ETV Bharat / bharat

Pawan Khera Slams Jaishankar : আপোনাৰ মগজু সংঘ পৰিয়ালক এৰি দিয়ক; জয়শংকৰক কটাক্ষ কংগ্ৰেছৰ

author img

By

Published : Jun 9, 2023, 2:58 PM IST

Pawan Khera Slams Jaishankar
Pawan Khera Slams Jaishankar

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে শেহতীয়াভাৱে বিদেশ ভ্ৰমণ কৰা ৱায়ানাডৰ প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কৰা আক্ৰমণৰ পিছতে কংগ্ৰেছ নেতা পৱন খেৰাই তেওঁৰ ওপৰত তীক্ষ্ণ মন্তব্য কৰে (Pawan Khera snide remarks on Jaishankar) ।

নিউজ ডেস্ক, ৯ জুন : ৰাহুল গান্ধীয়ে বিদেশ ভ্ৰমণৰ সময়ত দেশক সমালোচনা কৰাটো এক প্ৰকাৰ অভ্যাসত পৰিণত হোৱা বুলি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে (External Affairs Minister S Jaishankar) কৰা মন্তব্যত উভতি ধৰিছে কংগ্ৰেছ দলে (congress slams S Jaishankar over Rahul Gandhi) । কংগ্ৰেছৰ মিডিয়া বিভাগৰ মুৰব্বী পৱন খেৰাই জয়শংকৰক তীব্ৰ সমালোচনা কৰি কয় যে তেৱোঁ সংঘ বিগ্ৰেডত ভৰ্তি হৈছে আৰু সংঘৰ কথা মতে আগবাঢ়ি নিজৰ মন-মগজু সংঘৰ হাতত এৰি দিছে (Pawan Khera snide remarks on Jaishankar) ।

খেৰাই লগতে কয়, তেওঁ আশা কৰিব যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হাথৰাছ (হাথৰাছ ধৰ্ষণৰ কথা উল্লেখ কৰি), লখিমপুৰ (লখিমপুৰৰ খেৰী ঘটনাৰ কথা উল্লেখ কৰি), কৃষকৰ প্ৰতিবাদ, মল্লযোদ্ধাসকলৰ প্ৰতিবাদ আৰু মণিপুৰকে (আইন-শৃংখলা ভংগ) ধৰি অন্যান্য বাতৰিবোৰ সমগ্ৰ বিশ্বত বিয়পি পৰাত বাধা দিবলৈ সক্ষম হ'ব (S Jaishankar remarks on Rahul Gandhi) ।

"মই আশাকৰোঁ জয়শংকৰে হাথৰাছ, লখিমপুৰ, কৃষকৰ প্ৰতিবাদ, মল্লযোদ্ধাৰ প্ৰতিবাদ, কাঠুৱা, উন্নাও, অংকিতা ভাণ্ডাৰী, মণিপুৰ আদিৰ বাতৰি সমগ্ৰ বিশ্বতে প্ৰচাৰ হোৱাটো বন্ধ কৰিবলৈ সক্ষম হ'ব । আৰু তেওঁ শিক্ষিত হ'বলৈ চেষ্টা কৰিব । সংঘ ব্ৰিগেডত যোগদান কৰাৰ পূৰ্ব চর্ত হৈছে আপোনাৰ মগজু তেওঁলোকৰ হাতত এৰি দিয়াটো ।" শুকুৰবাৰে জয়শংকৰৰ সংবাদমেলৰ এএনআইৰ ভিডিঅ' টেগ কৰি খেৰাই এনেদৰে টুইট কৰে ।

উল্লেখ্য, ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে কংগ্ৰেছৰ যোগাযোগ বিভাগৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণৰ সময়ত বাহিৰলৈ গৈ ৰাষ্ট্ৰীয় ৰাজনীতিৰ বিষয়ে আলোচনা কৰা সম্পৰ্কত জয়শংকৰক তীব্ৰ সমালোচনা কৰে (Jairam Ramesh slammed Jaishankar) । লগতে কয় যে এতিয়া জয়শংকৰে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে সেই কাম কৰিছে । "যিজন ব্যক্তিয়ে দেশৰ বাহিৰত গৈ ৰাষ্ট্ৰীয় ৰাজনীতিৰ বিষয়ে আলোচনা কৰাৰ প্ৰথা আৰম্ভ কৰিছিল, তেওঁ আপোনাক মন্ত্ৰীত্ব পদ প্ৰদান কৰা মানুহজনৰ বাহিৰে আন কোনো নহয় । আপুনি এইটো জানে, কিন্তু আপুনি ইয়াক স্বীকাৰ কৰিব নোৱাৰে ।" জয়ৰামে টুইটাৰত লিখিছে ।

উল্লেখ্য, বৃহস্পতিবাৰে জয়শংকৰে কৈছিল, "ৰাহুল গান্ধীয়ে যেতিয়াই দেশৰ বাহিৰলৈ যায় তেতিয়াই দেশক সমালোচনা কৰা আৰু আমাৰ ৰাজনীতিৰ ওপৰত মন্তব্য দিয়াৰ অভ্যাস আছে । বিশ্বই আমাৰ দিশে চাই আছে আৰু তেওঁলোকে কি দেখিছে ?" "নিৰ্বাচন অনুষ্ঠিত হয়, কেতিয়াবা এটা দল জিকে আৰু কেতিয়াবা অন্য সময়ত আন দল জয়ী হয় । যদি দেশত গণতন্ত্ৰ নাথাকে, তেন্তে এনে পৰিৱৰ্তন কেতিয়াও নাহে । সকলো নিৰ্বাচনৰ ফলাফল একে হ'ব লাগে । ২০২৪ কা ফলাফল তো ৱহি হোগা, হামে পাতা হে... তেওঁ দেশৰ ভিতৰত যি কৰে তাক লৈ মোৰ কোনো আপত্তি নাই । কিন্তু মই নাভাবোঁ যে ৰাষ্ট্ৰীয় ৰাজনীতিক দেশৰ বাহিৰলৈ লৈ যোৱাটো ৰাষ্ট্ৰীয় স্বাৰ্থত । জয়শংকৰে লগতে কয় ।

লগতে পঢ়ক :Lok Sabha Election 2024: দিল্লীত বিজেপিৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.