Diet for women: ৪০ৰ উৰ্ধৰ মহিলাসকলে মাৰাত্মক ৰোগৰ পৰা হাত সাৰিবলৈ কৰক এই কাম

author img

By

Published : Mar 14, 2023, 6:56 PM IST

These 4 things must be in the diet of women after 40, there will be no risk of diseases like arthritis and Alzheimer's

৪০ বছৰৰ পাচত মহিলাসকলে নিজৰ খাদ্যাভ্যাসৰ বিশেষ গুৰুত্ব দিয়াটো উচিত কাৰণ এই বয়সত শৰীৰত কেলচিয়ামৰ দৰে পুষ্টিকৰ উপাদানৰ অভাৱ হয় Bone density অৰ্থাৎ হাড়ৰ সৈতে জড়িত বিভিন্ন সমস্যা তথা এলঝেইমাৰৰ দৰে মাৰাত্মক ৰোগৰ আশংকা বৃদ্ধি পায় । গতিকে ইয়াৰ পৰা মুক্তি পাবলৈ আজিয়েই খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ সামগ্ৰী ৷

৪০ বছৰৰ পিছত মহিলাৰ বহু সমস্যা বাঢ়িবলৈ আৰম্ভ কৰে । শৰীৰ ৰজোনিবৃত্তিৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে কেলচিয়ামৰ অভাৱ হয়, হৃদযন্ত্ৰৰ কাৰ্যক্ষমতাত প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে । কেতিয়াবা হাড়ৰ সমস্যাৰ লগতে হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি পায় । কেৱল সেয়াই নহয়, কেতিয়াবা মহিলাৰ মানসিক স্বাস্থ্যও ইয়াৰ দ্বাৰা প্ৰভাৱিত হয় আৰু এলঝেইমাৰৰ দৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় । গতিকে, এনে পৰিস্থিতিত ৪০ বছৰৰ বয়সৰ লগে লগে খাদ্য তালিকাত অন্তৰ্ভুক্ত এইসমূহ সামগ্ৰী যাতে আপুনি এই সমস্যাবোৰৰ পৰা হাত সাৰিব পাৰে (What should women eat after age 40?)।

৪০ৰ উৰ্ধৰ মহিলাসকলে এই ৪টা বস্তু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে

১) ব্ৰেকফাষ্টত কণী গাখীৰ খাব

ব্ৰেকফাষ্টত গাখীৰৰ সৈতে মিহলি কণী খালে মহিলাৰ বহু সমস্যা হ্ৰাস পাব পাৰে (Egg with milk)। প্ৰথমে এই পদ্ধতিয়ে শৰীৰত কেলচিয়ামৰ পৰিমাণ বৃদ্ধি কৰে আৰু তাৰ পিছত হাড় মজবুত কৰাত সহায় কৰে (What do women need in their diet?)। ইয়াৰ উপৰিও এই কণীৰ সৈতে গাখীৰ খালে শৰীৰত প্ৰ’টিনৰ পৰিমাণ বৃদ্ধি পায় আৰু হৰম’নৰ স্বাস্থ্য উন্নত হয় ।

২) ভিটামিন D সমৃদ্ধ মাচৰুম খাব লাগে

৪০ বছৰৰ পিছত ভিটামিন D সমৃদ্ধ এইবোৰ বস্তু সেৱনে বাতবিষ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে । মাচৰুমত ভাল পৰিমাণৰ ভিটামিন D থাকে যিয়ে মগজুৰ ৰোগ যেনে এলঝেইমাৰ আৰু ডিমেনচিয়া হ্ৰাস কৰাত সহায় কৰে । ইয়াৰ লগতে হাড়বোৰো সুস্থ কৰি ৰখাটো ভিটামিন D সহায় কৰে । গতিকে, কাঠফুলাখিনি লাহে লাহে ভাজি তাৰ পিছত নিমখ আৰু ধনীয়া পাত দি খাব ।

৩) Omega 3 যুক্ত খাদ্য খাব লাগে

ওমেগা-৩ সমৃদ্ধ খাদ্য যেনে মাছ আৰু সূৰ্যমুখী বীজ সেৱন কৰিলে আপোনাৰ মগজুৰ কোষবোৰ উন্নত হয় আৰু ইয়াৰ কাৰ্যক্ষমতা বৃদ্ধি পায় । লগতে এইবোৰ খালে মগজু চোকা হৈ থাকে আৰু ডিমেনচিয়া আৰু এলঝেইমাৰৰ দৰে ৰোগ প্ৰতিৰোধ কৰে । ইয়াৰ লগতে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাতো Omega 3য়ে সহায় কৰে ।

৪) সেউজীয়া শাক-পাচলি সেৱন বৃদ্ধি কৰা

সেউজীয়া শাক-পাচলি সেৱন কৰিলে আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায়ক হয় । সেউজীয়া শাকত ভিটামিন K, ভিটামিন A আৰু ভিটামিন C প্ৰচুৰ পৰিমাণে পোৱা যায় । এই সকলোবোৰ কথাই আপোনাৰ হৃদযন্ত্ৰৰ কাম উন্নত কৰে আৰু লগতে পেটৰ কামো সঠিক কৰি ৰাখে । ইয়াৰ ফলত এচিডিটি আৰু পেট ফুলাৰ সমস্যা নহয় ।

লগতে পঢ়ক: Collagen deficiency skin: শৰীৰত এইসমূহ উপাদানৰ অভাৱ হ’লে বয়সৰ পূৰ্বে বৃদ্ধ দেখা যাব পাৰে আপোনাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.