ETV Bharat / bharat

Next CJ of Gauhati High Court: সন্দীপ মেহতাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তিৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Feb 8, 2023, 10:33 PM IST

ৰাজস্থান উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ সন্দীপ মেহতাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তিৰ পৰামৰ্শ দেশৰ সৰ্বোচ্চ উচ্চতম ন্যায়ালয়ৰ ৷ উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে কেন্দ্ৰীয় চৰকাৰলৈ বিবেচনাৰ বাবে প্ৰেৰণ কৰিছে এই প্ৰস্তাৱ ৷ জ্যেষ্ঠতাৰ ভিত্তিত ন্যায়াধীশ মেহতাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱ লয় উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে(Next CJ of Gauhati High Court) ।

Next CJ of Gauhati High Court
সন্দীপ মেহতাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তিৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্ক, 9 ফেব্ৰুৱাৰী: দেশৰ সৰ্বোচ্চ উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে(The Supreme Court Collegium) ৰাজস্থান উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ সন্দীপ মেহতাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ দিছে । উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ধনঞ্জয়া ৱাই চন্দ্ৰচূড়কে ধৰি তিনিজন ন্যায়াধীশৰ কলেজিয়ামে বুধবাৰে এক নিৰ্দেশনা জাৰি কৰি এই পৰামৰ্শ আগবঢ়ায় ৷ উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে জাৰি কৰা এই নিৰ্দেশনাটোত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়াই(Chief Justice of Gauhati High Court) অৱসৰ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি তাত এজন মুখ্য ন্যায়াধীশ নিযুক্তি দিয়াৰ কথা উল্লেখ কৰা হয় ৷

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে নিৰ্দেশনাটোত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ন্যায়াধীশ হিচাপে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ সন্দীপ মেহতাক(Sandeep Mehta as the CJ of the Gauhati High Court) নিযুক্তি দিয়াৰ পৰামৰ্শ আগবঢ়ায় ৷ ন্যায়াধীশ সন্দীপ মেহতাক 2011 চনৰ 30 মে’ত ৰাজস্থান উচ্চ ন্যায়ালয়ত নিযুক্তি দিয়া হৈছিল আৰু 2025 চনৰ 10 জানুৱাৰীত তেওঁ অৱসৰ লোৱাৰ কথা আছে । দেশৰ উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশৰ পদত ৰাজস্থান উচ্চ ন্যায়ালয়ৰ পৰা কোনো প্ৰতিনিধি নাই । এনে পৰিস্থিতিত, জ্যেষ্ঠতাৰ ওপৰত ভিত্তি কৰি ন্যায়াধীশ মেহতাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱ লোৱা হয়(Next CJ of Gauhati High Court) ।

শেহতীয়াকৈ, কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ পৰামৰ্শ অনুসৰি ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পংকজ মিট্টালক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে । ন্যায়াধীশ মেহতাৰ(Senior Justice Sandeep Mehta) জন্ম 1963 চনৰ 11 জানুৱাৰীত ৰাজস্থানৰ যোধপুৰত হৈছিল । বিএছচি এলএলবি সম্পূৰ্ণ কৰাৰ পিছত তেওঁ 1986 চনৰ 8 আগষ্টত ৰাজস্থানৰ বাৰ কাউন্সিলত অধিবক্তা হিচাপে নামভৰ্তি কৰে । তেওঁ অপৰাধী আৰু সাংবিধানিক বিষয়ত এজন বিশেষজ্ঞ অধিবক্তা আছিল ।

ন্যায়াধীশ মেহতা 2003 চনৰ পৰা 2009 চনলৈ ৰাজস্থানৰ বাৰ কাউন্সিলৰ সদস্য আছিল ৷ তেওঁ 2009 ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু ইয়াৰ পাছত উপ-সভাপতি হিচাপে নিযুক্ত হৈছিল । 2010 চনত ন্যায়াধীশ মেহতা ৰাজস্থানৰ বাৰ কাউন্সিলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয় ৷ তেওঁ 2011 চনৰ 30 মে'ত যোধপুৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ।

লগতে পঢ়ক: Minority voters in Assam: অসমৰ বহু সমষ্টিত অস্বাভাৱিক হাৰত বৃদ্ধি সংখ্যালঘু ভোটাৰৰ হাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.