ETV Bharat / bharat

ত্ৰিপুৰালৈ বিশ্ব স্বাস্থ্য সংস্থাৰ চিকিৎসা সামগ্ৰী

author img

By

Published : May 27, 2021, 6:03 PM IST

ত্ৰিপুৰাই বুধবাৰে বিশ্ব স্বাস্থ্য সংস্থাই পঠিওৱা ১০০ টা অক্সিজেন কনচেনট্ৰটৰৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ টা অক্সিজেন কনচেনট্ৰেটৰ, ৩৬,০০০ ভিটিএম আৰু ২০ টা ভেণ্টিলেটৰ লাভ কৰে ।

Tripura received medical equipments
ত্ৰিপুৰালৈ বিশ্ব স্বাস্থ্য সংস্থাৰ চিকিৎসা সামগ্ৰী

নেশ্যনেল ডেস্ক,২৭ মে': ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থা আৰু কেন্দ্ৰীয় চৰকাৰে ত্ৰিপুৰালৈ বিভিন্ন ধৰণৰ চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰিছে । ৰাজ্যখনে বুধবাৰে বিশ্ব স্বাস্থ্য সংস্থাই পঠিওৱা ১০০ টা অক্সিজেন কনচেনট্ৰেটৰৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ টা অক্সিজেন কনচেনট্ৰেটৰ, ৩৬,০০০ ভিটিএম আৰু ২০ টা ভেণ্টিলেটৰ লাভ কৰে ।

Tripura received medical equipments
ত্ৰিপুৰালৈ বিশ্ব স্বাস্থ্য সংস্থাৰ চিকিৎসা সামগ্ৰী

ইয়াৰ পাচতে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কেন্দ্ৰীয় চৰকাৰ লগতে বিশ্ব স্বাস্থ্য সংস্থাক তেওঁলোকৰ এই পদক্ষেপৰ বাবে ধন্যবাদ জনায় । এই পদক্ষেপে ৰাজ্যখনক ক'ভিড পৰিস্থিতিৰ সৈতে যুঁজিবলৈ সহায় কৰিব বুলিও তেওঁৰ ফেচবুকযোগে এটা পোষ্ট শ্বেয়াৰ কৰে ।

এমবিবি বিমানবন্দৰ কতৃপক্ষই টুইটাৰযোগে উল্লেখ কৰা মতে, এখন বায়ু সেৱাৰ বিমানে অসমৰ যোৰহাটৰ পৰা ৫০ ৰো অধিক অক্সিজেন কনচেনট্ৰেটৰ,১৪ টা ভেণ্টিলেটৰ, পিপিই কিট,৭০ টা পৰীক্ষা কিট আৰু অন্যান্য চিকিৎসা সামগ্ৰী লৈ বিমানবন্দৰত উপস্থিত হৈছে ।

লগতে পঢ়ক:পলাতক হীৰা মেহুল চোকচিক ডমিনিকাত আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.