ETV Bharat / bharat

ছত্তীশগড়ত প্ৰবীণ ভোটাৰৰ ব্যাপক সঁহাৰি; মুখ্যমন্ত্ৰী বাঘেলৰ ভোটদান

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 3:57 PM IST

ছত্তীশগড়ত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে । বিজেপি আৰু কংগ্ৰেছ নেতাসকলে ভোটদানৰ পিছত জনসাধাৰণক বৃহৎ সংখ্যাত ভোট দিবলৈ আহ্বান জনায় । ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দনে ৰায়পুৰৰ এটা ভোটকেন্দ্ৰত ভোটদান কৰে । আনহাতে, মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে দূৰ্গত ভোটদান কৰে । ইফালে উপ-মুখ্যমন্ত্ৰী টি এছ সিংদেৱে অম্বিকাপুৰৰ এটা ভোটকেন্দ্ৰত ভোটদান কৰে ।

ছত্তীশগড়ত প্ৰবীণ ভোটাৰৰ ব্যাপক সঁহাৰি; মুখ্যমন্ত্ৰী বাঘেলৰ ভোটদান
ছত্তীশগড়ত প্ৰবীণ ভোটাৰৰ ব্যাপক সঁহাৰি; মুখ্যমন্ত্ৰী বাঘেলৰ ভোটদান

নিউজ ডেস্ক, ১৭ নৱেম্বৰ : শুকুৰবাৰে মধ্যপ্ৰদেশৰ লগতে ছত্তীশগড়তো দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । নক্সালপীড়িত ৰাজ্যখনত ৭০ খন বিধানসভা আসনৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বিতা হৈছে । এই নিৰ্বাচনত ৯৫৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব । ইফালে ৰাজ্যখনৰ ৰাজ্যপাল তথা বিলাসপুৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে । লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলেও ভোটদান কৰে ।

ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দন আৰু ৰাজ্যখনৰ প্ৰথম মহিলা সুপ্ৰভা হৰিচন্দনে চিহাৱা ভৱন চিভিল লাইনছৰ এটা আদৰ্শ ভোটকেন্দ্ৰত ভোটদান কৰে । আনহাতে, ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দনে ৰাজ্যখনৰ সকলো ভোটাৰকে ভোটদানৰ অধিকাৰ প্ৰয়োগ কৰিবলৈ আহ্বান জনায় । ভোটদানৰ পিছত ৰাজ্যপালে ছেলফি জোনত এখন ফটোও তোলে ।

আনহাতে, বিলাসপুৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় আগৰৱালে তেওঁৰ পৰিয়ালৰ সৈতে ভোটদান কৰে । ন্যায়াধীশ সঞ্জয় আগৰৱালে ছত্তীশগড় উচ্চ ন্যায়ালয়ত জ্যেষ্ঠ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । গণতন্ত্ৰৰ এই উৎসৱত তেওঁ পৰিয়ালৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰে । ন্যায়াধীশ সঞ্জয় আগৰৱালে বিলাসপুৰৰ চৰকন্দা বিজ্ঞান মহাবিদ্যালয়ৰ এটা ভোটকেন্দ্ৰত ভোটদান কৰে ।

ইফালে মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ পৰিয়ালে পাটনত ভোটদান কৰে । ভূপেশ বাঘেলে পৰিয়ালটোৰ সৈতে পাটনৰ কুৰুদ দিহৰ ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে । ভূপেশ বাঘেলে এগৰাকী সাধাৰণ ভোটাৰৰ দৰে শাৰীত থিয় হৈ ভোটদানৰ বাবে অপেক্ষা কৰে । ভোটদানৰ পিছত মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কয় যে অনাগত দিনত ৰাজ্যখনত পুনৰবাৰ কংগ্ৰেছ চৰকাৰ গঠন হ'ব ।

প্ৰাক্তন শিক্ষা মন্ত্ৰী প্ৰেম প্ৰকাশ পাণ্ডে আৰু জ্যেষ্ঠ বিজেপি নেতা সৰোজ পাণ্ডেয়ে ভিলাইত ভোটদান কৰে । ভিলাইত কংগ্ৰেছ বিধায়ক তথা প্ৰাৰ্থী দেৱেন্দ্ৰ যাদৱে ভোটদান কৰে । ৰাজ্যৰ গৃহ মন্ত্ৰী তাম্ৰধ্বজ চাহুৱে দূৰ্গত ভোটদান কৰে । বিজেপি আৰু কংগ্ৰেছৰ নেতাসকলেও ৰাইজক ভোট দিবলৈ আহ্বান জনায় ।

আনহাতে, উপ-মুখ্যমন্ত্ৰী টি এছ সিংদেৱে অম্বিকাপুৰৰ এটা ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে । টি এছ সিংদেৱে মহামায়া আৰু সামলয়া মন্দিৰ দৰ্শন কৰি উঠি ভোটদান কৰে ।

কেন্দ্ৰীয় মন্ত্ৰী ৰেণুকা সিঙে তেওঁৰ গৃহগাঁও পৰশুৰামপুৰত উপস্থিত হৈ ১৭২ নম্বৰ বুথত ভোটদান কৰে । ৰায়পুৰৰ সাংসদ সুনীল চোনীয়ে তেওঁৰ পৰিয়ালৰ সৈতে সদৰ বজাৰৰ মহাৰাণা প্ৰতাপ বিদ্যালয়ত ভোটদান কৰে । ভোটদানৰ পিছত তেওঁ কয় যে বিজেপিয়ে ছত্তীশগড়ত ডাবল ইঞ্জিন চৰকাৰ গঠন কৰিব । ভাৰতীয় জনতা পাৰ্টীয়ে ৫০ খনতকৈও অধিক আসন জয়ী হ'ব বুলি তেওঁ কয় ।

জেচিচিজেৰ ৰাজ্যিক সভাপতি অমিত যোগী আৰু ৰাষ্ট্ৰীয় সভাপতি তথা কোটাৰ বিধায়ক ডঃ ৰেণু যোগীয়ে কোটা বিধানসভা সমষ্টিৰ ৯ নম্বৰ ভোটকেন্দ্ৰ চাৰবাহাৰাত ভোটদান কৰে । ভোটদান কৰি উঠি অমিত যোগীয়ে ৰাজ্যখনত জেচিচিজেয়ে চৰকাৰ গঠন কৰাৰ দাবী কৰে ।

উল্লেখ্য যে ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ১৮,৮০০ তকৈও অধিক ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । মুঠ ৯৫৮ গৰাকী প্ৰাৰ্থী ৭০ খন আসনৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে । ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ ফলাফল আন চাৰিখন ৰাজ্যৰ সৈতে ৩ ডিচেম্বৰত প্ৰকাশ পাব ।

লগতে পঢ়ক :মধ্যপ্ৰদেশত নিৰ্বাচনী হিংসা, দুই ফৈদৰ সংঘৰ্ষত এজন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.