ETV Bharat / bharat

H3n2 influenza virus: ভাৰতত H3N2 ভাইৰাছৰ ফলত দুজনৰ মৃত্যু, এই ১০টা লক্ষণ দেখা দিলেই হওক সাৱধান

author img

By

Published : Mar 10, 2023, 5:27 PM IST

H3N2 ইনফ্লুৱেঞ্জা ভাইৰাছৰ প্ৰভাৱ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । স্বাস্থ্য বিষয়াসকলে দাবী কৰিছে যে ভাৰতত এই ভাইৰাছত দুজন লোকৰ মৃত্যু হৈছে । জানো আহক কি হয় H3N2 ভাইৰাছ তথা ইয়াৰ লক্ষণসমূহ...

Two deaths due to H3N2 virus in India keep an eye on these 10 symptoms
ভাৰতত H3N2 ভাইৰাছৰ ফলত দুজনৰ মৃত্যু, এই ১০টা লক্ষণ দেখা দিলেই হওক সাৱধান

ভাৰতত H3N2 ভাইৰাছে বিধ্বংসী ৰূপ ধাৰণ কৰিছে, যাৰবাবে কৰ্ণাটক আৰু হাৰিয়ানাত ইতিমধ্যে দুজন লোকে নিজৰ প্ৰাণ হেৰুৱাইছে । প্ৰতিবেদন অনুসৰি বৰ্তমান দেশত ৯০ জনতকৈ অধিক লোক এই ফ্লুত আক্ৰান্ত হৈছে । H3N2 ইনফ্লুৱেঞ্জাৰ বাবে দেশত ইয়াৰ পূৰ্বেও সংক্ৰমণ বিয়পি পৰিছে । বতৰৰ পৰিৱৰ্তনৰ বাবেও মানুহৰ ফ্লুৰ দৰে লক্ষণ দেখা দিয়ে(H3n2 influenza virus)। এনে পৰিস্থিতিত H3N2 ভাইৰাছৰ লক্ষণ কি কি সেয়া বুজাটো গুৰুত্বপূৰ্ণ । আহকচোন জানো H3N2 ইনফ্লুৱেঞ্জাৰ বিষয়ে ।

H3N2 ভাইৰাছ কি?

ই এটা ইনফ্লুৱেঞ্জা ভাইৰাছ, যাৰ ফলত শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ হয়(What causes H3N2 virus?)। এই ভাইৰাছে চৰাই আৰু জীৱ-জন্তুকো আক্ৰান্ত কৰিব পাৰে । চৰাই আৰু অন্যান্য প্ৰাণীত বহুতো ষ্ট্ৰেইনৰ সৃষ্টি হৈছে(H3N2 signs and symptoms)। H3N2 ভাইৰাছ হৈছে ইনফ্লুৱেঞ্জা-এ ভাইৰাছৰ এটা উপপ্ৰকাৰ । WHO আৰু US CDC ৰ তথ্য অনুসৰি ই মানুহৰ ইনফ্লুৱেঞ্জাৰ প্ৰধান কাৰণ(difference between H1N1 and H3N2)।

H3N2 ভাইৰাছৰ লক্ষণসমূহ কি কি ?

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, পক্ষী, গাহৰি আৰু অন্যান্য জুনোটিক ইনফ্লুৱেঞ্জাৰ সংক্ৰমণে মানুহৰ ওপৰৰ শ্বাস-প্ৰশ্বাসজনিত মৃদুৰ পৰা গুৰুতৰ সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে । ই মৃদু চৰ্দি, জ্বৰৰ পৰা আৰম্ভ কৰি তীব্ৰ নিউমোনিয়া, তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত অসুবিধা চিনড্ৰম, শ্বক আনকি মৃত্যুলৈকে হ’ব পাৰে । H3N2 ৰ কিছুমান সাধাৰণ লক্ষণ হ’ল-

  • কঁপনি থকা
  • কাহ
  • জ্বৰ
  • বমি বমি ভাব
  • বমি হোৱা
  • ডিঙি বিষ
  • মাংসপেশী আৰু শৰীৰৰ বিষ
  • কিছুমান ক্ষেত্ৰত ডায়েৰিয়া হয়
  • নাক বৈ যোৱা আৰু হাঁচি অহা

যদি কোনো ব্যক্তিৰ উশাহ-নিশাহ লোৱাত অসুবিধা হয়, বুকুৰ বিষ বা অস্বস্তি অনুভৱ হয়,তেন্তে খাদ্য খোৱাৰ সময়ত জ্বৰ বা ডিঙিৰ বিষ হয়, তেন্তে চিকিৎসকৰ ওচৰলৈ যোৱাটো প্ৰয়োজনীয় যাতে সঠিক চিকিৎসা গ্ৰহণ কৰিব পৰা যায় ।

H3N2 ভাইৰাছ কেনেকৈ বিয়পে ?

H3N2 ইনফ্লুৱেঞ্জা হৈছে এক অতি সংক্ৰামক ভাইৰাছ যি মুখ বা নাকৰ পৰা টোপাল টোপালৰ যোগেদি মানুহৰ পৰা আন এজনলৈ বিয়পি পৰে । আমি হাঁচি, কাহ, আনকি কথা কওঁতে ওলোৱা টোপালবোৰে আশে-পাশে থকা মানুহবোৰক সংক্ৰমিত কৰিব পাৰে । সংক্ৰমিত পৃষ্ঠ স্পৰ্শ কৰি তাৰ পিছত একে হাতেৰে মুখ বা নাক স্পৰ্শ কৰিলেও সংক্ৰমণ হ’ব পাৰে । গৰ্ভৱতী মহিলা, সৰু ল’ৰা-ছোৱালী, বৃদ্ধ আৰু যিসকল ইতিমধ্যে গুৰুতৰ ৰোগত ভুগি আছে, এই ভাইৰাছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি পায় ।

লগতে পঢ়ক: Chair Exercises: চকীৰ সৈতে মাত্ৰ ১০ মিনিট কৰক এই ব্যায়াম, হাতে হাতে পাওক পৰিণাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.