ETV Bharat / bharat

ত্ৰিপুৰাত তিনি দুৰ্ধৰ্ষ এন এল এফটি কেডাৰৰ আত্মসমৰ্পণ

author img

By

Published : May 14, 2021, 8:13 AM IST

NLFT extrimists
NLFT extrimists

নেশ্যনেল লিবাৰেশ্যন ফ্ৰন্ট অৱ ত্ৰিপুৰাৰ তিনি দুৰ্ধৰ্ষ কেডাৰৰ আত্ম সমৰ্পণ ৷ বৃহস্পতিবাৰে ত্ৰিপুৰা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে কেডাৰ তিনিজনে ৷ আত্মসমৰ্পণৰ সময়ত কেডাৰ তিনিজনে এটা পিস্তল, পাঁচ জাঁই সজীৱ গুলী আৰু এন এল এফ টি (বিএম) গোটৰ নাম সম্বলিত কেইখনমান ধনদাবী পত্ৰ জমা দিয়ে আৰক্ষীক ৷

ত্ৰিপুৰা, 14 মে’ : উগ্ৰপন্থী গোটক মূল সূঁতিলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত ত্ৰিপুৰা আৰক্ষীৰ বৃহৎ সফলতা ৷ নেশ্যনেল লিবাৰেশ্যন ফ্ৰন্ট অৱ ত্ৰিপুৰা চমুকৈ এন এল এফটি নামৰ উগ্ৰপন্থী সংগঠনটোৰ তিনিগৰাকী দুৰ্ধৰ্ষ কেডাৰে বৃহস্পতিবাৰে ত্ৰিপুৰা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৷ ত্ৰিপুৰাত বৰ্তমানেও সক্ৰিয় হৈ থকা উগ্ৰপন্থী গোট সমূহক দমনৰ বাবে চলোৱা নিৰলস প্ৰচেষ্টাৰ বাবেই এই সফলতা লাভ কৰা বুলি দাবী কৰিছে ত্ৰিপুৰা আৰক্ষীয়ে ৷

ত্ৰিপুৰা আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, আত্মসমৰ্পনকাৰী কেডাৰ তিনিগৰাকী এন এল এফ টিৰ বিশ্বমোহন দেববৰ্মা নেতৃত্বাধীন গোটৰ ৷ বাংলাদেশৰ পৰা পলাই আহি ত্ৰিপুৰাত আৰক্ষীৰ বিশেষ শাখাৰ মুখ্য কাৰ্যালয়ত আত্মসমৰ্পণ কৰা কেডাৰ কেইগৰাকী হৈছে ৰূপধন দেববাৰ্মা, আমুশ ত্ৰিপুৰা ওৰফে চেংখাৰি আৰু দিলীপ দেববাৰ্মা আকা মম্ফাল ৷ আত্মসমৰ্পণৰ সময়ত কেডাৰ তিনিজনে এটা পিস্তল, পাঁচ জাঁই সজীৱ গুলী আৰু এন এল এফ টি (বিএম) গোটৰ নাম সম্বলিত কেইখনমান ধনদাবী পত্ৰ আৰক্ষীক জমা দিয়ে ৷

ত্ৰিপুৰাৰ সীমান্ত অঞ্চলৰ পৰা ধন সংগ্ৰহৰ বাবে সংগঠনৰ পৰা নিয়োগ কৰা হৈছিল তিনিওকে ৷ এফালে তেওঁলোকৰ দলীয় মুৰব্বীয়ে বাংলাদেশ-ম্যানমাৰত বিলাসিতাপূৰ্ণ জীৱন অতিবাহিত কৰিছে ৷ আনফালে, ত্ৰিপুৰা আৰক্ষী আৰু ত্ৰিপুৰা ষ্টেষ্ট ৰাইফলছ তথা কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ উগ্ৰপন্থী বিৰোধী অভিযানত ব্যতিব্যস্ত হৈ পৰিছে কেডাৰ সকল ৷ জংঘলৰ কষ্টকৰ জীৱন আৰু তেওঁলোকৰ নেতাৰ অভব্য আচৰণত অতিষ্ঠ হৈ অৱশেষত আত্মসমৰ্পণ কৰে কেডাৰ তিনিজনে ৷

লগতে পঢ়ক : অসমৰ এখন অপৰাধমুক্ত গাঁও...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.