ETV Bharat / bharat

শেহতীয়া হিংসাত্মক ঘটনা সন্দৰ্ভত বিধানসভাত তথ্য প্ৰকাশ বিপ্লৱ কুমাৰ দেৱৰ

author img

By

Published : Sep 25, 2021, 12:25 PM IST

অশুভ শক্তিক কঠোৰ হাতেৰে দমন কৰাৰ সকীয়নি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ । ৰাজ্যখনত সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত শৰৎকালীন বিধানসভা অধিৱেশনত তথ্য প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Tripura CM places data on recent violence
হিংসাত্মক ঘটনা সন্দৰ্ভত বিধানসভাত তথ্য প্ৰকাশ কৰিলে বিপ্লৱ কুমাৰ দেৱে

নেশ্যনেল ডেস্ক, ২৫ ছেপ্টেম্বৰ : ৰাজ্যত অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰিব বিচৰাসকললৈ সকীয়নি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ । ৰাজ্যখনৰ শান্তি বিঘ্নিত কৰাৰ বাবে চেষ্টা কৰি থকা অশুভ শক্তিৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ সতৰ্ক কৰি দিয়ে ।

চলিত মাহৰ আৰম্ভণিতে ৰাজ্যখনত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ প্ৰসংগত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয় যে, আৰক্ষীয়ে সকলো গোচৰৰ তদন্ত অব্যাহত ৰাখিছে আৰু তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । ত্ৰিপুৰা বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনটোত এই বিষয়ে তথ্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

তেওঁ কয় যে, শেহতীয়াকৈ, ৰাজ্যখনৰ ৬ খন জিলাত ৰাজনৈতিক হিংসা সম্পৰ্কীয় কেইবাটাও ঘটনা সংঘটিত হৈছে । ৰাজ্যখনৰ বিভিন্ন আৰক্ষী থানাত মুঠ ৪২টা গোচৰ ৰুজু কৰা হৈছে । চিপিআইএম দলে ২৫ খন এজাহাৰ দাখিল কৰিছিল । বিজেপিয়ে সাতখন এজাহাৰ দাখিল কৰিছিল আৰু আঠটা গোচৰ নিজাববীয়াকৈ লোৱা হৈছে আৰু বাকী দুটা গোচৰ দুটা সংবাদ প্ৰতিষ্ঠানৰ সম্পাদকে দাখিল কৰিছিল ।

মুঠ ৰুজু হোৱা ৪২টা গোচৰৰ ভিচৰত ৪১টা গোচৰৰ তদন্ত আৰক্ষীয়ে চলাই আছে আৰু আন এটা গোচৰৰ তদন্তৰ দায়িত্ব অপৰাধ শাখাক অৰ্পণ কৰা হৈছে । হিংসাত্মক ঘটনা সন্দৰ্ভত এতিয়ালৈকে প্ৰায় ১৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৯৫ জন লোকলৈ জাননী প্ৰেৰণ কৰা হৈছে ।

তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ মন্তব্য কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সন্দেহ প্ৰকাশ কৰে যে, ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হোৱা দেখি একাংশ অপশক্তিয়ে ৰাজ্যখনত অশান্ত পৰিস্থিতি সৃষ্টি কৰিবলৈ উঠি-পৰি লাগিছে । লগতে তেওঁ ত্ৰিপুৰাৰ ভাৱমূৰ্তি বিনষ্ট নকৰিবলৈ সকলোকে আহ্বান জনায় ।

লগতে পঢ়ক: ক'ভিড গৱেষণাৰ বাবে ভিয়েটনামী প্ৰতিষ্ঠানৰে বুজাবুজি চুক্তি ভাৰতীয় সংস্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.