ETV Bharat / bharat

Varanasi G20 summit : ভিডিঅ’ মেছেজৰ জৰিয়তে বাৰাণসীৰ জি-২০ সন্মিলনত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

author img

By

Published : Jun 12, 2023, 1:22 PM IST

দেওবাৰৰ পৰা বাৰাণসীত অনুষ্ঠিত হোৱা আৰম্ভ হোৱা জি-২০ সন্মিলনৰ আজি দ্বিতীয়টো দিন ৷ এই সন্মিলনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত এক ভিডিঅ’ মেছেজৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰিব ৷

Varanasi G20 summit
বাৰাণসী জি-২০ সন্মিলনৰ দ্বিতীয় দিন

নেশ্যনেল ডেস্ক, ১২ জুন : দেওবাৰৰ পৰা উত্তৰ প্ৰদেশৰ বাৰাণসীত অনুষ্ঠিত হৈ আছে জি-২০ সন্মিলন ৷ এই সন্মিলনৰ আজি দ্বিতীয়টো দিন ৷ জি-২০ সন্মিলনৰ দ্বিতীয় দিন পুৱা ৯:৩০ বজাৰ পৰা ট্ৰেড ফেচিলিটেশ্যন চেণ্টাৰত আৰম্ভ হয় অনুষ্ঠানৰ কাৰ্যসূচী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ভিডিঅ’ মেছেজৰ জৰিয়তে ভাষণ প্ৰদান কৰিব । ইয়াৰ পূৰ্বে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে বাণিজ্য সুবিধা কেন্দ্ৰত উপস্থিত হৈ সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ কৰে ।

উল্লেখ্য যে, ১১ জুনৰ পৰা বাৰাণসীত জি-২০ সন্মিলন আৰম্ভ হৈছে । এই সন্মিলন ১৩ জুনলৈকে চলিব । দেওবাৰে জি-২০ অনুষ্ঠানত অংশ লোৱা অতিথিসকলেও বাৰাণসীত উপস্থিত হৈছে । দেওবাৰে কাশীত উপস্থিত হৈছিল বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ । সোমবাৰে মন্ত্ৰীগৰাকীয়ে দলিত শ্ৰমিকৰ ঘৰত গ্ৰহণ কৰে পুৱাৰ জলপান । তাৰ পাচতে জি-২০ উন্নয়ন মন্ত্ৰী সভাৰ প্ৰতিনিধিসকলক আদৰণি জনায় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ।

তথ্য অনুসৰি, মুঠ ২০০ জন প্ৰতিনিধিয়ে জি-২০ ৰ অনুষ্ঠানৰ বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । এই বৈঠকত বিশ্ব অৰ্থনীতিৰ মন্থৰতা, ঋণৰ দুৰ্দশা, জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ আৰু জৈৱ বৈচিত্ৰৰ ক্ষতি, বৃদ্ধি পোৱা দৰিদ্ৰতা আৰু বৈষম্যৰ প্ৰভাৱ আৰু অধিক ভয়াৱহ কৰি তোলা উন্নয়নমূলক প্ৰত্যাহ্বান সন্দৰ্ভত আলোচনা কৰা হ’ব ৷

২০২৩ চনৰ জানুৱাৰী মাহত ভাৰতে আয়োজন কৰা Voice of the Global South Summit ৰ পিচত বাৰাণসীত আয়োজন কৰা হয় এই সমাৱেশ । বাৰাণসী বৈঠকত লোৱা সিদ্ধান্তই ছেপ্টেম্বৰ মাহত নিউয়ৰ্কত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ এছডিজি শীৰ্ষ সন্মিলনতো প্ৰভাৱ পেলাব ।

জানিব পৰা মতে, দেওবাৰে ব্ৰাজিল, জাৰ্মানী, জাপান, ইণ্ডোনেছিয়া আৰু চীনৰ প্ৰতিনিধি বাৰাণসী বিমানবন্দৰত উপস্থিত হয় । প্ৰতিনিধিসকলে বাৰাণসীৰ সংস্কৃতিৰ অভিজ্ঞতা লাভ কৰাৰ লগতে মহানগৰীৰ দশশ্বমেধ ঘাটত দেওবাৰে বিয়লি গংগা আৰতিত অংশগ্ৰহণ কৰে ।

আনকি বৈদেশিক মন্ত্ৰী জয়শংকৰে প্ৰতিনিধিসকলক নেতৃত্ব দি ক্ৰুজ ৰাইড আৰু ঘাটসমূহ দৰ্শন কৰে । ইয়াৰ পূৰ্বে নমোঘাটত অতিথিসকলক পৰম্পৰাগতভাৱে আদৰণি জনোৱা হয় ।

লগতে পঢ়ক : Varanasi G20 summit : বাৰাণসীত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.