ETV Bharat / bharat

কৃষি আইনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত আবেদন কৃষক ইউনিয়নৰ

author img

By

Published : Dec 11, 2020, 9:33 PM IST

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা ৩ খন কৃষি আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনালে ভাৰতীয় কৃষক ইউনিয়নে । ইউনিয়নে দাবী কৰা মতে, এই আইনকেইখনৰ বাবে ক'ৰ্প'ৰেটৰ লালসাত কৃষক শোষিত হ'ব ।

কৃষি আইনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত আবেদন কৃষক ইউনিয়নৰ
কৃষি আইনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত আবেদন কৃষক ইউনিয়নৰ

নেশ্যনেল ডেস্ক, ১১ ডিচেম্বৰ : ভাৰতীয় কিষাণ ইউনিয়নে ৩ খনকৈ কৃষি আইনৰ বিৰোধিতা কৰি অৱশেষত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল । ফাৰ্মাৰ্ছ এগ্ৰীমেণ্ট অন প্ৰাইচ এছুৰেন্স এণ্ড ফাৰ্ম চাৰ্ভিচ এক্ট ২০২০, ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ এক্ট ২০২০ আৰু এছেন্সিয়েল ক'ম'ডিটিজ এক্টক প্ৰত্যাহ্বান জনাইছে কৃষক সমাজে । কৃষি আইনৰ বিৰুদ্ধে সৰ্বোচ্চ আদালতত পূৰ্বে দাখিল কৰা কেইবাখনো আবেদনৰ ওপৰত হস্তক্ষেপ আবেদন জনাইছে ভাৰতীয় কিষাণ ইউনিয়নে ।

এই আবেদনখনত কোৱা হৈছে যে, কৃষি আইনে কৃষি উৎপাদিত সামগ্ৰীৰ জধে-মধে মূল্য বৃদ্ধি কৰা আৰু ব্যৱসায়ীকৰণৰ বাট প্ৰশস্ত কৰিব । আবেদনখনৰ জৰিয়তে এই সন্দৰ্ভত হস্তক্ষেপ কৰাৰ অনুমতি বিচৰা হৈছে । অধিবক্তা এ পি সিঙৰ দ্বাৰা জনোৱা এই আবেদনত উল্লেখ কৰা হৈছে যে, আইনখনৰ বিষয়ে পৰ্যাপ্ত চিন্তা-চৰ্চা নকৰাকৈয়ে প্ৰণয়ন কৰি দিয়া হৈছে । কৃষি ক্ষেত্ৰৰ দুৰ্বলতাবোৰ কৃষকৰ বিমুদ্ৰাকৰণৰ মাধ্যমেৰে আঁতৰাব পৰা নাযায় ।

ইয়াত কোৱা হৈছে যে, বিভিন্ন কৃষক গোটে প্ৰতিনিধি প্ৰেৰণ কৰাৰ পিছতো চৰকাৰে কৃষকৰ দাবী মানি লোৱাত আপত্তি দৰ্শাই আছে । এ পিএম চি প্ৰণালী, এম এছ পি প্ৰণালী আৰু বিত্তীয় ব্যৱস্থাক শক্তিশালী কৰা প্ৰয়োজন বুলি আবেদনখনত পৰামৰ্শ আগবঢ়োৱা হৈছে । উচ্চতম ন্যায়ালয়ত পূৰ্বৰে পৰা কৃষি আইনৰ বিৰুদ্ধে আবেদন দাখিল কৰা হৈছে । শীৰ্ষ আদালতে যোৱা ১২ অক্টোবৰত কেন্দ্ৰলৈ জাননী জাৰি কৰি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচাৰে ।

লগতে পঢ়ক:জে পি নাড্ডা কনভয় আক্ৰমণক লৈ কটাক্ষ সাংসদ মহুৱা মৈত্ৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.