ETV Bharat / bharat

ভাৰত পালেহি তিনিখন ৰাফেল যুদ্ধ বিমান

author img

By

Published : May 29, 2021, 12:31 PM IST

Three Rafale fighter aircraft landed in India on Thursday
ভাৰত আহি পালে ৩ খন ৰাফেল যুদ্ধ বিমান

বৃহস্পতিবাৰে ফ্ৰান্সৰ পৰা ভাৰত পালেহি ৩ খন ৰাফেল যুদ্ধ বিমান । শীঘ্ৰে ভাৰতীয় বায়ুসেনাই পশ্চিমবংগৰ হাছিমাৰাত এই বিমানসমূহৰ দ্বিতীয় লানি স্কোৱাড্ৰণ উৰণ অভিযান আৰম্ভ কৰিব । ভাৰতীয় বায়ুসেনাৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে ।

নেশ্যনেল ডেস্ক,২৯ মে': অৱশেষত ভাৰত পালেহি ৩ খন ৰাফেল যুদ্ধ বিমান । ফ্ৰান্সৰ পৰা উৰণ আৰম্ভ কৰা বিমানকেইখনে বৃহস্পতিবাৰে ভাৰতত অৱতৰণ কৰে । ভাৰতীয় বায়ুসেনাৰ এক সূত্ৰই জনোৱা মতে, শীঘ্ৰে পশ্চিমবংগৰ হাছিমাৰাত ভাৰতীয় বায়ুসেনাই এই বিমানসমূহৰ দ্বিতীয় লানি স্কোৱাড্ৰণ উৰণ অভিযান আৰম্ভ কৰিব । ফ্ৰান্সৰ পৰা ষষ্ঠ পৰ্যায়ত এই যুঁজাৰু বিমানকেইখন প্ৰেৰণ কৰা হৈছে ।

উল্লেখ্য যে, যোৱা ২২ এপ্ৰিলত ফ্ৰান্সৰ মেৰিগনাক বিমানঘাটিৰ পৰা ৮,০০০ কিল’মিটাৰ দূৰত্ব অতিক্ৰম কৰি চাৰিখন ৰাফেল যুঁজাৰু বিমান লৈ পঞ্চম দলটো ভাৰতত উপস্থিত হৈছিল । ভাৰতে ২০১৬ চনৰ ছেপ্তেম্বৰ মাহত ফ্ৰান্সৰ পৰা ৩৬ খন ৰাফেল যুঁজাৰু বিমানৰ অৰ্ডাৰ দিছিল । ভাৰতীয় বায়ু সেনাই ফ্ৰান্সৰ পৰা বিচৰা বিমানৰ ভিতৰত বৰ্তমানলৈকে দুই-তৃতীয়াংশ লাভ কৰিছে । ভাৰতীয় বায়ু সেনাত ৰাফেলৰ সংযোজন ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সংযোজন বুলি বিবেচিত হৈছে ।

দুটা ইঞ্জিনযুক্ত ৰাফেল বিমানবোৰে স্থল আৰু সামুদ্ৰিক আক্ৰমণ, বায়ু প্ৰতিৰক্ষা আৰু পাৰমাণৱিক আক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে । হেমাৰ মিছাইলেৰে সু-সজ্জিত বিমানবোৰে বালাকোটৰ দৰে স্থানত আক্ৰমণ কৰাৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থ বৃদ্ধি কৰিছে ।

লগতে পঢ়ক: ত্ৰিপুৰাত ৫৭৯ কোটিৰ পুঁজি ঘোষণা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.