কিশোৰীক দলবদ্ধ ধৰ্ষণ: তিনি অভিযুক্তক গ্ৰেপ্তাৰ

author img

By

Published : Sep 29, 2022, 10:01 PM IST

three accused arrested for minor tribal girl gang rape

কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰি অন্তঃসত্বা কৰিলে তিনি যুৱকে (Gang rape in Simdega)৷ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বৃহস্পতিবাৰে তিনি যুৱকক গ্ৰেপ্তাৰ কৰে (Accused arrested for gang rape)৷

নেশ্যনেল ডেস্ক, 29 ছেপ্টেম্বৰ: ঝাৰখণ্ডৰ সিমডেগাত জঘন্য ঘটনা পোহৰলৈ আহিছে (Minor girl gang rape)৷ এগৰাকী কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰি অন্তঃসত্বা কৰিলে তিনি যুৱকে (Gang rape in Simdega)৷ ইয়াৰ পিছতে পোহৰলৈ আহিছে প্ৰকৃত তথ্য ৷

ঘটনা অনুসৰি এগৰাকী 14 বছৰীয়া এগৰাকী কিশোৰীক পেটৰ বিষত ভুগি থকাৰ বাবে সদৰ চিকিৎসালয়লৈ লৈ আহিছিল পিতৃ-মাতৃয়ে ৷ চিকিৎসকে পৰীক্ষা কৰাৰ পিছতে কিশোৰীগৰাকী অন্তঃসত্বা বুলি ঘৰৰ লোকক জানিবলৈ দিয়ে ৷ এই কথা পিতৃ-মাতৃৰ মূৰত সৰগ ভাগি পৰে ৷ লগে লগে কিশোৰীগৰাকীক এই দশা হোৱাৰ আঁৰৰ কথা সোধ-পোছ কৰে পিতৃ-মাতৃহালে ৷

তেতিয়া ভুক্তভোগী কিশোৰীগৰাকীয়ে কয় যে 5 জুন, 2022ত দুগৰাকী বান্ধৱীৰ সৈতে গৈ আছিল কিশোৰীগৰাকী ৷ তাৰ পিছতে দুই বান্ধৱীয়ে কিশোৰীগৰাকীক বলপূৰ্বকভাৱে এটা ঘৰৰ কোঠালৈ টানি লৈ গৈ কোঠাটোত থেলা মাৰি দুৱাৰখন বাহিৰৰ পৰা বন্ধ কৰি দিছিল ৷

ইয়াৰ পিছতে কিশোৰীগৰাকীয়ে পৰিস্থিতিৰ বুজ লয় মানে কোঠাটোকৈ তিনি যুৱকক পঠিয়াই দিছিল বান্ধৱী দুগৰাকীয়ে ৷ কিশোৰীগৰাকীয়ে বহুবাৰ কাকূতি মিনতি কৰাৰ পিছতো তিনি যুৱকে উপৰ্যুপৰি ধৰ্ষণ কৰে কিশোৰীগৰাকীক ৷ এই ঘটনাৰ পিছতে তিনি যুৱকসহ দুই বান্ধৱীয়ে ধৰ্ষণৰ বলি হোৱাৰ কথা আন লোকক কবলৈ বাধা দিয়ে ৷ অন্য লোকক এই জঘন্য ঘটনাৰ কথা ক’লে হত্যাৰ ভাবুকিও দিছিল বান্ধৱীগৰাকীয়ে৷ প্ৰাণৰ ভয়ত এই সমগ্ৰ ঘটনা লুকুৱাই ৰাখিছিল কিশোৰীগৰাকীয়ে ৷

লগে লগে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে তিনি পাষণ্ডৰ বিৰুদ্ধে কোলেবিৰা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে ৷ এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বৃহস্পতিবাৰে তিনি যুৱকক গ্ৰেপ্তাৰ কৰে (Accused arrested for gang rape)৷

চিমডেগাৰ আৰক্ষী অধীক্ষক সৌৰভে জনোৱা অনুসৰি যে ধৰ্ষণৰ তিনি অভিযুক্ত থেথাইটাংগাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৷ আটকাধীন অভিযুক্তকেইটা হ’ল অৱকাশ টেটে, লাতাপানীৰ বাসিন্দা অমন ডুংডুং আৰু বানছ বাহালৰ বাসিন্দা ৰোহিত কুল্লু ৷

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি তিনি অভিযুক্তই কোলেবিৰা ভুক্তভোগীৰ গাঁৱলৈ ফুৰিবলৈ অহাৰ কথা খবৰ পাই আৰক্ষীয়ে অভিযান চলাই তিনি লম্পটক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ এই ধৰ্ষণকাণ্ডৰ লগত জড়িত প্ৰতিটো অভিযুক্তক আটক কৰা হ’ব বুলি ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালটোক আৰক্ষীয়ে আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক: কুঠাৰেৰে ঘপিয়াই নৃশংসভাৱে হত্যা একেটা পৰিয়ালৰে চাৰিজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.