থানালৈ আহি অসুস্থ হৈ পৰিল তৃণমূল কংগ্ৰেছৰ নেতা কুনাল ঘোষ

author img

By

Published : Sep 22, 2021, 12:20 PM IST

ত্ৰিপুৰাৰ নিউ কেপিটেল কমপ্লেক্স আৰক্ষী থানাত উপস্থিত তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ কুনাল ঘোষ । থানাত আহি পোৱাৰ পাছতে হঠাৎ অসুস্থ নেতাগৰাকী । কিহৰ অপৰাধৰ বাবে আৰক্ষীয়ে নেতাগৰাকীক থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল ?

আগৰতলা, ২২ ছেপ্টেম্বৰ : হঠাৎ অসুস্থ তৃণমূল কংগ্ৰেছৰ (Trinamool Congress) ৰাষ্ট্ৰীয় মুখপাত্ৰ কুনাল ঘোষ । আগৰতলাৰ নিউ কেপিটেল কমপ্লেক্স আৰক্ষী থানাত ত্ৰিপুৰা আৰক্ষীয়ে সোধা-পোছা কৰাৰ সময়তে অসুস্থ হৈ পৰে নেতাগৰাকী । উন্নত চিকিৎসাৰ বাবে নেতাগৰাকীক আগৰতলাৰ আইএলএছ চিকিৎসালয় (ILS Hospital) লৈ প্ৰেৰণ কৰা হৈছে ।

খোৱাই আৰক্ষীয়ে ৬ গৰাকী টিএমচি নেতাক এক গোচৰ সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছিল । তেওঁলোকক থানাত হাজিৰ হ'বলৈ কোৱা হৈছিল । তাৰ ভিতৰত কুনাল ঘোষ (Kunal Ghosh) অন্যতম । তেওঁৰ বিৰুদ্ধে আৰম্ভ হোৱা আইনী প্ৰক্ৰিয়াত সহযোগিতা কৰিবলৈ তেওঁ সোমবাৰে নিশা আগৰতলাত উপস্থিত হৈছিল ।

দীঘলীয়া পথ অতিক্ৰম কৰি খোৱাইলৈ যোৱাৰ পৰিৱৰ্তে তেওঁক নিউ কেপিটেল কমপ্লেক্স আৰক্ষী চকীত হাজিৰ হ'বলৈ কোৱা হৈছিল । কুনাল ঘোষ আৰক্ষীৰ সন্মুখত হাজিৰ হয় আৰু তাৰ পাছতে জেৰা আৰম্ভ হয় । কিন্তু জেৰাৰ মাজতে অসুস্থ হৈ পৰে নেতাগৰাকী ।

আৰক্ষীৰ মতে, তেওঁৰ দীৰ্ঘদিন ধৰি স্বাস্থ্যজনিত জটিলতাত ভূগি আছে । মধুমেহ আৰু ৰক্তচাপজনিত বিসংগতি আছিল তেওঁৰ শৰীৰত । তেওঁৰ শৰীৰত শৰ্কৰা আৰু ৰক্তচাপ দুয়োটা হঠাতে হ্ৰাস পাইছিল যাৰ ফলত তেওঁৰ অসুস্থ হৈ পৰিছিল । চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছতে কেইবাটাও পৰীক্ষা কৰা হৈছে । বৰ্তমান তেওঁ হাস্পতালতে আছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, ত্ৰিপুৰা আৰক্ষীয়ে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীকে ধৰি পাঁচগৰাকী তৃণমূল কংগ্ৰেছ (TMC) নেতাক জাননী প্ৰদান কৰিছিল । পশ্চিম ত্ৰিপুৰাৰ এখন আৰক্ষী থানাত হুলস্থুল সৃষ্টি কৰাৰ অভিযোগত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল । অভিষেক বেনাৰ্জীৰ উপৰিও অভিযুক্ত নেতাসকলৰ ভিতৰত সাংসদ ডোলা সেন, প্ৰাক্তন সাংসদ কুনাল ঘোষ, পশ্চিমবংগৰ শিক্ষামন্ত্ৰী ব্ৰত্য বসু আৰু ৰাজ্যিক নেতা সুবল ভৌমিকো আছে ।

লগতে পঢ়ক: ভাৰতীয় নৌ সেনাই আয়োজন কৰিব নাও খেল আৰু পেৰেড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.