মুম্বাই বিমানবন্দৰত জব্দ ২৫ কোটি টকাৰ হেৰ'ইন

author img

By

Published : Sep 22, 2021, 11:44 AM IST

Mumbai airport

২৫ কোটি টকাৰ হেৰ'ইন কঢ়িয়াই অনা দুগৰাকী বিদেশী মহিলা আটক ৷ মহিলা দুগৰাকীক আৰক্ষীয়ে আটক কৰে মুম্বাই বিমানবন্দৰত ৷

নেশ্যনেল ডেস্ক, ২২ ছেপ্টেম্বৰ : সমগ্ৰ দেশতে অব্যাহত আছে ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ । দুষ্টচক্ৰই বিদেশৰ পৰা ভাৰতলৈ নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ অব্যাহত ৰাখিছে । শেহতীয়াকৈ মুম্বাই বিমানবন্দৰত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰ'ইন (heroin) ।

মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ (Mumbai International airport) শুল্ক বিভাগে দুগৰাকী বিদেশী মহিলাৰ পৰা জব্দ কৰে পাঁচ কিল’গ্ৰাম হেৰ'ইন । শুল্ক বিভাগৰ (customs department) বিষয়াৰ মতে হেৰ'ইনখিনি বেগত লুকুৱাই আনিছিল মহিলা দুগৰাকীয়ে ৷ যাৰ মূল্য প্ৰায় ২৫ কোটি টকা ৷

ঘটনাত জড়িত মহিলা দুগৰাকীক চলোৱা জেৰাৰ অন্তত স্বীকাৰ কৰা মতে, তেওঁলোক জোহান্সবাৰ্গৰ পৰা আহি ডোহা হৈ মুম্বাইত প্ৰৱেশ কৰিছিল ।

সৰবৰাহকাৰী মহিলা দুগৰাকীক আদালতত হাজিৰ কৰোৱাৰ অন্তত আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ (judicial custody) প্ৰেৰণ কৰে । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : আৰক্ষীৰ অভিযানৰ খবৰ লাভ কৰি পলাতক দালাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.