ETV Bharat / bharat

এতিয়াৰে পৰা হোৱাটছএপৰ জৰিয়তে বুক কৰিব পাৰিব টীকাকৰণৰ এপইণ্টমেণ্ট

author img

By

Published : Aug 24, 2021, 3:14 PM IST

ক'ভিড-১৯ৰ প্ৰতিষেধক(Covid-19 Vaccine) গ্ৰহণৰ বাবে নাম পঞ্জীয়ন কৰাত, টীকাকৰণ কেন্দ্ৰ(Vaccination centre) বাছনি কৰাত আপোনাৰো বাৰু অসুবিধা হৈছে নেকি ? এতিয়া আৰু চিন্তা নাই, হোৱাটছএপ(WhatsApp)ৰ জৰিয়তে নিকটতম টীকাকৰণ কেন্দ্ৰ বিচাৰি উলিয়াব পৰা যাব আৰু ঘৰত বহিয়েই আপুনি নাম পঞ্জীয়ন কৰিব পাৰিব ।

Users can now book vaccination appointments on WhatsApp
এতিয়াৰে পৰা হোৱাটছএপৰ জৰিয়তে বুক কৰিব পাৰিব টীকাকৰণৰ এপইণ্টমেণ্ট

নেশ্যনেল ডেস্ক, ২৪ আগষ্ট: বৰ্তমান সমগ্ৰ দেশতে অব্যাহত আছে ক'ভিড-১৯ৰ টীকাকৰণ অভিযান । প্ৰতিষেধক গ্ৰহণৰ বাবে নাম পঞ্জীয়ন কৰাৰ সময়ত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয়, তাৰ বাবে হোৱাটছএপে(WhatsApp) আগবঢ়াইছে কেতবোৰ বিশেষ সুবিধা । মঙলবাৰে হোৱাটছএপ কৰ্তৃপক্ষই জনাইছে যে, মাইগভ কৰ'ণা হেল্পডেস্ক(MyGov Corona Helpdesk)ৰ জৰিয়তে হোৱাটছএপ ব্যৱহাৰকাৰীয়ে সহজেই নিকটতম টীকাকৰণ কেন্দ্ৰ বিচাৰি উলিয়াব পাৰিব আৰু ঘৰত বহিয়েই নাম পঞ্জীয়ন কৰিব পাৰিব । যোৱা ৫ আগষ্টত, মাইগভ(MyGov) আৰু হোৱাটছএপে(WhatsApp) ব্যৱহাৰকাৰীসকলৰ বাবে চেটবট(chatbot)ৰ পৰা ক'ভিড প্ৰতিষেধক গ্ৰহণৰ প্ৰমাণ পত্ৰ ডাউনলোড কৰাৰ সুবিধা প্ৰদান কৰিছিল ।

ইয়াৰ জৰিয়তে সমগ্ৰ দেশৰ ব্যৱহাৰকাৰীয়ে এতিয়ালৈকে ৩২ লাখতকৈও অধিক প্ৰমাণপত্ৰ ডাউনলোড কৰিছে । হোৱাটছএপে জনোৱা মতে, ২০২০ চনৰ মাৰ্চ মাহত মাইগভ কৰ'ণা হেল্পডেস্ক মুকলি হোৱাৰ পিছত মহামাৰীৰ সময়ত ক'ভিড-১৯ সম্পৰ্কীয় তথ্যৰ আটাইতকৈ প্ৰামাণিক উৎস হিচাপে পৰগণিত হৈছে । ভাৰতৰ ৪১ নিযুতৰো অধিক ব্যৱহাৰকাৰীৰ বাবে এই সংকটৰ বিৰুদ্ধে যুঁজ দিয়াত এক গুৰুত্বপূৰ্ণ সঁজুলি হিচাপে কাম কৰিছে । মাইগভৰ মুখ্য কাৰ্যবাহী বিষয়া অভিষেক সিঙে কয় যে, মাইগভ কৰ'ণা হেল্পডেস্ক হৈছে এক পথ প্ৰদৰ্শক প্ৰযুক্তিগত সমাধান, যি সমগ্ৰ দেশৰ লাখ লাখ নাগৰিকক লাভান্বিত কৰিছে ।

তেওঁ লগতে কয় যে, মাইগভ কৰ'ণা হেল্পডেস্কে নাগৰিকসকলক মহামাৰী সম্পৰ্কীয় তথ্য লাভত সহায় কৰাই নহয়, প্ৰতিষেধক গ্ৰহণৰ বাবে টীকাকৰণ কেন্দ্ৰ আৰু স্লট বিচাৰি উলিওৱাতো সহায় কৰিছে ।

লগতে টীকাকৰণৰ প্ৰমাণপত্ৰ ডাউনলোড কৰাতো সহায় কৰিছে । মাইগভ কৰ'ণা হেল্পডেস্কে ডিজিটেল অন্তৰ্ভুক্তি সক্ষম কৰি তুলিছে । হোৱাটছএপৰ ৰাজহুৱা নীতি সঞ্চালক শিৱনাথ থুকৰালে কয় যে, মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰে কৰা প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ ডিজিটেল প্লেটফৰ্ম হিচাপে হোৱাটছএপ প্ৰতিশ্ৰুতিবদ্ধ । মাইগভ কৰ'ণা হেল্পডেস্কৰ সৈতে যোগাযোগ কৰিবলৈ, নাগৰিকসকলে তেওঁলোকৰ ফোনত হোৱাটছএপ নম্বৰ +91 9013151515 ছেভ কৰিব লাগিব ।

তাৰ পিছত বুক স্লট টাইপ কৰি উক্ত নম্বৰলৈ প্ৰেৰণ কৰিব লাগিব । ইয়াৰ পাছত সংশ্লিষ্ট ম'বাইল ফোন নম্বৰত ৬টা অংকৰ ৱান টাইম পাছৱৰ্ড দৃশ্যমান হ'ব । এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত ব্যৱহাৰকাৰীসকলে পিনকোড আৰু ক'ভিড-১৯ৰ প্ৰতিষেধকৰ ওপৰত ভিত্তি কৰি এটা পছন্দৰ তাৰিখ আৰু স্থান বাছনি কৰিব পাৰিব ।

লগতে পঢ়ক:নৱীকৰণ কৰা হ'ল ত্ৰিপুৰা-বাংলাদেশ বিদ্যুৎ ৰপ্তানি চুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.