ETV Bharat / bharat

CAA বাতিলৰ দাবীত আগৰতলাত টি এছ এফৰ প্ৰতিবাদী কাৰ্যসূচী

author img

By

Published : Aug 17, 2022, 2:19 PM IST

ত্ৰিপুৰাত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে খিলঞ্জীয়া লোকসকলক সাংবিধানিক সুৰক্ষা প্ৰদান আৰু আন্ত:ৰাজ্য়িক পাৰপত্ৰৰ দাবীত প্ৰতিবাদ । প্ৰতিবাদ সাব্যস্ত কৰে টুইপ্ৰা ষ্টুডেণ্টছ ফেডাৰেচনে(Twipra Students Federation)।

Twipra Students Federation
আগৰতলাত টুইপ্ৰা ষ্টুডেণ্টছ ফেডাৰেচৰ প্ৰতিবাদী কাৰ্যসূচী

আগৰতলা, ১৭ আগষ্ট: দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । ইয়াৰ মাজতে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা আৰু আন্ত:ৰাজ্য়িক পাৰপত্ৰ প্ৰদানকে ধৰি সাতটা দাবীৰ সমৰ্থনত টুইপ্ৰা ষ্টুডেণ্টছ ফেডাৰেচনে(Twipra Students Federation)বুধবাৰে আগৰতলাৰ বিবেকানন্দ ময়দানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । উত্তৰ-পূব ছাত্ৰ সংগঠনৰ (NESO)অংশীদাৰ এই ছাত্ৰ সংগঠনটোৱে উক্ত প্ৰতিবাদী কাৰ্যসূচীৰে ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলক এক সাংবিধানিক সুৰক্ষা প্ৰদান কৰাৰ দাবী জনায় । এই প্ৰতিবাদী কাৰ্যসূচী হৈছে উত্তৰ-পূব ছাত্ৰ সংগঠনৰ পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচীৰ অংশ ।

এই সন্দৰ্ভত টিএছএফৰ সভাপতি বিশ্ব কুমাৰ দেববৰ্মাই কয় যে যোৱা ৩ আগষ্টত নেছোৰ গুৱাহাটীত এখন কাৰ্যবাহী পৰিষদৰ বৈঠক অনুষ্ঠিত হৈছিল । উক্ত বৈঠকত অঞ্চলটোৰ সকলো ৰাজ্যতে নাগৰিকত্ব সংশোধনী আইন (CAA)বাতিল কৰাৰ দাবীত উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ সকলো জিলা সদৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা,ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলক সাংবিধানিক সুৰক্ষা প্ৰদানৰ লগতে অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ আৰু আন্ত:ৰাজ্য়িক পাৰপত্ৰৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা বুলি তেওঁ কয় ।

টিএছএফৰ সভাপতি বিশ্ব কুমাৰ দেববৰ্মাই লগতে কয় যে টিএছএফে খিলঞ্জীয়া লোকসকলৰ নিবনুৱা সমস্যা সমাধানৰ বাবেও দাবী উত্থাপন কৰিছে । তদুপৰি টিএছএফে ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদত চিকিৎসা মহাবিদ্যালয়,কাৰিকৰী মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপন আৰু সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন(Armed Force Special Powers Act)সম্পূৰ্ণৰূপে বাতিল কৰাৰ দাবী জনোৱা বুলিও তেওঁ কয় ।

লগতে পঢ়ক:কলকাতাত হ'ব ৰসগোল্লা হাব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.