ETV Bharat / bharat

Union Budget 2023: বাজেট দাখিলৰ প্ৰাকমুহূৰ্তত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ বিত্তমন্ত্ৰীৰ

author img

By

Published : Feb 1, 2023, 9:51 AM IST

Updated : Feb 1, 2023, 9:58 AM IST

Union Budget 2023: FM Nirmala Sitharaman reaches Rashtrapati Bhavan to call on President Murmu
দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

বাজেট দাখিলৰ পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ (FM Nirmala Sitharaman reaches Rashtrapati Bhavan) ৷ বুধবাৰে পুৱা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাতৰ বাবে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হয় কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী ৷

নেশ্যনেল ডেস্ক, 1 ফেব্ৰুৱাৰী: বাজেট দাখিলৰ প্ৰাক মুহূৰ্তত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ (Sitharaman arrives Rashtrapati Bhavan) ৷ বুধবাৰে পুৱা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাতৰ বাবে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ (President Murmu) ৷

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ বিত্তমন্ত্ৰীৰ
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ বিত্তমন্ত্ৰীৰ

পুৱা ১১ বজাত বিত্তমন্ত্ৰী গৰাকীয়ে সংসদত কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব (Union budget 2023) ৷ তাৰ পূৰ্বে কেন্দ্ৰীয় কেবিনেটত অংশগ্ৰহণ কৰিব সীতাৰমণে ৷ এইখন হ’ব বিত্ত মন্ত্ৰীৰূপে সীতাৰমণৰ পঞ্চমখন বাজেট ৷

২০২৩-২৪ বিত্তীয় বৰ্ষৰ এই কেন্দ্ৰীয় বাজেটৰ বাবে সমগ্ৰ দেশৰ লগতে বিশ্বই বাট চাই আছে ৷ সমগ্ৰ বিশ্বই এতিয়া বিত্তীয় সংকটৰ সন্মুখীন হ’ব লগীয়া হৈছে । বিশ্বই বিত্তীয় অৱগমনৰ সন্মুখীন হোৱা সময়ত সীতাৰমণৰ এই ২০২৩-২৪ বৰ্ষৰ বিত্তীয় বাজেটে বিশেষভাৱে গুৰুত্ব লাভ কৰিছে ৷

লগতে পঢ়ক: Union Budget 2023: কেইমুহূৰ্তমানৰ পাছতে সদনত দাখিল হ’ব মোদী চৰকাৰৰ অন্তিমখন বিত্তীয় বাজেট

Last Updated :Feb 1, 2023, 9:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.