Blood Donation Camp in Tripura: ত্ৰিপুৰাত ৰক্তদান শিবিৰৰ পৰাই সংগ্ৰহ ৯৬ শতাংশ তেজ

Blood Donation Camp in Tripura: ত্ৰিপুৰাত ৰক্তদান শিবিৰৰ পৰাই সংগ্ৰহ ৯৬ শতাংশ তেজ
ত্ৰিপুৰাত ৰক্তদান শিবিৰৰ পৰাই ৯৬ শতাংশ তেজ সংগ্ৰহ বুলি মন্তব্য় কৰিছে মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই(Tripura CM Dr Manik Saha)। আগিয়ে চলো সংঘৰ উদ্য়োগত আয়োজিত ৰক্তদান শিবিৰ উদ্বোধন কৰি এইদৰে কয় ।
আগৰতলা, আগষ্ট: 'ৰক্তদানৰ দৰে একোৱেই মহৎ হ'ব নোৱাৰে । যুৱক-যুৱতীসকলে ৰক্তদানত অধিক স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহিব লাগে ।' এই মন্তব্য় ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাৰ(Tripura cm Dr Manik Saha)। আগিয়ে চলো সংঘৰ উদ্য়োগত আয়োজিত ৰক্তদান শিবিৰ উদ্বোধন কৰি তেওঁ এইদৰে কয় ।
দেওবাৰে মুখ্যমন্ত্ৰী ডাঃ সাহাই ৰক্তদান কাৰ্যসূচী উদ্বোধন কৰি এইদৰে মন্তব্য় কৰি কয় যে ত্ৰিপুৰাত দীৰ্ঘদিন ধৰি ৰক্তদান শিবিৰ চলি আছে(Agiye Chalo Sangha organised blood donation camp)। বিভিন্ন ক্লাব, ব্যক্তিগত সংগঠন, সামাজিক সংগঠনে ৰক্তদান কৰি আহিছে । তথাপি তেজৰ অহৰহ প্ৰয়োজন হৈ আছে । কেতিয়াবা ৰক্ত বেংকত তেজৰ অভাৱ হোৱাৰ কথা উল্লেখ কৰি কয়, 'তেজ সংগ্ৰহৰ বাবে আমি চিন্তা কৰিব লাগিব ।'
ৰাজ্যখনত আয়োজন কৰা স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ পৰা প্ৰায় ৯৬ শতাংশ তেজ সংগ্ৰহ কৰা বুলি কয় মুখ্যমন্ত্ৰী ডাঃ সাহাই । মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে ৰক্ত বেংকত তেজৰ অভাৱ পূৰণ কৰিবলৈ ৰক্ত বেংকলৈ আহি বা ৰক্তদান শিবিৰত উপস্থিত হৈ মানুহে তেওঁলোকৰ সামাজিক কৰ্তব্য পালন কৰি আছে । সেইবাবে বিভিন্ন সংগঠনে ৰক্তদান শিবিৰৰো আয়োজন কৰে ।
ৰক্তদান শিবিৰ আয়োজন কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয়, 'এনে পদক্ষেপে সমাজক অধিক অনুপ্ৰাণিত কৰে।' আনহাতে, উক্ত ৰক্তদান কাৰ্যসূচীত বিশেষ অতিথিৰূপে ভাষণ প্ৰদান কৰে ইন্দিৰা গান্ধী মেম’ৰিয়েল হস্পিতাল ৰোগী কল্যাণ সমিতিৰ (Indira Gandhi Memorial Hospital Rogi Kalyan Samiti)অধ্যক্ষ তথা বিধায়ক ড০ দিলীপ কুমাৰ দাসে (MLA Dr Dilip Kumar Das)।
লগতে পঢ়ক:Ayush Building Complex: নৱী মুম্বাইত আয়ুষ ভৱন কমপ্লেক্স উদ্বোধন সোণোৱালৰ
