ETV Bharat / bharat

India US ministerial dialogue: ভাৰতত উপস্থিত আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেন

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 8:21 AM IST

Updated : Nov 10, 2023, 11:36 AM IST

ৰাষ্ট্ৰীয় ৰাজধানীত আজি অনুষ্ঠিত হ’ব ভাৰত-আমেৰিকাৰ ২+২ আন্তঃমন্ত্ৰী বৈঠক ৷ এই বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে । মধ্য প্ৰাচ্য অশান্ত হৈ থকাৰ সময়ত এই বৈছকে বিশেষ তাৎপৰ্য বহণ কৰিছে ৷

US Secretary of State Antony Blinken's visit to Delhi
ভাৰতত উপস্থিত আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেন

নেশ্যনেল ডেস্ক, 10 নৱেম্বৰ: শুকুৰবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত হ’ব ভাৰত-আমেৰিকাৰ ২+২ আন্তঃমন্ত্ৰী বৈঠক ৷ কূটনৈতিক আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ আলোচনাত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে দিল্লীত উপস্থিত হয় আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেন । মধ্যপ্ৰাচ্যত চলি থকা ইজৰাইল-হামাছ যুদ্ধৰ মাজতে ব্লিংকেনে দিল্লীত ভাৰতৰ সৈতে দ্বিপাক্ষিক বাৰ্ষিক মন্ত্ৰীত্বৰ আলোচনাত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছে ।

কূটনৈতিক সন্মিলনৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীত উপস্থিত হৈছে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিন । 2+2 আলোচনাত ভাৰতীয় পক্ষক প্ৰতিনিধিত্ব কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ।

ভাৰতে ব্লিংকেন আৰু তেওঁৰ দলটোক উষ্ম আদৰণি জনায় । ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে X ত এক পোষ্টযোগে কয় যে 5 ম ভাৰত-আমেৰিকা 2+2 মন্ত্ৰী আলোচনাৰ সহ-সভাপতি হিচাপে নতুন দিল্লীত উপস্থিত হোৱাৰ লগে লগে আমেৰিকাৰ বিদেশ মন্ত্ৰী @SecBlinken ক উষ্ম আদৰণি জনাইছো । বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰগৰাকীয়ে আৰু কয় যে ব্লিংকেনৰ এই ভ্ৰমণে ভাৰত-আমেৰিকাৰ সৰ্বাংগীন আন্তৰ্জাতিক কূটনৈতিক সম্পৰ্কক আৰু অধিক উন্নত কৰিব ।

  • A warm welcome to US Secretary of State @SecBlinken as he arrives in New Delhi to co-chair the 5th 🇮🇳-🇺🇸 2+2 Ministerial Dialogue.

    The visit will give further boost to 🇮🇳-🇺🇸 Comprehensive Global Strategic Partnership! pic.twitter.com/8zY3qCIeF6

    — Arindam Bagchi (@MEAIndia) November 9, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ কৰা প্ৰয়োজন যে, মধ্যপ্ৰাচ্যৰ পৰিস্থিতি বৰ্তমান জটিল ৷ মধ্যপ্ৰাচ্যত এতিয়ালৈকে ৰোধ কৰিব নোৱাৰা সংঘাতৰ পৰিপ্ৰেক্ষিতত দ্ৰুত পৰিৱৰ্তন ঘটি থকা শেহতীয়া আন্তঃৰাষ্ট্ৰীয় দৃশ্যপটৰ এক তাৎপৰ্যপূৰ্ণ সময়ত ভাৰত-আমেৰিকা 2+2 মন্ত্ৰীৰ বৈঠকখন অনুষ্ঠিত হৈছে । দিল্লীত অনুষ্ঠিত হোৱা এই বৈঠকে আমেৰিকা-ভাৰতৰ সম্বন্ধ সন্দৰ্ভত এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে ৷ ইয়াৰ লগতে, ইজৰাইল-হামাছ যুদ্ধ সন্দৰ্ভত এই বৈঠকত ভাৰতীয় পক্ষই উচ্চস্বৰে আৰু স্পষ্টকৈ বাৰ্তা প্ৰেৰণ কৰিব বুলি সম্ভাৱনা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: LTTE trying to regroup: পুনৰুত্থানৰ বাবে কুচকাৱাজ চলাইছে এল টি টি ইয়ে !

Last Updated : Nov 10, 2023, 11:36 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.