ETV Bharat / bharat

Two judges elevated as CJ of HC: দুই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি

author img

By

Published : Oct 11, 2022, 2:21 PM IST

কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ (Chief Justice of the Karnataka High Court) হিচাপে নিযুক্তি বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰসন্ন বি ভাৰালেক । ইপিনে, ন্যায়াধীশ এ এম মাগ্ৰেক (Justice AM Magrey) বোম্বাই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে ।

Two judges elevated as CJ of HC: দুই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি
Two judges elevated as CJ of HC: দুই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি

নেশ্য়নেল ডেস্ক, ১১ অক্টোবৰ: বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰসন্ন বি ভাৰালেক (Justice P B Varale) মঙলবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ (Chief Justice of Karnataka High Court) হিচাপে নিযুক্তি দিয়া হৈছে । আনহাতে, জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ (Jammu and Kashmir HS) ন্যায়াধীশ এ এম মাগ্ৰেক (Justice AM Magrey)বোম্বাই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয় । উল্লেখ্য় যে জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ পংকজ মিঠালক (Justice Pankaj Mithal) একে ক্ষমতাৰে ৰাজস্থান উচ্চ ন্যায়ালয়লৈ (Rajasthan High Court) বদলি কৰা হৈছে ।

ভাৰতৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিতৰ (Chief Justice of India U U Lalit) নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে (Supreme Court Collegium) ইয়াৰ ৩০ ছেপ্টেম্বৰৰ বৈঠকত ন্যায়াধীশ ভাৰালেৰ উন্নীতকৰণৰ পৰামৰ্শ আগবঢ়ায় । আনহাতে, কেন্দ্ৰই বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰসন্ন বি ভাৰালেক কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে উন্নীত কৰাৰ বাবে এখন জাননী জাৰি কৰিছে বুলি কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় ।

ইপিনে, মঙলবাৰে পুৱা কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে টুইট (Union Law minister Kiren Rijiju tweeted)কৰি কয়, "সাংবিধানিক ব্যৱস্থা অনুসৰি, ন্যায়াধীশ পংকজ মিঠালক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ৰাজস্থানলৈ বদলি কৰা হয় । ন্যায়াধীশ পিবি ভাৰালেক কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ এ এম মাগ্ৰেক জে এণ্ড লাডাখ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয় ।" তেওঁ টুইটত পুনৰ কয়,"মই তেওঁলোক সকলোকে শুভেচ্ছা জনাইছো।"

১৯৬২ চনৰ ২৩ জুনত নিপানীত জন্মগ্ৰহণ কৰা ন্যায়াধীশ ভাৰালে ড৹বাবাচাহেব আম্বেদকাৰ মাৰাঠা বিশ্ববিদ্যালয়ৰ (Dr Babasaheb Ambedkar Maratha University) পৰা কলা আৰু আইনত স্নাতক ডিগ্ৰী লাভ কৰিছিল । তেওঁ ১৯৮৫ চনৰ ১২ আগষ্টত অধিবক্তা হিচাপে সেৱা আৰম্ভ কৰে । তেওঁ চেম্বাৰ অৱ এডভোকেট এছ এন লোয়াত যোগদান কৰি অসামৰিক আৰু ফৌজদাৰী আইনৰ সেৱা আগবঢ়ায় । ন্যায়াধীশ ভাৰালে ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈ ঔৰংগবাদৰ আম্বেদকাৰ আইন মহাবিদ্যালয়ৰ প্ৰবক্তাও আছিল ।

লগতে পঢ়ক:Indu-Bangla Trade relations: বাংলাদেশৰে বাণিজ্যিক সম্পৰ্ক উন্নিত কৰিবলৈ কেন্দ্ৰলৈ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ আৰ্জি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.