ETV Bharat / bharat

ক্ৰমাৎ নিম্নগামী হৈছে ৰাজধানী দিল্লীৰ তাপমাত্ৰা

author img

By

Published : Mar 2, 2021, 4:43 PM IST

মঙলবাৰে পুৱা সৰ্বনিম্ন 15.3 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা অনুভুত হয় ৰাজধানী দিল্লীত ৷ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি মঙলবাৰৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 29 ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা ৷ ইয়াৰ উপৰিও দিনৰ ভাগত প্ৰবল বতাহ বলাৰো সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে ৷

ক্ৰমাৎ নিম্নগামী হৈছে ৰাজধানী দিল্লীৰ তাপমাত্ৰা
ক্ৰমাৎ নিম্নগামী হৈছে ৰাজধানী দিল্লীৰ তাপমাত্ৰা

নিউজ ডেস্ক, 2 মাৰ্চঃ মঙলবাৰে পুৱা সৰ্বনিম্ন 15.3 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা অনুভুত হয় ৰাজধানী দিল্লীত ৷ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি মঙলবাৰৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 29 ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা ৷ ইয়াৰ উপৰিও দিনৰ ভাগত প্ৰবল বতাহ বলাৰো সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে ৷

ৰাষ্ট্ৰীয় ৰাজধানীত ইতিমধ্যে বায়ুৰ মানদণ্ড মধ্যম শ্ৰেণীত কৰা হৈছে ৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে জাৰি কৰা তথ্য অনুসৰি ৰাতিপুৱা 8.05বজাত বায়ুৰ মানদণ্ড সূচক (AOI) আছিল ১৭৫ ৷ উল্লেখ্য যে, শূন্য আৰু 50ৰ মাজৰ AOI ভাল, 51 আৰু 100 মাজত সন্তুষজনক, 101আৰু 200ৰ মাজত মজলীয়া 201 আৰু 300ৰ মাজৰ নিম্ন, 301 আৰু 400 ৰ মাজৰ অতি নিম্ন আৰু 401 আৰু 500ৰ মাজৰ শ্ৰেণীটো গুৰুত্বৰ বুলি ধাৰ্য কৰা হৈছে ৷

উল্লেখ্য যে, সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ তাপমাত্ৰা কিছু হ্ৰাস পাই ১১.৮ ডিগ্ৰী ছেলচিয়াছ হৈছিল গৈ ।

লগতে পঢ়কঃ বিশ্বত কিয় বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.