ETV Bharat / bharat

Bunkers Along Indo China Border : গঙ্গোত্ৰী ৰাষ্ট্ৰীয় উদ্যানৰ ৫০ হেক্টৰ ভূমি সেনালৈ স্থানান্তৰ

author img

By

Published : Jun 19, 2023, 8:07 PM IST

ভাৰত আৰু চীনৰ মাজত বৰ্ধিত সীমান্ত সংঘৰ্ষৰ প্ৰতি লক্ষ্য ৰাখি সেনাই বাংকাৰসমূহৰ বাবে ভূমি স্থানান্তৰ কৰিবলৈ গঙ্গোত্ৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ ওচৰ চাপে ।

Bunkers Along Indo China Border
Bunkers Along Indo China Border

নিউজ ডেস্ক, ১৯ জুন : উত্তৰাখণ্ডৰ পুষ্কৰ ধামী নেতৃত্বাধীন বিজেপি চৰকাৰে উত্তৰকাশী জিলাৰ গঙ্গোত্ৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা সেনা আৰু আইটিবিপিলৈ প্ৰায় ৫১ হেক্টৰ ভূমি হস্তান্তৰ কৰিব । অঞ্চলটোত যাতে ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তত 'কৌশলগতভাৱে গুৰুত্বপূৰ্ণ' সেনা বাংকাৰ আৰু সীমান্তচকী নিৰ্মাণ কৰাৰ বাবে এই ভূমি সেনালৈ হস্তান্তৰ কৰিব বুলি সূত্ৰত প্ৰকাশ । জানিব পৰা মতে, ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এই সন্দৰ্ভত সেনা জনোৱা অনুৰোধৰ পিছতে প্ৰস্তাৱটোত অনুমোদন জনায় ।

সূত্ৰত প্ৰকাশ পোৱা মতে, সেনাই বাংকাৰ আৰু নিৰীক্ষণচকী নিৰ্মাণৰ বাবে উক্ত ভূমিৰ কিছু অংশ সেনাৰ বাবে হস্তান্তৰ কৰিবলৈ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ কাষ চাপিছিল । উল্লেখ্য যে হস্তান্তৰ কৰিবলগীয়া উক্ত ভূমি ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তত অৱস্থিত নেলংকে ধৰি জাজং আৰু চুমলা পিডিএ অঞ্চলত অৱস্থিত আৰু গঙ্গোত্ৰী ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত ।

যদিও ভাৰতীয় সেনাৰ সৈতে আইটিবিপিৰ জোৱান অঞ্চলটোত উপস্থিত আছে, কিন্তু চীনা পিপ'লছ লিবাৰেচন আৰ্মীৰ সৈতে পুনৰ সংঘৰ্ষৰ বাবে সীমান্তত টহল দিয়াৰ প্ৰয়োজন হৈছে । তাৰ বাবে ভাৰত-চীন সীমান্তত নিৰাপত্তা শক্তিশালী কৰাৰ বাবে ভাৰত চৰকাৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দ্বাৰা নতুন পৰিকল্পনা প্ৰস্তুত কৰা হৈছে ।

গঙ্গোত্ৰী ৰাষ্ট্ৰীয় উদ্যানত সেনা আৰু আইটিবিপিৰ দ্বাৰা বাংকাৰ নিৰ্মাণ উক্ত পৰিকল্পনাৰ এক অংশ । আনহাতে, প্ৰকল্পটোৰ বিষয়ে অধিক বিৱৰণ দি গঙ্গোত্ৰী ৰাষ্ট্ৰীয় উদ্যানৰ উপ-সঞ্চালক আৰ এন পাণ্ডেয়ে কয় যে বন সংৰক্ষক ৰাজাজী ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক ডঃ সাকেত বাদোলাই দুদিন পূৰ্বে এই বিষয়টো সন্দৰ্ভত গঙ্গোত্ৰী ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে ।

এই পৰিদৰ্শনৰ সময়ত বন সংৰক্ষকে সামৰিক বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় । পাণ্ডেয়ে জনোৱা মতে, সামৰিক বিষয়াসকলে অৱগত কৰিছে যে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সীমান্তত ভূমি হস্তান্তৰ সন্দৰ্ভত ভাৰত চৰকাৰৰ সৈতে যোগাযোগ কৰিছে । ইতিমধ্যে গঙ্গোত্ৰী ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়াসকলক সেনালৈ ভূমি হস্তান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে ।

লগতে পঢ়ক :Gurbani From Sri Darbar Sahib : শ্ৰীদৰবাৰ চাহিব গুৰুবাণী সম্প্ৰচাৰ সন্দৰ্ভত পঞ্জাব চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.