৰেছ দলটোৱে বিগত প্ৰায় দুই দশকতকৈও অধিক সময় দলটোৰ নেতৃত্ব বহন কৰাৰ পাছত শীৰ্ষ পদত এজন অ-গান্ধীক প্ৰত্যক্ষ কৰিবলৈ সাজু হৈছে । ভোট গণনাৰ আগতে, এক নিৰপেক্ষ প্ৰক্ৰিয়া নিশ্চিত কৰিবলৈ সকলো ৰাজ্যৰ সকলো বেলট পেপাৰ একত্ৰিত কৰা হৈছিল । 1998 চনৰ পৰা, ছোনিয়া গান্ধী সভাপতি হৈ আছে ৷

আনহাতে ৰাহুল গান্ধীয়ে কিছু সময়ৰ বাবে সভাপতি পদটো দখল কৰিছিল আৰু 2019 চনৰ লোকসভা নিৰ্বাচনৰ বিপৰ্যয়ৰ পিছত পদত্যাগ কৰিছিল । নতুন সভাপতিৰ সন্মুখত প্ৰথম প্ৰত্যাহ্বান হ'ব ৰাজস্থান কংগ্ৰেছত চলি থকা ৰাজনৈতিক বিবাদ সমাধান কৰা ।

লগতে পঢ়ক: Congress President Elections Results: কংগ্ৰেছৰ নতুন সভাপতি মল্লিকাৰ্জুন খাৰ্গে

Last Updated : Oct 19, 2022, 10:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.