ETV Bharat / bharat

ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা; অভিষেকৰ লাইভ টেলিকাষ্ট প্ৰত্যক্ষ কৰিব পাৰিব কাৰাবন্দীসকলেও

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 9:51 AM IST

Ram Mandir Pran Pratistha : অযোধ্যাত ৰাম লাল্লাৰ অভিষেকৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে । প্ৰতিজন ৰামভক্তই এই বিশেষ মুহূৰ্তৰ সাক্ষী হ’ব বিচাৰে ৷ সেয়ে কাৰাগাৰত কাৰাবন্দীসকলৰ বাবে এটা ডাঙৰ এল ই ডি স্ক্ৰীণ স্থাপন কৰিছে ৷ যাৰ জৰিয়তে বন্দীসকলে অনুষ্ঠানৰ লাইভ টেলিকাষ্ট চাব পাৰে ।

UP Jail Pran Pratistha Broadcast
ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা

নেশ্যনেল ডেস্ক, ৫ জানুৱাৰী : সম্পূৰ্ণ ৰীতি-নীতি অনুসৰি ২২ জানুৱাৰীত অযোধ্যাত পবিত্ৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব ৷ টিভি আৰু অন্যান্য ছ’চিয়েল মিডিয়াৰ জৰিয়তে দেশ আৰু বিশ্বৰ প্ৰতিজন ৰামভক্তই এই বিশেষ মুহূৰ্তৰ সাক্ষী হ’ব । সেই হেতুকে উত্তৰ প্ৰদেশৰ কাৰাগাৰত বন্দী হৈ থকা কয়দীসকলৰ বাবে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে জেল কৰ্তৃপক্ষই ৷

দেশবাসীৰ লগতে কয়দীসকলেও যাতে এই বৃহৎ অনুষ্ঠানৰ সাক্ষী হ’ব পাৰে তাৰ বাবে এই অনুষ্ঠানটোৰ সম্পূৰ্ণ দৃশ্যাংশ টিভিত পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে প্ৰদৰ্শন কৰা হ’ব । উত্তৰ প্ৰদেশৰ সকলো কাৰাগাৰতে এই ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে । কাৰাগাৰ মন্ত্ৰীয়ে সকলো কাৰাগাৰ প্ৰশাসনলৈ এই নিৰ্দেশ জাৰি কৰিছে । আনকি জেলত LED স্ক্ৰীণ স্থাপনৰ নিৰ্দেশনাও দিয়া হৈছে ।

কাৰাগাৰ মন্ত্ৰীৰ কিছু পদক্ষেপ :

উত্তৰ প্ৰদেশৰ সকলো কাৰাগাৰৰ বন্দীসকলক সংস্কাৰ কৰি আধ্যাত্মিকতাৰ দিশে লৈ যোৱাৰ বাবে কাৰাগাৰ মন্ত্ৰী ধৰ্মবীৰ প্ৰজাপতিয়ে ইতিমধ্যে বহু পদক্ষেপ গ্ৰহণ কৰিছে । অন্যান্য কামসমূহৰ লগতে তেওঁ কাৰাবন্দীসকলে যাতে ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সকলো দৃশ্যাংশ স্বচক্ষে প্ৰত্যক্ষ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷

শেহতীয়াকৈ কাৰাগাৰত মন্ত্ৰীগৰাকীয়ে পুৱাৰ ভাগত গায়ত্ৰী মন্ত্ৰ আৰু মহামৃত্যুঞ্জয় মন্ত্ৰৰ জপ কৰিবলৈ নিৰ্দেশ দিছিল মন্ত্ৰী ধৰ্মবীৰ প্ৰজাপতিয়ে ।

কাৰাবন্দীসকলে টিভিত চাব প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠান :

কেৱল এয়াই নহয়, মন্ত্ৰীগৰাকীয়ে কাৰাবন্দীসকলক হনুমান চালিছা আৰু সুন্দৰকাণ্ড কিতাপ বিতৰণ কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ কৈছিল যে কাৰাগাৰত থকা কয়দীসকলে অহৰহ হনুমান চালিছা আৰু সুন্দৰকাণ্ডৰ কিতাপৰ দাবী জনাইছে । এই কাৰণতে গীতা প্ৰেছ গোৰখপুৰৰ পৰাও সুন্দৰকাণ্ড আৰু হনুমান চলিছাৰ ৫০ হাজাৰকৈ কপি অৰ্ডাৰ কৰা হৈছিল । শীঘ্ৰে সকলো কাৰাগাৰত এইবোৰ বিতৰণ কৰা হ’ব ।

এতিয়া মন্ত্ৰীগৰাকীয়ে কৈছে যে ২২ জানুৱাৰী কেৱল দেশৰ বাবেই নহয় বিশ্বৰ বাবেও এক ডাঙৰ দিন । প্ৰধানমন্ত্ৰী মোদীকে ধৰি ভাৰত আৰু বিদেশৰ শতাধিক ৰামভক্তই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব । সেয়ে সেই বিশেষ অনুষ্ঠানৰ সাক্ষ্য হ’বলৈ কাৰাবন্দীসকলৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে মন্ত্ৰী প্ৰজাপতিয়ে ।

লগতে পঢ়ক : ৰাম মন্দিৰৰ মূল দ্বাৰত স্থাপন কৰা হনুমান আৰু গৰুড়ৰ প্ৰতিমূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.