Collagen deficiency skin: শৰীৰত এই সমূহ উপাদানৰ অভাৱ হ’লে বয়সৰ পূৰ্বে বৃদ্ধ দেখা যাব পাৰে আপোনাক

author img

By

Published : Mar 14, 2023, 2:59 PM IST

If there is deficiency in the body you will look older than your age follow these 4 tips for protection

কলাজেনৰ অভাৱত বয়সৰ পূৰ্বে বৃদ্ধ দেখাব পাৰে আপোনাক । এনে পৰিস্থিতিত এই টিপছসমূহ আপোনাৰ বাবে উপযোগী হ’ব পাৰে ।

শৰীৰত পোৱা কলাজেন নামৰ প্ৰ’টিনে হাড়ৰ ওপৰত আৱৰণ গঠন কৰি ছালখনক টোনিং কৰাত সহায় কৰে । কিন্তু, যদি আপোনাৰ মুখত এই কলাজেনৰ যদি অভাৱ হয় তেন্তে কি হ’ব (What does a lack of collagen do?)। তেতিয়া আপোনাৰ ছালখন টানি ধৰা যেন বা শুকান দেখা যাব(What causes loss of collagen in skin?)। ইয়াৰ বাহিৰেও কলাজেনৰ অভাৱত আপোনাৰ ছালত বলিৰেখা দেখা দিব পাৰে (Collagen deficiency skin)। এই অৱস্থাত প্ৰথমে মূৰত আৰু হাতৰ চাৰিওফালে বলিৰেখা দেখা দিব আৰু বয়সৰ আগতেই ছালখন নিস্তেজ দেখাবলৈ আৰম্ভ কৰিব । গতিকে, এনে পৰিস্থিতিত তলত উল্লেখিত এই টিপছসমূহ আপোনাৰ বাবে উপযোগী হ’ব পাৰে-

১) ভিটামিন C সমৃদ্ধ খাদ্য খাব লাগে

ভিটামিন C সমৃদ্ধ খাদ্যই মুখত কলাজেন বৃদ্ধি কৰাত সহায় কৰে(What makes you look older than your age?) । আচলতে ভিটামিন Cয়ে কলাজেন উৎপাদনত সহায় কৰে আৰু মুখৰ টেক্সচাৰ উন্নত কৰাত সহায় কৰে । ভিটামিন C মুখৰ কোষক সুস্থ কৰি তোলাত আৰু বলিৰেখা কমাবলৈ সহায় কৰে (Signs your body is aging faster than you are)।

২) এলোভেৰা জেল প্ৰয়োগ কৰিব লাগে

এলোভেৰা জেল প্ৰয়োগে কলাজেন বৃদ্ধি কৰাত সহায় কৰে । আচলতে এলোভেৰা জেলে মুখত হাইড্ৰেচন বৃদ্ধি কৰে, যিয়ে মুখৰ টেক্সচাৰ শুধৰাই দিয়ে আৰু শুকানতা হ্ৰাস কৰে । লগতে এলোভেৰা জেল প্ৰয়োগ কৰিলে মুখখন জিলিকি উঠে আৰু ইয়াৰ টেক্সচাৰ উন্নত হয়(What are the 4 possible causes of aging?)।

৩) প্ৰচুৰ পৰিমাণে পানী খাব লাগে

মুখমণ্ডলত হাইড্ৰেচন পুনৰুদ্ধাৰ কৰাৰ লগতে পানীয়ে ইয়াৰ টেক্সচাৰ শুধৰাই দিয়াত সহায় কৰে । ই বলিৰেখা কমোৱাত সহায় কৰে আৰু ছালৰ গ্লো বৃদ্ধি কৰে । ইয়াৰ লগতে সঠিক পৰিমাণৰ পানী খালে কলাজেনৰ অভাৱ নহয় আৰু লগতে শুকান হোৱা আদি সমস্যাও কমি যায় ।

৪) ফেচিয়েল মাছাজ কৰক

মুখৰ মালিচ বলিৰেখা কমোৱাৰ লগতে কলাজেন বৃদ্ধি কৰাত সহায়ক । লগতে মুখমণ্ডলত তেজ চলাচল কৰাত সহায় কৰে আৰু ইয়াক টোন কৰাত সহায় কৰে । ইয়াৰ উপৰিও ই ছালখনক উদ্দীপিত কৰে আৰু ইয়াৰ টেক্সচাৰ উন্নত কৰে ।

লগতে পঢ়ক: HBD Aamir Khan: ৫৮ বছৰ বয়সতো এনেদৰে নিজকে ফিট ৰাখিছে অভিনেতা আমিৰ খানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.