ETV Bharat / bharat

মিচাউং ঘূৰ্ণীবতাহ, ক্ষতিগ্ৰস্তলৈ এমাহৰ দৰমহা দান তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টালিনৰ

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 2:12 PM IST

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ ৰাজহুৱা সাহায্য পুঁজিলৈ তেওঁৰ এমাহৰ দৰমহা দান কৰে ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে সাংসদ আৰু বিধায়কসকলক তেওঁলোকৰ এমাহৰ দৰমহা এই পুঁজিত দান কৰিবলৈ আহ্বান জনায় (Michaung Cyclone) ৷

Michaung Cyclone Relief Effort
তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টালিনে মিচাউং ঘূৰ্ণীবতাহ সাহায্যৰ বাবে এমাহৰ দৰমহা দান কৰিছে

নেশ্যনেল ডেস্ক, 8 ডিচেম্বৰ : ঘূৰ্ণীবতাহ মিচাউঙে দাক্ষিণাত্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । সেয়ে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ ৰাজহুৱা সাহায্য পুঁজিলৈ তেওঁৰ এমাহৰ দৰমহা দান কৰে ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে সাংসদ আৰু বিধায়কসকলক তেওঁলোকৰ এমাহৰ দৰমহা এই পুঁজিত দান কৰিবলৈ আহ্বান জনায় ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে এক বিবৃতিযোগে কয় যে- যোৱা 47 বছৰত ৰাজ্যখনৰ ইতিহাসত চেন্নাই আৰু ইয়াৰ চুবুৰীয়া জিলাসমূহত 2 ৰ পৰা 8 ডিচেম্বৰৰ ভিতৰত মুষলধাৰ বৰষুণে ভয়ংকৰ ৰূপ লৈছে ৷ এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত এক কোটিৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে । এয়া কেৱল চেন্নাই নহয় সমগ্ৰ ৰাজ্যৰ বাবে এক ভয়ংকৰ দুৰ্যোগ ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰিছিল যে সকলো চৰকাৰী বিভাগক যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সাজু ৰখা হৈছে ৷ সকলো লোকৰ সুৰক্ষাৰ বাবে সম্পূৰ্ণ ব্যৱস্থা হাতত লোৱা হৈছে ৷ এই দুৰ্যোগৰ পৰিস্থিতিত সকলো লোকৰ পৰা সহযোগিতা বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ৰাজহুৱা সাহায্য পুঁজিলৈ দান কৰা সকলো লোকক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সমাজৰ প্ৰতিগৰাকী লোকে তেওঁলোকৰ সামৰ্থ অনুসাৰে চৰকাৰৰ এই প্ৰচেষ্টাত যিমান সম্ভৱ অৰিহণা যোগাব লাগে ।

টিভিএছ মটৰ কোম্পানীৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক বেণু শ্ৰীনিবাসনে মঙলবাৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 3 কোটি টকাৰ চেক প্ৰদান কৰে । বানপীড়িত অঞ্চলসমূহত সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে সহায় হোৱাকৈ সচিবালয়ত মুখ্যমন্ত্ৰীগৰাকীৰ হাতত এই চেক প্ৰদান কৰে ৷

ইফালে, ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য সামগ্ৰী প্ৰদান কৰিব বিচৰা বেচৰকাৰী সংগঠনসমূহৰ হকে এটা হোৱাটছএপ নম্বৰ 7397766651 ঘোষণা কৰিছে। ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ ৰাজ্য চৰকাৰে আইএএছ বিষয়াৰ এটা দলো গঠন কৰিছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : দাক্ষিণাত্যৰ উপকূলত মিচাউঙৰ ভয়ংকৰ প্ৰভাৱ, ২৯৭ মিমি পৰ্যন্ত বৃষ্টিপাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.