ETV Bharat / bharat

Vice presidential polls: উপ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰথম দিনাই ৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

author img

By

Published : Jul 6, 2022, 10:48 AM IST

Vice presidential polls
উপ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰথম দিনাই ৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মঙলবাৰৰ পৰা মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ । প্ৰথম দিনাই ৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল (Five candidates filed nomination for VP election)। ১৯ জুলাই মনোনয়ন দাখিলৰ অন্তিম দিন ।

নেশ্যনেল ডেস্ক,৬ জুলাই : অহা ৬ আগষ্টত অনুষ্ঠিত হ'ব উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন (Vice presidential polls 2022)। ইতিমধ্যে উপ-ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থীৰ মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে । মঙলবাৰৰ পৰা আৰম্ভ হোৱা মনোনয়ন প্ৰক্ৰিয়াত ইতিমধ্যে ৫ গৰাকীয়ে মনোনয়ন দাখিল কৰিছে (Five candidates filed nomination for VP election)। অৱশ্যে বাধ্যতামূলক দস্তাবেজ দাখিল কৰাত ব্যৰ্থ হোৱাৰ বাবে এগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ কৰা হয় । ১৯ জুলাই মনোনয়ন দাখিলৰ অন্তিম দিন ।

ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ৰ তথ্য অনুসৰি, তামিলনাডুৰ চালেম জিলাৰ কে পদ্মৰাজন, আহমেদাবাদৰ পৰা পৰেশ কুমাৰ নানুভাই মুলানি, বেংগালুৰুৰ হোচমথ বিজয়ানন্দ আৰু অন্ধ্ৰ প্ৰদেশৰ নাইডুগাৰী ৰাজশেখৰ শ্ৰীমুখলিঙ্গমে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছে । মধ্য প্ৰদেশৰ গোৱালিয়ৰৰ আনন্দ সিং খুচৱাহা, যাক "ৰামায়ণী চায়ৱালা" নামেৰে জনা যায় তেওঁ সংসদৰ ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰা সকলৰ ভিতৰত অন্যতম আছিল । অৱশ্যে খুচৱাহাৰ কাগজপত্ৰহে গ্ৰহণ কৰা হৈছে, তেওঁ ১৫,০০০ টকাৰ সুৰক্ষা ধন জমা কৰা নাই ।

ইফালে শ্ৰীমুখলিঙ্গমৰ কাগজপত্ৰসমূহ নাকচ কৰা হৈছে কিয়নো তেওঁৰ নিজৰ লোকসভা সমষ্টিৰ ভোটাৰ তালিকাত প্ৰাৰ্থীৰ সৈতে সম্পৰ্কিত প্ৰৱেশৰ প্ৰমাণিত প্ৰতিলিপি দাখিল কৰাত ব্যৰ্থ হৈছিল । আন চাৰিগৰাকীৰ মনোনয়ন ২০ জুলাইত পৰীক্ষা কৰা হ'ব । অৱশ্যে এই মনোনয়নসমূহ নাকচ কৰিব পাৰে কিয়নো তেওঁলোকক ২০ জন সাংসদে প্ৰস্তাৱক হিচাপে সমৰ্থন কৰা নাছিল আৰু তেওঁলোকৰ আন ২০ গৰাকী দ্বিতীয় সমৰ্থক বা ছেকেণ্ডাৰ নাছিল ।

উল্লেখ্য যে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰাৰ্থী হিচাপে সফল মনোনয়নৰ বাবে, এগৰাকী মনোনীত ব্যক্তিক প্ৰস্তাৱক হিচাপে ২০ গৰাকী সাংসদ প্ৰস্তাৱক হিচাপে আৰু আন ২০ গৰাকী সাংসদ দ্বিতীয় সমৰ্থক বা ছেকেণ্ডাৰ হিচাপে থাকিব লাগিব । বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ কাৰ্যকাল ১০ আগষ্টত শেষ হ'ব আৰু পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতিয়ে ১১ আগষ্টত শপত ল'ব (New VP of India to take oath on August 11)।

ৰাজনৈতিক দলবোৰে এতিয়াও নিৰ্বাচনৰ বাবে তেওঁলোকৰ প্ৰাৰ্থীৰ নাম উল্লেখ কৰা নাই । উপ-ৰাষ্ট্ৰপতিগৰাকী ৰাজ্যসভাৰ অধ্যক্ষও । ২৯ জুনত নিৰ্বাচন আয়োগে (EC) জাৰী কৰা এক বিবৃতি অনুসৰি যিহেতু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত সংসদৰ দুয়োখন সদনৰ সদস্য আৰু প্ৰতিগৰাকী সাংসদৰ ভোটৰ মূল্য একে হ'ব ।

লগতে পঢ়ক :কেপ্টেইন অমৰিন্দৰ সিং হ'ব নেকি এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.