ETV Bharat / bharat

শ্বাসৰুদ্ধ হৈ দুই শিশুৰ কৰুণ মৃত্যু, অচেতন অৱস্থাত উদ্ধাৰ মাতৃ

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 2:07 PM IST

Two children die in bizarre accident : ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ কোঠাৰ ভিতৰত জ্বলাইছিল অঙঠা ৷ দুটা শিশুৰ মৃত্যু, অচেতন মাতৃ ৷ পঢ়ক সবিশেষ ...

Brazier accident two children died
শ্বাসৰুদ্ধ হৈ দুই শিশুৰ কৰুণ মৃত্যু, অচেতন অৱস্থাত উদ্ধাৰ মাতৃ

নেশ্য়নেল ডেস্ক, 18 জানুৱাৰী : দেশৰ ভিন্ন প্ৰান্তত ঠেঁটুৱৈ লগা শীত ৷ শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ লোকসকলে ভিন্ন পন্থা হাতত লৈছে ৷ ইয়াৰ ভিতৰতে আমি সঘনাই ঘৰৰ ভিতৰত অঙঠা জ্বলাই কোঠাটো গৰম কৰি শোৱাৰ উদাহৰণ সকলোৰে পৰিচিত ৷ কিন্তু এই বাতৰিয়ে আপোনাৰো গা কঁপাই তুলিব ৷

শীত নিবাৰণৰ বাবে ব্যৱহাৰ হোৱা অঙঠাই প্ৰাণ ল’লে দুই কণমানিৰ, অচেতন অৱস্থাত উদ্ধাৰ মাতৃ ৷ উত্তৰ প্ৰদেশৰ গাঘা আৰক্ষী থানা অঞ্চলৰ চকমালি ওৰফে বিথুৱা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ মাতৃয়ে ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ কোঠাৰ ভিতৰত অঙঠা জ্বলাই থৈছিল ৷ কিন্তু তাৰ পিচতে অঙঠাৰ পৰা নিৰ্গত হোৱা গেছৰ দ্বাৰা শ্বাসৰুদ্ধ হোৱাৰ ফলত দুয়োটা শিশুৰ মৃত্যু হয় ৷ তাৰ পিচতে মাতৃকো অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় ৷

বৃহস্পতিবাৰে পুৱা মহিলাগৰাকীয়ে ঘৰৰ দুৱাৰ নোখোলাত চুবুৰীয়া লোকৰ সন্দেহ উপজে ৷ তেতিয়াই চুবুৰীয়াই ঘৰৰ দুৱাৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে ৷ লগে লগে চুবুৰীয়াই মহিলাগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰাৰ লগতে দুই সন্তানক মৃত অৱস্থাত উদ্ধাৰ কৰে ৷ ততাতৈয়াকৈ স্থানীয় লোকে মহিলাগৰাকীক বৰহলগঞ্জ চহৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰায় । চিকিৎসকে কোৱা অনুসৰি, শিশু দুটাৰ মৃত্যু শ্বাসৰুদ্ধ হোৱাৰ বাবে হৈছিল ৷

দক্ষিণৰ আৰক্ষী অধীক্ষক, জীতেন্দ্ৰ কুমাৰে কয় যে, ৰাধিকাই তেওঁৰ দুই সন্তান অংশ (5) আৰু অংশিকা (3)ৰ সৈতে গাঘা আৰক্ষী থানা অঞ্চলৰ চকমালী ওৰফে বিঠুৱা গাঁৱত বাস কৰে । তেওঁৰ স্বামী দিলীপ নিশাদ ডুবাইত বাস কৰে ।

এই ঘটনাৰ খবৰ পোৱাৰ পিচতে দিলীপে বুধবাৰে নিশা ডুবাইৰ পৰা ঘৰত উপস্থিত হৈছিল । দিলীপৰ দুগৰাকী ভাতৃ আছে যদিও তেওঁলোকে অলপ দূৰত বাস কৰে । মৃত শিশু দুটাৰ বৃহস্পতিবাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব । সম্প্ৰতি ৰাধিকাৰ স্বাস্থ্য পূৰ্বতকৈ কিছু উন্নত হৈছে ।

লগতে পঢ়ক: শ্বাসৰুদ্ধ হৈ স্বামী-স্ত্ৰীৰ মৃত্যু, কি হৈছিল নিশা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.