ভাৰতীয় নৌ সেনাই আয়োজন কৰিব নাও খেল আৰু পেৰেড

author img

By

Published : Sep 22, 2021, 10:19 AM IST

sailing sports

'আজাদী কা অমৃত মহোৎসৱ'ৰ লগতে সংগতি ৰাখি ভাৰতীয় নৌ সেনাই নাও খেল আৰু পেৰেডৰ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে । নৌ সেনাৰ বহু নাও, চেইলিং ডিংগি আদিয়ে অংশ ল'ব এই কাৰ্যসূচীত ।

নেশ্যনেল ডেস্ক, ২২ ছেপ্টেম্বৰ : ভাৰতীয় নৌ সেনাই ইণ্ডিয়ান নেভেল চেইলিং এছ'চিয়েচনৰ (Indian Naval Sailing Association) সহযোগত এক বিশেষ পৰিকল্পনা হাতত লৈছে । চেইলিং নাও আৰু ডিংগিৰ (dingies) দ্বাৰা এক পেৰেড আয়োজন কৰিব নৌ সেনাই । নৌ সেনাৰ তিনিওটা কমাণ্ডৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা হ'ব এই বিশেষ পেৰেডৰ ।

ইতিমধ্যে এই বিষয়ে মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে । স্থানীয় লোকসকলৰ মাজত নৌ চালনা ক্ৰীড়াক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে 'আজাদী কা অমৃত মহোৎসৱ'ৰ (Azadi ka Amrit Mahotsav) অধীনত এই কাৰ্যসূচী আয়োজনৰ পৰিকল্পনা কৰা হৈছে । প্ৰথম অনুষ্ঠানটো ২৩ ছেপ্তেম্বৰত ভাৰতীয় নৌ সেনাৰ জল প্ৰশিক্ষণ কেন্দ্ৰ কোচিৰ এৰ্নাকুলাম চেনেলত আয়োজন হোৱাৰ কথা আছে ।

অনুষ্ঠানটোৰ সময়ত মুঠ ৭৫ গৰাকী নৌ সেনাই অংশগ্ৰহণ কৰিব আৰু তেওঁলোকে নাও চলোৱাৰ দক্ষতা (য়াটিং) প্ৰদৰ্শন কৰিব । প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে অনুষ্ঠানটোৰ মুখ্য অতিথি হ'ব ফ্লেগ অফিচাৰ কমাণ্ডিং ইন চীফ চাউদাৰ্ণ নেভেল কমাণ্ড (Chief Southern Naval Command) ।

জানিব পৰা মতে, ভাৰতীয় নৌ-মহাসাগৰৰ জাহাজ (Indian Naval Ocean Sailing Vessels), চেইলিং নাও (sailing boats) আৰু চেইলিং ডিংগিসমূহে চেইলিং ৰেগাটা আৰু পেৰেডত অংশগ্ৰহণ কৰিব । ইফালে মুম্বাই আৰু বিশাখাপট্টনমত এই অনুষ্ঠান অক্টোবৰ আৰু নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক : জম্মু-কাশ্মীৰত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত; প্ৰাণ হেৰুৱালে দুজন পাইলটে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.